/akhil-gogoi-sit-chargesheet-controversy-assamAkhil Gogoi SIT Chargesheet Controversy: এছ আই টিৰ চার্জশ্বিট ৰাজহুৱা কৰি বিপদত অখিল গগৈ

গুৱাহাটী: এইবাৰ বিপদত পৰিল অখিল গগৈ। জুবিন গাৰ্গৰ মৃত্যুৰ চার্জশ্বিট নীতিবহিৰ্তভাবে ৰাজহুৱা কৰাৰ অভিযোগত অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ এছ আই টিৰ বিষয়া ৰজী কলিতাৰ। দ্য নিউজ ছৰ্চক জনালে ৰজী কলিতাই।(Akhil Gogoi SIT Chargesheet)

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰি আদালতত দাখিল কৰা এছ আই টিৰ চার্জশ্বিট ৰাজহুৱা কৰি এইবাৰ বিপদত পৰিল ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ। এছ আই টিৰ চার্জশ্বিট ৰাজহুৱা হোৱাৰ পাছতেই ৰাজ্যৰ বিভিন্ন মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে।

এছ আই টিৰ চার্জশ্বিট ৰাজহুৱা কৰি বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছিল বিধায়ক অখিল গগৈয়ে। কিন্তু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে নীতিবহিৰ্ভূতভাৱে ৰাজহুৱা কৰাৰ অভিযোগত বৃহস্পতিবাৰে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে এছ আই টিৰ বিষয়া ৰজী কলিতাই (Assam Crime Branch case)।

গুৱাহাটী ক্ৰাইম ব্রাঞ্চত এছ আই টিৰ বিষয়া ৰজী কলিতাই দাখিল কৰা এজাহাৰৰ ভিত্তিত ক্ৰাইম ব্ৰাঞ্চত ১৩/২০২৫ নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ ২২১/২৩৬/২৩৮/২৪০/৩৫৩ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে (Akhil Gogoi FIR)।

বিধায়ক অখিল গগৈৰ বিৰুদ্ধে চার্জশ্বিট বে আইনীভাৱে ৰাজহুৱা কৰাৰ লগতে কিছু ভুল তথ্যও সন্নিবিষ্ট কৰি অপপ্ৰচাৰ চলোৱাৰ অভিযোগত এছ আই টিৰ বিষয়া ৰজী কলিতাই দাখিল কৰিছে এজাহাৰ। চার্জশ্বিটক লৈ বিধায়ক অখিল গগৈয়ে কৰা প্ৰচাৰে অভিযুক্তক ৰক্ষণাবেক্ষণ দিব বুলিও এজাহাৰত উল্লেখ কৰা হৈছে (Zubeen Garg death case)।

সংবাদ মেল আয়োজন কৰি এছ আই টিৰ চার্জশ্বিট ৰাজহুৱা কৰিছিল ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। ন্যায়ালয়ৰ মজিয়ালৈ যোৱা জুবিন গাৰ্গৰ মৃত্যু প্ৰসংগত এছ আই টিৰ চার্জশ্বিট বে আইনীভাৱে ৰাজহুৱা কৰাৰ অভিযোগ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে।

বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এছ আই টিৰ চার্জশ্বিট ৰাজহুৱা কৰাৰ অভিযোগত গোচৰ ৰুজু হোৱাৰ পাছত দ্য নিউজ ছৰ্চৰ এই প্ৰতিবেদন প্ৰস্তুত কৰালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বিধায়ক অখিল গগৈয়ে (Raijor Dal MLA controversy)।

লগতে পঢ়ক: এছ আই টিৰ চাৰ্জশ্বিট সম্পৰ্কত বিধায়ক অখিল গগৈৰ বিস্ফোৰণ


Advertisement