নগাঁওঃ অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুই- তিনি মাহ বাকী। অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত এটা মাহত দুবাৰকৈ অসম ভ্ৰমণ দেশৰ প্ৰধানমনত্ৰী নৰেন্দ্ৰ মোদীৰ (Assam Assembly Election 2026 Narendra Modi)। এটা মাহত দ্বিতীয়বাৰৰ বাবে অসমলৈ অহা দেশৰ প্ৰধানমনত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Narendra Modi Assam visit)।
শনিবাৰে অসমত উপস্থিত হৈ বড়ো জনগোষ্ঠীৰ বাগুৰুম্বা নৃত্যৰ অভিলেখৰ সাক্ষী হোৱাৰ পাছত দেওবাৰে কাজিৰঙা এতিভেটেড কৰিডৰ নিৰ্মাণৰ ভূমি পূজন কাৰ্যসূচীত অংশগ্ৰহণ কৰি কলিয়াবৰৰ মৌচন্দা পথাৰৰ প্ৰায় ডেৰ লক্ষাধিক জনতাক সম্বোধনৰ বাবে উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখতে প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰশংসা কৰা কৰি ২০২৬ চনৰ নিৰ্বাচনত অসমত পুনৰ চৰকাৰ গঠন কৰি প্ৰধানমনত্ৰীক উপহাৰ দিয়াৰ কথা একপ্ৰকাৰ ঘোষণা কৰে মুখ্যমনত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma speech)।
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়,”প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমে চেমি কনডাক্টৰ লাভ কৰাৰ লগতে বাঁহৰ পৰা তেল উৎপাদন কৰা শিকিছে, বৃহৎ সাৰ কাৰখানা লাভ কৰিছে। চৰাইদেও মৈদামে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিছে। অসমীয়া ভাষাই দ্ৰৌপদী ভাষাৰ মৰ্য্যদা লাভ কৰিছে।”
লগতে ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীকীয়ে আৰু কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমত লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তি নিৰ্মাণ হৈছে। আজি আমি এটা অটল, অবিচল আৰু অবিশ্বাসী জাতিলৈ পৰিণত হৈছোঁ। এতিয়া এই জাতিক কোনেও আৰু ৰঙাচকু দেখুৱাব নোৱাৰে। অসমত এতিয়া আৰু কোনেও গঁড় হত্যা কৰিব নোৱাৰে। কাজিৰঙাৰ বন্য জীৱকুলৰ সুৰক্ষাৰ লগতে যাতায়তৰ সু-ব্যৱস্থাৰ বাবে এতিভেটেড কৰিডৰ নিৰ্মাণ কৰা হ’ব। এলিভেটেড কৰিডৰে যোৰহাট- গুৱাহাটী, বোকাখাট- গুৱাহাটীৰ দূৰত্ব হ্ৰাস কৰিব।”
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত মুখ্যমনত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক উদ্দেশ্যি কয়, “এলিভেটেড কৰিডৰ নিৰ্মাণৰো বিৰোধীতা কৰিছিল সাংসদ গৌৰৱ গগৈয়ে। আপুনি বিৰোধিতা কৰিলেও অসমে আকাশ স্পৰ্শ কৰাৰ সপোন দেখিছে আকাশ চুব। অসমীয়াই কোনো পাকিস্তানী এজেন্টৰ ওচৰত আত্মসমৰ্পণ নকৰে। কোনো অচিনাকি মানুহৰ ওচৰতো আত্মসমৰ্পণ নকৰে। কাজিৰঙাৰ পৰা আমি অচিনাকি মানুহক উচ্ছেদ কৰি এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়িছো (Kaziranga elevated corridor)।এয়া হৈছে নতুন অসমৰ স্বপ্ন।”
নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষৰ ভিতৰতেই অসমক সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ কথাও উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আৰু কয়, ” আজিৰ পৰা আৰু নতুনকৈ দুখন ৰেলৰ উদ্বোধন হ’ব। ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌলৈকে আৰু কামাখ্যাৰ পৰা ৰৌটাকলৈকে দুখন আৰু শনিবাৰে হাওৰা গুৱাহাটী বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছসহ তিনিখনকৈ ৰেল উপহাৰ দিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমীয়া জাতিক প্ৰতিষ্ঠা কৰাত মোদীয়ে অদ্ভুদ ধৰণে সহযোগিতা কৰিছে। তাৰ বাবে অসমীয়াই নৰেন্দ্ৰ মোদীক কেতিয়াও নাপাহৰে। আগন্তুক ২০২৬ চনত পুনৰ চৰকাৰ গঠন কৰি নৰেন্দ্ৰ মোদীক আকৌ এবাৰ সন্মান জনোৱা হ’ব। ২০২৬ চৰকাৰ গঠন কৰি উপহাৰ দিয়া হ’ব প্ৰধানমনত্ৰী নৰেন্দ্ৰ মোদীক (Assam political news)।
লগতে পঢ়কