নেশ্যনেল ডেস্ক: টাটা গ্ৰুপৰ মালিকানাধীন এয়াৰ ইণ্ডিয়াই তেওঁলোকৰ প্ৰথমখন ‘লাইন-ফিট’ (line-fit) বোয়িং ৭৮৭-৯ ড্ৰীমলাইনাৰ বিমান লাভ কৰিছে। যোৱা আঠ বছৰৰো অধিক সময়ৰ ভিতৰত এয়াৰ ইণ্ডিয়াৰ বিমান তালিকাত অন্তৰ্ভুক্ত হোৱা এইখন প্ৰথমখন ড্ৰীমলাইনাৰ বিমান।
চৰকাৰী মালিকানাধীন হৈ থকা অৱস্থাত এয়াৰ ইণ্ডিয়াই ২০১৭ চনৰ অক্টোবৰ মাহত শেষবাৰৰ বাবে লাইন-ফিট ড্ৰীমলাইনাৰ বিমান লাভ কৰিছিল। এগৰাকী বিষয়াই বৃহস্পতিবাৰে (৮ জানুৱাৰী, ২০২৬) জনোৱা মতে, এয়াৰ ইণ্ডিয়াই ৭ জানুৱাৰীত ছিয়াটলৰ এভাৰেটত থকা বোয়িং কাৰখানাত এই ড্ৰীমলাইনাৰ বিমানখনৰ স্বত্ব হস্তান্তৰ (title transfer) প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে।
অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ (DGCA) পৰিদৰ্শনৰ অন্তত, ২০২২ চনৰ জানুৱাৰীত ব্যক্তিগতকৰণৰ পিছত এয়াৰ ইণ্ডিয়াই লাভ কৰা এই ‘লাইন-ফিট’ ড্ৰীমলাইনাৰ বিমানখন অহা কেইদিনমানৰ ভিতৰত ভাৰতত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। এই নতুন বিমানখনত তিনিটা শ্ৰেণীৰ আসনৰ ব্যৱস্থা আছে — ইকনমি, প্ৰিমিয়াম ইকনমি আৰু বিজনেছ ক্লাছ। ইয়াৰ পূৰ্বে ২০১৭ চনৰ অক্টোবৰ মাহত এয়াৰ ইণ্ডিয়া চৰকাৰী মালিকানাধীন হৈ থকা অৱস্থাত শেষবাৰৰ বাবে লাইন-ফিট ড্ৰীমলাইনাৰ বিমান লাভ কৰিছিল।
সাধাৰণতে, ‘লাইন-ফিট’ বুলিলে কোনো এটা নিৰ্দিষ্ট বিমান সংস্থাৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰা বিমানক বুজায়। বিষয়াজনৰ মতে, ২০২৩ চনত অৰ্ডাৰ দিয়া ২২০ খন বোয়িং বিমানৰ ভিতৰত এয়াৰ ইণ্ডিয়াই লাভ কৰা এইখন প্ৰথমখন ‘ৱাইড-বডী’ (wide-body) আৰু সামগ্ৰিকভাৱে ৫২ সংখ্যক বিমান। ইতিমধ্যে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে ৫১ খন ‘নেৰ’-বডী’ বোয়িং ৭৩৭-৮ বিমান লাভ কৰিছে, য’ত ডিচেম্বৰৰ শেষৰ ফালে অন্তৰ্ভুক্ত হোৱা প্ৰথমখন লাইন-ফিট বিমানো আছে।
২০২২ চনৰ জানুৱাৰীত টাটা গোষ্ঠীয়ে দায়িত্ব লোৱাৰ পিছত, এয়াৰ ইণ্ডিয়াই ৩৫০খন এয়াৰবাছ (Airbus) আৰু ২২০খন বোয়িং (Boeing) বিমানৰ অৰ্ডাৰ দিছিল। ইয়াৰে ৬খন এয়াৰবাছ ‘A350S’ ইতিমধ্যে এয়াৰ ইণ্ডিয়াৰ বিমানৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও, এয়াৰ ইণ্ডিয়াৰ হাতত পূৰ্বৰ বিস্তাৰা (Vistara)-ৰ ২৬খন ‘B787-8’ আৰু ৬খন ‘B787-9’ বিমান আছে, যিহেতু বিস্তাৰাক এতিয়া এয়াৰ ইণ্ডিয়াৰ সৈতে চামিল কৰা হৈছে।
বৰ্তমান এয়াৰ ইণ্ডিয়া গ্ৰুপৰ হাতত ৩০০তকৈ অধিক বিমান আছে, যাৰ ভিতৰত ১৮৫খন এয়াৰ ইণ্ডিয়াৰ আৰু বাকীকেইখন এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ অধীনত আছে। চৰকাৰী বিষয়াগৰাকীয়ে জনোৱা মতে, ২০২৬ বৰ্ষৰ ভিতৰত আধুনিক সা-সুবিধাৰে নতুনকৈ সজাই আৰু ১২খন পুৰণি ড্ৰীমলাইনাৰ বিমান পুনৰ যাত্ৰীৰ সেৱাত নিয়োজিত কৰাৰ পৰিকল্পনা কৰা হৈছে।
লগতে পঢ়ক: Viksit Assam Viksit Bharat: বিকশিত অসমেই বিকশিত ভাৰতৰ পথ প্ৰদৰ্শক হ’ব: নৰেন্দ্ৰ মোডী

