গুৱাহাটীঃ ২০২৬ ৰ বিধানসভা নিৰ্বাচন যিমানেই চমু চাপিছে সিমানেই তৎপৰতা বৃদ্ধি পাইছে ৰাজ্যৰ শাসক বিৰোধী ৰাজনৈতিক দলৰ। বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী আঞ্চলিক দলসমুহৰ একত্ৰিকৰণ প্ৰক্ৰিয়া অব্যাহত থকাৰ মজতে শাসকীয় বিজেপি-অগপ মিত্ৰদলেও প্ৰস্তুত কৰিছে ৰণকৌশল (Assam Assembly Election 2026 BJP)।
ৰাজনৈতিক দলসমুহৰ মাজত নিৰ্বাচনী তৎপৰতা অব্যাহত থকাৰ মাজতে দেওবাৰে শাসকীয় বিজেপি দলৰ প্ৰাৰ্থীত্ব সন্দৰ্ভত এক বিশেষ ইংগিত প্ৰদান কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। কোনো সমষ্টিৰ নাম নোলোৱাকৈ ২০২৬ ৰ বিধানসভা নিৰ্বাচনত যুৱ প্ৰজন্মৰ লগতে নতুন মহিলা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ এক ইংগিত প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma statement)।
দেওবাৰে সংবাদ মাধ্যমৰ সন্মুখত বিশেষকৈ অগপ বিজেপিৰ মিত্ৰদলৰ প্ৰাৰ্থী বাছনি সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়,”কেলক’লেটৰ মাৰি ৰাজনৈতিক দল নচলে। য’ত ভাল প্ৰাৰ্থী হ’ব প্ৰাৰ্থীত্ব পাই যাব। এইবাৰ বহু বিধায়কেও নিৰ্বাচন খেলিব, বহু নতুন যুৱ প্ৰাৰ্থীও থাকিব। বহু নতুন মহিলা প্ৰাৰ্থীকো টিকট প্ৰদান কৰা হ’ব (Youth women candidates BJP)। এই বিষয়ে আৰু অলপ সময় লাগিব। লাহে লাহে প্ৰক্ৰিয়াসমুহ আৰম্ভ হৈছে। অগপ বিজেপিৰ মিত্ৰতা সন্দৰ্ভত অসমতে আলেচনা কৰি অনুমোদনৰ বাবে দিল্লীলৈ প্ৰেৰণ কৰা হ’ব। “
আগন্তক ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “প্ৰতিদিনেই আমি ৰাইজৰ কাষত গৈছো। ৩৬৫ দিনেই আমি নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈ থাকো। এটা এটা সমষ্টিত ১২-১৫ জন প্ৰাৰ্থী হোৱাটো আমি বিচাৰো (BJP candidate list Assam)।”
বহু যুৱমুখ, মহিলা প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব পাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যই বহু বিধায়কো প্ৰাৰ্থীত্ব লাভৰ পৰা বঞ্চিত হোৱাৰেই ইংগিত বহন কৰা বুলিও চৰ্চা আৰম্ভ হৈছে ৰাজনৈতিক মহলত (Assam politics 2026)।
লগতে পঢ়কঃ Tension-Free Medicine at Night: ৰাতিৰ ভিতৰতে যিকোনো টেনশ্যন দূৰ কৰিবলৈ কৰক এই কাম..

