নগাঁওঃ সাতটাকৈ বসন্ত গৰকাৰ পাছত অৱশেষত চূড়ান্ত ৰায়ৰ দিশে আগবাঢ়িছে ৰাজ্য কপোৱা অভি নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰপ্ৰক্ৰিয়া। সমগ্ৰ অসমবাসীয়ে অভি নীল হত্যাকাণ্ডৰ দোষীৰ মৃত্যুদণ্ডৰ দৰে ৰায় দাবী কৰি অহাৰ সাত বছৰ পাছত এতিয়া ৰায়দানৰ বাবে সাজু হৈ আছে নগাঁও জিলা ও সত্ৰ ন্যায়ধীশ আদালত (Abhi Neel Murder Case)।
অৱশেষত ২০২৬ চনৰ ১৩ মাৰ্চ অৰ্থাৎ শুক্ৰবাৰে নগাঁও জিলা ও সত্ৰ ন্যায়ধীশ আদালতত অন্ত পৰে অভি নীল হত্যাকাণ্ডৰ গোচৰৰ শুনানি। শুক্ৰবাৰে নগাঁও আদালতে গ্ৰহণ কৰা অন্তিম শুনানিত ভুক্তভোগী পক্ষৰ হৈ পাব্লিক প্ৰচিকিউটৰ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰে চূড়ান্ত যুক্তি প্ৰদৰ্শন কৰে।
ইতিমধ্যেই অভিযুক্ত পক্ষৰ অধিবক্তাই যুক্তি দৰ্শোৱাৰ অন্তত শুক্ৰবাৰে চূড়ান্ত যুক্তি প্ৰদৰ্শন কৰে ভুক্তভোগী পক্ষৰ অধিবক্তাই। ভুক্তভোগী পক্ষৰ অধিবক্তাৰ যুক্তি প্ৰদৰ্শনৰ অন্তত গোচৰটোৰ ৰায়দানৰ বাবে অহা ৬ এপ্ৰিল তাৰিখ ধার্য্য কৰে নগাঁও জিলা ও সত্ৰ ন্যায়ধীশ আদালতে।
ভুক্তভোগী পক্ষৰ অধিবক্তাৰ ভাষ্য:
নিলোৎপল দাস আৰু অভিজিৎ নাথক হত্যা কৰা বুলি ইতিমধ্যেই সাক্ষীৰ ভাষ্য আৰু মৰুণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ ভিত্তিত প্ৰমাণিত হোৱা বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে ভুক্তভোগী পক্ষৰ অধিবক্তা জিয়াউল কামাৰে। অহা ৬ এপ্ৰিলত ৰায়দান কৰিব বুলিও জনায় অধিবক্তা জিয়াউল কামাৰে।
বিপক্ষৰ অধিবক্তাৰ ভাষ্য:
অভি নীল হত্যাকাণ্ডৰ গোচৰৰ অভিযুক্ত পক্ষৰ হৈ যুক্তি দৰ্শোৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা মানস শৰণীয়াই নিৰ্দোষী লোকে শাস্ত্ৰী পাব নালাগে বুলি উল্লেখ কৰি কয়, “মই বিপক্ষৰ অধিবক্তা হিচাপে আটিকেইজনৰ ৰেহাই হোৱাটোয়েই বিচাৰিম।”
নীল, অভিৰ পিতৃৰ ভাষ্য:
সাত বছৰীয়া বিচাৰপ্ৰক্ৰিয়াৰ শুনানিৰ অন্তিম দিনাও আদালতত উপস্থিত থাকি অভি নীলৰ দুই পিতৃ গোপাল চন্দ্ৰ দাস আৰু অজিত নাথে সংবাদ মাধ্যমৰ সন্মুখত কয়, “অভি নীলক হত্যাকৰাসকল মানুহৰূপী পশু। এইকেইটাই দৃষ্টান্তমূলক শাস্তি হোৱাটো বিচাৰো যাতে এনে ঘটনাৰ আৰু পুনৰাবৃত্তি নহয়।” নীল অভিৰ হত্যাকাণ্ডৰ দোষীৰ চূড়ান্ত শাস্তিৰ দাবীত অটল দুই দুৰ্ভগীয়া পিতৃ।
উল্লেখযোগ্য যে, ২০১৮ চনৰ ৮ জুনত সেউজীয়া কাৰ্বি ভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ যোৱা গুৱাহাটীৰ দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক মৰিয়াই মৰিয়াই হত্যা কৰিছিল এদল পাষণ্ডই। যি ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অসমতেই নহয় সাব্যস্ত হৈছিল প্ৰতিবাদ। গোচৰটোৰ ৪৮ গৰাকী অভিযুক্ত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল যদিও পৰৱৰ্তী সময়ত তিনি অভিযুক্তক জুৱেইনাল ঘোষণা কৰাত ৪৫ জনকৈ অভিযুক্তৰ বিৰুদ্ধে নগাঁও আদালতত চলি আছিল বিচাৰপ্ৰক্ৰিয়া।
লগতে পঢ়কঃ নীল অভিক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰা হৈছিল!
