Anti-India Sentiment Rises in BangladeshAnti-India Sentiment Rises in Bangladesh: কট্টৰপন্থী নেতাৰ উচতনি, হিন্দুৰ ওপৰত ভয়ংকৰ অত্যাচাৰ

বাংলাদেশত কট্টৰপন্থীৰ উত্থান আৰু ভাৰত বিদ্বেষ

ইণ্টাৰনেশ্যনেল ডেস্ক: চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ক্ৰমশঃ ভাৰত বিদ্বেষে গা কৰি উঠিছে। একাংশ কট্টৰপন্থী বিক্ষোভকাৰীৰ প্ৰৰোচনাতে ভাৰত বিৰোধী মনোভাবে গা কৰি উঠিছে(Anti-India Sentiment Rises in Bangladesh) । ২০২ ৪ চনৰ জুলাই মাহত বাংলাদেশৰ গণ অভ্যুত্থানৰ সময়ৰে পৰাই কট্টৰপন্থী বাংলাদেশী নেতাই মুকলি ভাবে ভাৰতৰ বিৰোধিতা কৰে । আনকি এখোপ আগুৱাই পশ্চিমবংগৰ মুৰ্শিদাবাদকে ধৰি উত্তৰ পূৰ্বাঞ্চলক বাংলাদেশৰ লগত চামিল কৰাৰ হুংকাৰ দিছে । বিগত জুলাই মাহত সংঘটিত বাংলাদেশৰ গণ অভ্যুত্থানৰ সময়তে ভাৰত বিৰোধী চিন্তা আৰম্ভ হৈছিল । শেহতীয়াকৈ যোৱা ১৮ ডিচেম্বৰত ইনকিলাব মঞ্চৰ প্ৰতিষ্ঠাতা ওচমান হাডিৰ মৃত্যুক কেন্দ্ৰ কৰি এই মনোভাৱ অধিক হৈ পৰে । বাংলাদেশৰ বিক্ষোভকাৰী সকলে আনকি ভাৰতৰ আগ্ৰাসন ভাঙি দিয়ক’ – এই শ্লোগান দিয়ে।

সংবাদ মাধ্যম হিন্দুস্তান টাইমচ বাংলাত উল্লেখ থকা অনুযায়ী বাংলাদেশী নেতা তথা বাংলাদেশ চৰকাৰৰ মুখ্য উপদেষ্টা ইউনুস চৰকাৰৰ পৰা পদত্যাগী উপদেষ্টা আসিফ মাহমুদে কয় যে-হাদিক যি হত্যা কৰিছে সেই সকলক বাংলাদেশক হস্তান্তৰ কৰক । অন্যথা বাংলাদেশৰ জনতা ক্ষান্ত নহয় । আমি কঠোৰ আন্দোলন গঢ়ি তুলিম(Bangladesh Anti India Protest) ।

ইপিনে আৱামী লীগৰ বিৰুদ্ধে সমালোচনা কৰি তেওঁ কয় যে ওচমান হাদিৰ হত্যাৰ জৰিয়তে আৱামী লীগে বাংলাদেশৰ জনগণৰ বিৰুদ্ধে যুদ্ধ কৰিছে(Bangladesh Political Violence) । বাংলাদেশৰ জনতাই তেজৰে ৰাজপথ ৰাঙলী কৰিছে কিন্তু পৰাজয় স্বীকাৰ কৰা নাই । আনপিনেদি প্ৰাক্তন উপদেষ্টা মাহফুজ আলমে কয় যে ওচমান হাদিৰ হত্যাকাৰীক ভাৰতে হস্তান্তৰ কৰিব লাগিব।এইয়া আমাৰ মৌলিক দাবী।নহলে আমাৰ নিদ্ৰা হৰণ কৰাৰ দৰে ভাৰতৰো নিদ্ৰা হৰণ কৰিম ।

