amar-singh-chahal-cyber-fraud-punjab-ig-suicide-attemptCyber Fraud Case: চাইবাৰ অপৰাধীৰ জালত পৰি অৱসৰপ্ৰাপ্ত IPS বিষয়াৰ আত্মহত্যাৰ চেষ্টা

নেশ্যনেল ডেস্ক: এক বৃহৎ চাইবাৰ জালিয়াতিৰ ঘটনাই দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য(Cyber fraud case)। পঞ্জাব আৰক্ষীৰ প্ৰাক্তন ইন্সপেক্টৰ জেনেৰেল (IG) তথা অৱসৰপ্ৰাপ্ত IPS বিষয়া অমৰ সিং চাহালে(Punjab IPS officer) সোমবাৰে পঞ্জাবৰ পাটিয়ালাস্থিত নিজৰ বাসগৃহত আত্মহত্যাৰ চেষ্টা কৰে । অভিযোগ অনুসাৰে, ₹8.10 কোটি টকাৰ এক বৃহৎ চাইবাৰ জালিয়াতিত (cyber crime India) প্ৰতাৰিত হোৱাৰ পিছতে এই চূড়ান্ত সিদ্ধান্ত লয় চাহালে।

পাটিয়ালা আৰক্ষীৰ তথ্য অনুসাৰে, অমৰ সিং চাহালে এজন নিৰাপত্তাৰক্ষীৰ ৰিভ’লভাৰ ব্যৱহাৰ কৰি নিজৰ বুকুত গুলী মাৰে। গুৰুতৰভাৱে আহত অৱস্থাত তেওঁক ততাতৈয়াকৈ পাৰ্ক (পেৰাছ) হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমানেও তেওঁ সংকটজনক অৱস্থাত চিকিৎসাধীন বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

পাটিয়ালাৰ আৰক্ষী অধীক্ষক (SSP) বৰুণ শৰ্মাই জনোৱা অনুসৰি, ঘটনাৰ খবৰ পোৱাৰ ১০ মিনিটৰ ভিতৰতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়। “তেওঁক সংকটজনক অৱস্থাত ততাতৈয়াকৈ চিকিৎৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসা চলি আছে যদিও বৰ্তমানেও তেখেতৰ অৱস্থা গুৰুতৰ ।(Patiala police)।

চাহালৰ বাসগৃহৰ পৰা পঞ্জাব আৰক্ষীৰ ডিজিপি গৌৰৱ যাদৱলৈ সম্বোধন কৰি লিখা এখন ১২ পৃষ্ঠাৰ চিঠি আৰক্ষীয়ে উদ্ধাৰ কৰিছে । চিঠিখনত তেখেতৰ লগত হোৱা cyber fraud-ৰ বিস্তৃত বৰ্ণনা কৰি তেওঁ নিজৰ আৰ্থিক সংকটৰ কথা উল্লেখ কৰিছে। সূত্ৰ অনুসাৰে, তেওঁ অক্টোবৰ মাহত এটা সংস্থাৰ সৈতে যোগাযোগ কৰিছিল, যিটো সংস্থাই অনলাইন বিনিয়োগৰ (online investment scam) নামত বহু লোকক প্ৰতাৰণা কৰিছিল।

চিঠিত উল্লেখ কৰা অনুসাৰে, চাহালে প্ৰথমে নিজে ₹১ কোটি টকা বিনিয়োগ কৰে আৰু বাকী ধন বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ পৰা ধাৰ লৈ যোগাৰ কৰে। এই ধন তিনিটা বেংক একাউন্টৰ জৰিয়তে অনলাইন পেমেণ্ট হিচাপে প্ৰেৰণ কৰা হৈছিল। এই ঘটনাৰ সন্দৰ্ভত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনলৈও চিঠি লিখিছিল বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, অমৰ সিং চাহাল পূৰ্বতে ২০১৫ চনৰ বেহবল কালান আৰু কোটকাপুৰা গুলীবর্ষণ কাণ্ডত (Kotkapura firing case) অভিযুক্ত আছিল। এই ঘটনাসমূহ ধৰ্মীয় অবমাননাৰ প্ৰতিবাদৰ সৈতে জড়িত আছিল, য’ত দুজন প্ৰতিবাদকাৰীৰ মৃত্যু হৈছিল।

SSP বৰুণ শৰ্মাই কয়, “ঘটনাটোৰ সকলো দিশৰ পৰা তদন্ত চলি আছে। তেওঁৰ চিঠিত কৰা অভিযোগসমূহো খতিয়াই চোৱা হ’ব। এই মুহূর্তত আমাৰ প্ৰধান লক্ষ্য হৈছে তেওঁৰ জীৱন ৰক্ষা কৰা।”

বৰ্তমান Amar Singh Chahal cyber fraud কাণ্ডই উচ্চপদস্থ আৰক্ষী বিষয়াসকলৰ মাজতো চাইবাৰ জালিয়াতিৰ ভয়াবহতা পুনৰ এবাৰ উন্মোচন কৰিলে। তদন্তৰ অগ্ৰগতিৰ সৈতে বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: Dhing family murder: ধিঙত পত্নী আৰু দুই কন্যাক কুঠাৰেৰে ঘপিয়াই হত্যা পিতৃৰ


Advertisement