ৰহা: “বৰ্তমানলৈকে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান নকৰা বিধায়ক শশীকান্ত দাসৰ ‘২৬ৰ টিকটৰ ক্ষেত্ৰত দিল্লীয়ে সিদ্ধান্ত ল’ব ।” শনিবাৰে ৰহাত এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে। শনিবাৰে ৰহাত উপস্থিতহৈ স্বাস্থ্যমন্ত্ৰী সিংহলে একেলগে পাঁচখন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে ৷ আধাৰশিলা স্থাপনৰ পূৰ্বে ঐতিহ্যমণ্ডিত ’মা বসুন্ধৰী থান’ৰ আশীষ লৈ মন্ত্ৰী গৰাকীয়ে। ৰহাৰ চাপৰমুখত অনুষ্ঠিত এই আধাৰশিলা স্থাপন অনুষ্ঠানৰ উপলক্ষে এক মুকলি সভাতো অংশগ্ৰহণ কৰে মন্ত্ৰী অশোক সিংহলে(Ashok Singhal Akhil Gogoi Remark) ৷ সভাত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে ৷
ইপিনে অখিল গগৈয়ে মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে কৰা অভিযোগৰ প্ৰত্যুত্তৰত তেওঁ কয়, ” এখন বিশুদ্ধ ভোটাৰ তালিকা হোৱাটো গণতন্ত্ৰৰ বাবে আবশ্যক। ঐতিহাসিক অসম চুক্তি পালনৰ বাবে সন্দেহযুক্ত নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰিব লাগে।”

তেওঁ লগতে কয়, ” ভোটাৰ তালিকাৰ সংশোধনৰ চুড়ান্ত সিদ্ধান্ত নিৰ্বাচন আয়োগৰহে, ভোট কৰ্তন মই কৰিব নোৱাৰো।”
“মই মোৰ সমষ্টিৰে এটা ভোট কাটিব নোৱাৰো, ৬০টা সমষ্টিৰ কথাটো বহু দূৰৈৰ কথা।” মন্ত্ৰী সিংহলে কয়।
তেওঁ কয়, “অখিল গগৈয়ে ভিত্তিহীন কথা কৈ ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰে বুলি অসমৰ ৰাইজে ভালকৈয়ে জানে। অখিল গগৈৰ কথাত গুৰুত্ব দিলে অসম বেয়াৰ ফালে যাব।”
উল্লেখযোগ্য যে, শনিবাৰে মন্ত্ৰী গৰাকীয়ে প্ৰথমে নগাওঁ জিলাৰ ৰহা বিধান সভা সমষ্টিত চাপৰমুখ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,লাওপানী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,বাৰপুজীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু বুঢ়াগোহাঁই থান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পিছত মন্ত্ৰী গৰাকীয়ে বঢ়মপুৰ বিধান সভা সমষ্টিত কঠীয়াতলী প্রাথমিক স্বাস্থ্য কেন্দ্র আৰু চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে।আৰু শেষত তেওঁ নগাওঁ- বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত কলংপাৰ হালোৱাগাওঁ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় আঢ়ৈ কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ হবলগীয়া এই চিকিৎসালয় কেইখন ১৫ মাহত নিৰ্মান সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই আধাৰশিলা স্থাপন উপলক্ষে অনুষ্ঠিত তিনিখন সভাতো মন্ত্ৰীজনে অংশগ্ৰহণ কৰে। সভাত ভাষন প্ৰসংগত তেওঁ কয়, ” মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে এখন স্বাবলম্বী, বিকশিত আৰু সুৰক্ষিত আধুনিক অসম নিৰ্মাণ গঢ়াৰ বাবে দিনে নিশাই কাম কৰি আছে।”
ইয়াৰ উপৰি মন্ত্ৰী গৰাকীয়ে বসুন্ধৰী এল আই এছ জলসিঞ্চন আঁচনিখন পৰিদৰ্শন কৰে। উল্লেখ্য যে বিগত ২০ বছৰ অধিক কাল বিকল হৈ থকা এই বসুন্ধৰী এল আই এছ জলসিঞ্চন আঁচনিখন বিভাগে পুনৰ্জীৱিত কৰাৰ ফলত অঞ্চলটোৰ প্ৰায় ৩৫০ হেক্টৰ কৃষভূমিত কৃষক ৰাইজে খেতি কৰিব পৰাকৈ পানী যোগান সম্ভৱ হৈ উঠিছে।