উল্লেখযোগ্য যে মহম্মদ ইউনুসৰ সোহাঁত বুলি পৰিচত মাহফুজ আলম । তেওঁ কয় যে-ভাৰতে বাংলাদেশৰ পৰিবৰ্তন স্বীকাৰ কৰক । তৰুণ প্ৰজন্মক মানি লওক । তাৎপৰ্যপূৰ্ণ যে মাহফুজ আলমে ইয়াৰ পূৰ্বে ভাৰতৰ পশ্চিমবংগৰ মুৰ্শিদাবাদ, জলপাইগুৰি ,উত্তৰ পূৰ্বাঞ্চলকলৈ অখণ্ড বাংলাদেশ নিৰ্মাণৰ দৰে বিতৰ্কিত আৰু ভাৰত বিদ্বেষী মন্তব্য কৰাৰ লগতে ভাৰত বিদ্বেষী চিন্তাৰ বাবে প্ৰৰোচিত কৰিছিল । ইপিনে এন চি পিৰ আহ্বায়ক নাহিদ ইছলামেও শুকুৰবাৰে পুৱতি নিশা ভাৰত বিৰোধী মন্তব্য কৰে । তেওঁ কয় যে এই সংগ্ৰাম এজন নেতাৰ হত্যাৰ সংগ্ৰাম নহয়, এই সংগ্ৰাম এখন দেশৰ স্বাধীনতা,সাৰ্বভৌমত্ব আৰু গণতন্ত্ৰ ৰক্ষাৰ সংগ্ৰাম ।অৱসৰপ্ৰাপ্ত লেফটেনেন্ট কৰ্ণেল হাসিনুৰ ৰহমানে ভাৰতক বিভক্ত কৰাৰ হুংকাৰ দিয়া আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰে বুলি হিন্দুস্তান টাইমচ বাংলা নামৰ ডিজিটেল সংবাদ মাধ্যমত উল্লেখ আছে (India Bangladesh Relations Crisis)।

উত্তৰ পূৰ্বাঞ্চল বিচ্ছিন্ন কৰাৰ হুংকাৰ

উল্লেখ থকা মতে হাসিনুৰ ৰহমানে কয় যে-যদি আমাক বাধ্য কৰে তেন্তে উত্তৰ পূৰ্বাঞ্চলক বিভক্ত কৰা হব। হাসানত আব্দুল্লাহ যি কৈছে সেয়ে হব। আমি বৃহৎ প্ৰতিবেশীক কাষত ৰাখি শান্তিত থাকিব নোৱাৰো। আমাৰ শত্ৰুতা মোডীৰ সৈতে । তাৎপৰ্যপূৰ্ণ যে যোৱা ১৪ ডিচেম্বৰত এখন সভাত বাংলাদেশৰ এন চি পিৰ নেতা হাসনাত আব্দুলাহে বিতৰ্কিত ভাৰত বিৰোধী মন্তব্য কৰি উচতনি দিছিল। তেওঁ কৈছিল দিল্লীয়ে বাংলাদেশক অস্থিতিশীল কৰাৰ চেষ্টা কৰিলে তেন্তে উত্তৰ পূৰ্বাঞ্চলক বিচ্ছিন্ন কৰাৰ বাবে বাংলাদেশে চেষ্টা কৰা উচিত।

কট্টৰপন্থী এন চি পি নেতা সাৰজিস আলমে নিজৰ বক্তব্যত হুংকাৰ দিয়ে যে-ওচমান হাদিৰ হত্যাকাৰীক যেতিয়ালৈকে ভাৰতে ঘূৰাই নিদিয়ে তেতিয়ালৈকে বাংলাদেশত থকা ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয় বন্ধ থাকিব।

উল্লেখযোগ্য যে যোৱা ১৮ ডিচেম্বৰত মৃত্যুবৰণ কৰা কট্টৰপন্থী নেতা ওচমান হাদি চূড়ান্ত ভাৰত বিৰোধী আছিল। সংবাদ মাধ্যম হিন্দুস্তান টাইমচ বাংলাত উল্লেখ থকা মতে শেখ হাচিনাৰ বিদায়ৰ পিচত তেওঁ একাধিক সভাত ভাৰত বিৰোধী মন্তব্য কৰিছিল।তেওঁ ১২ ডিচেম্বৰত গুলীবিদ্ধ হোৱাৰ কেইটামান ঘন্টাৰ আগতে ফেচবুকত ভাৰতক বিকৃত কৰি এখন মানচিত্ৰ পোষ্ট কৰিছিল।সেই পোষ্টত পাঞ্জাৱ,লাডাখ,জম্মু-কাশ্মীৰকে ভাৰতৰ পৰা বিচ্ছিন্ন দেখুওৱা হৈছিল।তদুপৰি পশ্চিমবংগ, বিহাৰৰ অংশ,উত্তৰ পূৰ্বাঞ্চলক বৃহত্তৰ বাংলাদেশৰ অংশ হিচাপে দেখুৱাইছিল ।

