ডবকাঃ অসমৰ তিনিজন ৰাজনৈতিক একত্ৰে তিনিখন অৰ্ধ উলংগ ফটোৱে সামাজিক মাধ্যমত তোলপাৰ লগাইছে।তেওঁলোক হৈছে এ আই ইউ ডি এফ দলৰ মুৰব্বী বদৰুদ্দিন আজমল,তেওঁৰ ভাতৃ চিৰাজ উদ্দিন আজমল আৰু পুত্ৰ আব্দুৰ ৰহিম আজমল(Ajmal morphed photos controversy)।বাস্তৱিকতে সামাজিক মাধ্যমত আজমল পৰিয়ালৰ ফটো বিকৃত কৰি এক দুষ্টচক্ৰই অপপ্ৰচাৰ চলাইছে(Morphed photos viral)।
আজমল পৰিয়ালৰ উল্লেখিত তিনিগৰাকী ব্যক্তিৰ মুখাবয়বৰ ফটো এক অৰ্ধ উলংগ শৰীৰত লগাই দুষ্ট চক্ৰই এই অপপ্ৰচাৰ চলাইছে(Assam political controversy)। ঘটনা সম্পৰ্কত আৰক্ষী থানাত এআইইউডিএফ নেতৃত্বই গোচৰ তৰিছে ৷জানিব পৰামতে RA JA নামৰ এটি ফেচবুক পেজৰ পৰা মাওলানা বদৰ উদ্দিন আজমল ,পুত্ৰ আব্দুৰ ৰহিম আজমল,ভাতৃ চিৰাজ উদ্দিন আজমলৰ বিকৃত ফটো প্ৰস্তুত কৰি ,কোন হব বিন্নাকান্দি সমষ্টিৰ প্ৰাৰ্থী, এ বি চি বুলি মতামত বিচাৰিছে দুষ্ট চক্ৰই৷(Badaruddin Ajmal news)
এই সম্পৰ্কত হোজাই জিলা আমছুৰ সভাপতি কবিৰ আহমেদ লস্কৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এ আই ইউ ডি এফ প্ৰধান বদৰ উদ্দিন আজমল আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ বিকৃত ফটো প্ৰস্তুত কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰি তেওঁলোকক হেয় প্ৰতিপন্ন কৰা কাণ্ড গৰিহনাৰ যোগ্য আৰু নিন্দনীয় ৷ তেওঁ কয় যে ৰাজনৈতিক আক্ৰমন কৰিবলৈ গৈ অশ্লীলতাৰ সীমা চেৰাই যোৱা কাৰ্য্য গ্ৰহনযোগ্য নহয়। ৰাজনীতিৰ নামত কোনোবা নেতাৰ লগত এনে নিকৃষ্ট মানসিকতা সভ্য সমাজে মানি ল’ব নোৱাৰে(Social media misuse)। এনেধৰণৰ কাৰ্য কাৰোৰেই লগত নহওঁক তাৰেই কামনা কৰাৰ লগতে ফেইচবুক একাউন্টৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাই ৷
ইফালে এই নিকৃষ্ট কাণ্ডৰ বিৰুদ্ধে গৰিহনা দিছে এআইইউডিএফৰ মূল প্ৰতিদ্বন্দী ৰেজাউল কৰিম চৌধুৰীয়েও ৷ৰেজাউল কৰিম চৌধুৰীয়ে উক্ত ঘটনাৰ তীব্ৰ গৰিহনা দি কয় যে এজন মৌলানাৰ ফটো বিকৃত কৰা গৰিহণাৰ যোগ্য ৷কোনো লোকৰ ফটো বিকৃত কৰা ঠিক নহয়।এই অপৰাধ ক্ষমাৰ অযোগ্য । এনে লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে ৰেজাউলে ৷আনহাতে আজমল পৰিয়ালৰ তিনি সদস্যৰ এই ফটো বিকৃতকৰণৰ ঘটনাত সমগ্ৰ হোজাই জিলাৰ সচেতন মহলেও ধিক্কাৰ আৰু গৰিহনা দিয়ে ৷

