Air Ambulance Crash in Jharkhand Kills Seven on Ranchi-Delhi Medical Flightঝাৰখণ্ডত দুৰ্ঘটনাত পতিত এয়াৰ এম্বুলেন্সঃ সাতজন নিহত

নিউজ ডেস্কঃ পুনৰ এক বিমান দুৰ্ঘটনা সংঘটিত হয় ভাৰতত। সোমবাৰে সন্ধিয়া ৰাঁচীৰ পৰা নতুন দিল্লীলৈ যাত্ৰা কৰা এখন এয়াৰ এম্বুলেন্স এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় (Air Ambulance Crash in Jharkhand)। ঝাৰখণ্ডৰ চাত্ৰা জিলাৰ বনাঞ্চলত বিমানখন দুৰ্ঘটনাগ্ৰস্তহৈ ভূ পতিত হয়।এই দুৰ্ঘটনাত বিমানখনত থকা সাতজন লোকৰ মৃত্যু হয় ।

কলৈ গৈছিল বিমানখনঃ

জানিব পৰামতে অগ্নিদগ্ধ এজন সংকটজনক লোকক বিমানখনে চিকিৎসাৰ বাবে ৰাচীৰ পৰা দিল্লীলৈ কঢ়িয়াই নিছিল। লোকজনৰ লগতে বিমানখনত চিকিৎসক, সহায়ক কৰ্মী আৰু দুজন পাইলট আছিল।

ঝাৰখণ্ডৰ চাত্ৰা জিলাৰ অন্তৰ্গত চিমাৰিয়া অঞ্চলত বিমানখন দুৰ্ঘটনাত পতিত হয়। বিষয়াসকলে নিশ্চিত কৰিছে যে দুৰ্ঘটনাত কোনো লোকেই বাচি থকা নাই। উল্লেখযোগ্য যে, এই এয়াৰ এম্বুলেন্সখন ৰেব্ৰিড এয়াৰৱেজ( Redbird Airways) ৰ দ্বাৰা পৰিচালিত বীক্ৰা ক্ৰাফট চি-৯০
(Beechcraft C90) বিমান। যাক ৰেব্ৰিড এয়াৰৱেজে পৰিচালনা কৰিছিল।

আঘাতপ্ৰাপ্ত ৰোগীজন কোনঃ

চিকিৎসালয়ৰ সূত্ৰে জানিব পৰামতে বিমানখনত থকা লোকজন গুৰুতৰভাৱে অগ্নিদগ্ধ আছিল। তেওঁক উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ প্ৰেৰণ কৰা হৈছিল। লোকজনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছিল। লোকজন চিকিৎসাধীন হৈ থকা চিকিৎসালয়খনৰ সূত্ৰ মতে অগ্নিদগ্ধ লোকজনৰ নাম সঞ্জয় কুমাৰ (৪১)। তেওঁ চাণ্ডৱা লেটেহাৰ জিলাৰ বাসিন্দা। যোৱা ১৬ ফেব্ৰুৱাৰীত লোকজনক ৬৫ শতাংশ অগ্নিদগ্ধ অৱস্থাত চিকিৎসালয়লৈ অনা হৈছিল। তেওঁ চিকিৎসালয়ত চিকিৎসাধীনহৈ আছিল।”
পিছত লোকজনৰ অৱস্থা সংকটজনক হোৱাত তেওঁক দিল্লীলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয়।এই সম্পৰ্কত সোমবাৰে এখন এয়াৰ এম্বুলেন্সৰ ব্যৱস্থা কৰা হয়। বিয়লি ৰোগীগৰাকী চিকিৎসালয়ৰ পৰা এয়াৰ এম্বুলেন্স উদ্দেশ্যে ৰাওনা হয়।