বাংলাদেশত হিন্দুৰ ওপৰত নৃশংস অত্যাচাৰ

ইপিনে বাংলাদেশৰ মৈমনসিং জিলাত ধৰ্ম সম্পৰ্কীয় মন্তব্য কৰাৰ বাবেই এজন হিন্দু। লোকক আক্ৰমণ কৰি হত্যা কৰি পথৰ দাতিত পেলাই থয়(Bangladesh Hindu Atrocities)। বৃহস্পতিবাৰে এই ঘটনা সংঘটিত হয়।মৃত লোকজনৰ নাম দীপু চন্দ্ৰ দাস।বৃহস্পতিবাৰে ৰাতি ৯ বজাত ময়মন সিং জিলাৰ ভালুকা উপজিলাত এই ঘটনা সংঘটিত হয়।বৃত্তিত তেওঁ এজন শ্ৰমিক।এই ঘটনাৰ প্ৰতিক্ৰিয়াত ইউনুস নেতৃত্বাধীন চৰকাৰ এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰে যে-এই ঘটনাক আমি গভীৰ নিন্দা কৰিছো।নতুন বাংলাদেশত এনেধৰণৰ হিংসাৰ স্থান নাই।এই নৃসংশ ঘটনাৰ লগত জড়িত সকলক ।উল্লেখযোগ্য ২০২৪ চনৰ জুলাইত সংঘটিত বাংলাদেশৰ গণ অভ্যুত্থানৰ সময়তো বাংলাদেশত হিন্দুৰ ওপৰত অকথ্য।অত্যাচাৰ কৰা হৈছিল।বহু মন্দিৰ ক্ষতিগ্ৰস্ত কৰা হৈছিল।মিছা গোচৰত হিন্দুক ফচোৱা হৈছিল আনকি চাকৰিৰ পৰা জোৰ জবৰদস্তি পদত্যাগ কৰিবলৈ বাধ্য কৰিছিল।ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতে বহুবাৰ ইউনুস চৰকাৰক সমালোচনা কৰিছে।

ভাৰতৰ কঠোৰ প্ৰতিক্ৰিয়া আৰু ড° হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নি

আনহাতে কট্টৰপন্থী বাংলাদেশীৰ ভাৰত বিৰোধী ষড়যন্ত্ৰক কঠোৰ ভাষাৰে সকিয়নি দি অসমৰ মুখ্যন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই কৈছিল যে, -‘বাংলাদেশত বিগত এবছৰ ধৰি এই চৰ্চা চলি আছে যে উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ পৰা পৃথক কৰি বাংলাদেশৰ সৈতে চামিল কৰিব লাগে। কিন্তু ভাৰতবৰ্ষ এখন শক্তিশালী ৰাষ্ট্ৰ,পাৰমাণৱিক শক্তিশালী ৰাষ্ট্ৰ। বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিৰ দেশ। গতিকে ভাৰতক বাংলাদেশে কেনেকৈ এনে কৰিব পাৰিব। এইটো ভবাটোৱেই ভুল। কিন্তু বাংলাদেশৰ লোকৰ চিন্তা বেয়া।তেওঁলোকক বেছি সহায় কৰা উচিত নহয়।তেওঁলোককো সকিয়াই দিব লাগে।ভাৰতৰ লগত এনেধৰণৰ কৰিলে সহ্য কৰা নহব।’

লগতে পঢ়ক: উত্তৰ পূৰ্বাঞ্চলক বাংলাদেশৰ সৈতে চামিল কৰাৰ চলিছে চৰ্চা: মুখ্যমন্ত্ৰী – Conspiracy to Merge Northeast


Advertisement