Amit Shah Assam Visit: অসমলৈ আহি বিজেপিৰ বাবে আৰু পাঁচ বছৰ অমিত শ্বাহে

গুৱাহাটীঃ বহু কেইটা প্ৰকল্পৰ উদ্ঘাটনৰ উদ্দেশ্যে সোমবাৰে অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পুনৰ অহা পাঁচ বছৰৰ বাবে বিচাৰিলে আৰ্শীবাদ। ২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে অসমলৈ আহি পুনৰ বিজেপিৰ হৈ আৰ্শীবাদ বিচাৰে কেন্দ্ৰী মন্ত্ৰী অমিত শ্বাহে। সোমবাৰে পুৱাই অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী জনে প্ৰথমে বটদ্ৰৱাৰ সাংস্কৃতিক প্ৰকল্প উদ্বোধন কৰি আৰু পৰৱৰ্তী সময়ত গুৱাহাটীত জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলামন্দিৰ উদ্বোধন কৰি অহা পাঁচ বছৰৰ বাবে অসমৰ শাসন বিজেপিক দিবলৈ আহ্বান জনায় কেন্দ্ৰী গৃহমন্ত্ৰীগৰাকীয়ে (Amit Shah Assam Visit)।

বটদ্ৰৱাৰ পাছত গুৱাহাটীত জ্যোতি বিষ্ণু পৃক্ষাগৃহৰ শুভ উদ্বোধন কৰি সম্বোধন কৰে জনসভা (Batadrava Cultural Project)। এই জনসভাতো অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে কয়, ‘১০ বছৰ ধৰি আপোনালোকে মোদী, পদুমফূল, সৰ্বানন্দ সোনোৱাল, হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদ দিছে। অহা ৫ বছৰ পুনৰ বিজেপিক আশীৰ্বাদ দিয়ক (Assam BJP 2026 Election)। অসমৰ পৰা এজন এজন অনুপ্ৰৱেশকাৰীক বিচাৰি বিচাৰি বহিস্কাৰ কৰিম। বিজেপি চৰকাৰৰ কাৰ্যকালত ১০ হাজাৰকৈ যুৱকে অস্ত্ৰ এৰি মূল সুঁতিলৈ আহিল আৰু অসম বিকাশৰ পথত আগবাঢ়িল।’ তেওঁ লগতে কয়, ‘মাৰ্চ এপ্ৰিলত নিৰ্বাচন আহিলে এনে চৰকাৰ নিৰ্বাচিত কৰক যি অনুপ্ৰৱেশকাৰীক বাধা দিয়ে আৰু বিকাশৰ অসম গঢ়ে।”

গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীত জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলামন্দিৰ উদ্বোধন কৰি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু জনতাৰ শিল্পী জুবিন গাৰ্গকো স্মৰণ কৰি কয় যে, তেওঁলোক দুজনে ব্ৰহ্মপুত্ৰৰ পৰা ধৰি অসমৰ সংগীতক বিশ্বত জনপ্ৰিয় কৰাৰ প্ৰচেষ্টা কৰিছিল (Jyoti Bishnu International Cultural Complex) । ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লাচিত বৰফুকনকো প্ৰণাম জনাই কয়, “জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ বিষয়ে যিমান কোৱা যায় কম হব। জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া প্ৰথম চিনেমা জয়মতী নিৰ্মাণৰ দ্বাৰা অসমীয়া চিনেমাক গতি প্ৰদান কৰিছিল। সংগীত, নাটক আদিক দেশভক্তিৰ লগত সংযুক্ত কৰি অসমৰ জনসাধাৰণৰ মনত স্বাধীনতাৰ স্পৃহা জগাই তুলিছিল। এই আত্মসন্মান আৰু দেশভক্তিক আগুৱাই নি অসমৰ জনসাধাৰণক ভাৰতৰ লগত সংযুক্ত হৈ থাকিবলৈ পৰৱৰ্তী সময়ত গোপীনাথ বৰদলৈয়ে জৱাহৰলাল নেহৰুক বাধ্য কৰিছিল। একেদৰে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই তেওঁৰ সহজ সৰল শব্দৰে শ্ৰমিক,কৃষক, আদিবাসী সকলক স্বাধীনতা আন্দোলনৰ বাবে উদ্বুদ্ধ কৰিছিল (Assam Development Politics)।”

তেওঁ ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ প্ৰতি শ্ৰদ্ধা জনাই কয়, “মই ভাৰতৰত্ন গোপীনাথ বৰদলৈক মনৰে স্মৰণ কৰিব বিচাৰো। গোপীনাথ বৰদলৈ নোহোৱা হলে অসম ভাৰতৰ অংগ নহলহেতেন।”

গৃহমন্ত্ৰী অমিত শ্বাহে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা আবৃত্তি কৰি তেওঁৰ দেশপ্ৰেমৰ কথা উল্লেখ কৰে। তেওঁ কয়, “পূৰ্বতে অসমত বন্দুকৰ শব্দ শুনা গৈছিল। কিন্তু সৰ্বানন্দ সোনোৱাল আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত বিকাশ হৈছে। মন্দিৰ হওক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হওক সকলোতে অনুপ্ৰৱেশৰ কাৰীয়ে বেদখল কৰিছিল। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত ১ লাখ ২৯ হাজাৰ বিঘা মাটি বেদখল মুক্ত কৰা হৈছে। “

নিজৰ ভাষণত কংগ্ৰেছলৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰশ্ন, ” অনুপ্ৰৱেশকাৰীৰ পৰা অসমৰ ভাষা-সংস্কৃতি জীয়াই থাকিবনে? “ভোটবেংকৰ ৰাজনীতি কৰিবলৈ গৈ কংগ্ৰেছে অসমৰ অস্তিত্বৰ ওপৰতে আঘাত হানিছিল। “কলে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে।

উল্লেখযোগ্য যে, গুৱাহাটীত সোমাবাৰে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতিত জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলামন্দিৰ উদ্বোধন কৰে।
অনুষ্ঠানৰ আৰম্ভণিতে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সংগীত পৰিবেশন কৰে।

অনুষ্ঠানত মুগা কাপোৰৰ ওপৰত অংকিত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবি প্ৰদান কৰে গৃহমন্ত্ৰী অমিত শ্বাহক।

অনুষ্ঠানত জ্যোতি প্ৰসাদ আগৰৱালা আৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। তদুপৰি জন্মগত হৃদয়ৰোগৰ শিশু সকলৰ চিকিৎসাৰ বিষয়কলৈও তথ্যচিত্ৰ প্ৰদৰ্শন কৰে ।

সোমবাৰে গৃহমন্ত্ৰীজনে গুৱাহাটীত নৱনিৰ্মিত আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ো উদ্বোধন কৰে।

অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংহাল, বিজুলী কলিতা, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, অতুল বৰা আদি উপস্থিত থাকে।

লগতে পঢ়কঃ Nuruddin Ahmed Snub: উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ নাপালে গুৰু আসনৰ ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদে


Advertisement