ঘটনা কেনেকৈ ঘটিলঃ

সন্ধিয়া ৰাচীৰ পৰা এয়াৰ এম্বুলেন্সখন উৰণ আৰম্ভ কৰে। উৰণ কৰাৰ কিছু সময় পিছতে ক্ৰু-সদস্যসকলে কলিকতাৰ এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লৰ সৈতে যোগাযোগ স্থাপন কৰে। বিমান চলাচল নিয়ন্ত্ৰক সংস্থাৰ তথ্য অনুসৰি, সন্ধ্যা প্ৰায় ৭:৩৪ বজাত বতৰৰ বেয়া হোৱাৰ বাবে পাইলটসকলে উৰণ পথ সলনি কৰাৰ অনুৰোধ জনায়।

সেই যোগাযোগৰ অলপ সময় পিছতেই বিমানখন ৰাডাৰ আৰু ৰেডিঅ’ যোগাযোগৰ পৰা বিচ্ছিন্ন হয়। কিছু সময়ৰ ভিতৰতে স্থানীয় কৰ্তৃপক্ষই তথ্য লাভ কৰে যে বিমানখন চাট্ৰা জিলাৰ এখন ঘন জংঘলত দুৰ্ঘটনাগ্ৰস্ত হৈছে। যাৰ ফলত উদ্ধাৰকাৰী দলসমূহৰ বাবে ঘটনাস্থলত উপস্থিত হোৱাটো কঠিন হৈ পৰে।
Directorate General of Civil Aviation (DGCA)-এ নিশ্চিত কৰে যে এই উৰণখন এটা অ-নিয়মিত (non-scheduled) চিকিৎসা উদ্ধাৰ উৰণ আছিল। ঘটনাটোৰ ওপৰত ইতিমধ্যে বিস্তৃত তদন্ত আৰম্ভ কৰা হৈছে

নিহত লোকসকলৰ নামঃ

স্থানীয় আৰক্ষী আৰু বিমান পৰিচালনা কৰা কৰ্তৃপক্ষই ইতিমধ্যে নিহত লোকসকলৰ নাম সদৰী কৰিছে। তেওঁলোক হৈছে কেপ্টেইন বিবেক বিকাশ ভাগত, কেপ্টেইন সাৱৰাজদীপ সিং, সঞ্জয় কুমাৰ (ৰোগী), ডাঃ বিকাশ কুমাৰ গুপ্তা, শচীন কুমাৰ মিশ্ৰ (পেৰামেডিক), অৰ্চনা দেৱী (সহায়ক) আৰু ধৰু কুমাৰ (সহায়ক) ।

মৃত লোকসকলৰ পৰিয়ালবৰ্গক ইতিমধ্যে অৱগত কৰা হৈছে। স্থানীয় প্ৰশাসনে পৰৱৰ্তী প্ৰক্ৰিয়াসমূহ তদাৰক কৰি আছে।

ঘটনা তদন্তৰ আওতাতঃ

ঘটনা সম্পৰ্কত তদন্তৰ বাবে Aircraft Accident Investigation Bureauৰ এটা তদন্তকাৰী দল দুৰ্ঘটনাস্থললৈ ৰাওনা হৈছে। যাতে দুৰ্ঘটনাৰ সঠিক কাৰণ নিৰ্ণয় কৰিব পৰা যায়। বিষয়াসকলে উল্লেখ কৰিছে যে বেয়া বতৰৰ প্ৰভাৱ থাকিব পাৰে। কিন্তু প্ৰযুক্তিগত তদন্ত সম্পূৰ্ণ নোহোৱালৈকে তথ্য সদৰী কৰিব পৰা নাযাব।

উল্লেখযোগ্য যে, এই বিমান দুৰ্ঘটনাই পুনৰ এবাৰ অ-নিয়মিত আৰু এয়াৰ এম্বুলেন্সৰ সুৰক্ষাক লৈ উদ্বেগ সৃষ্টি কৰিছে।

লগতে পঢ়কঃ Ajit Pawar plane crash death: বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু


Advertisement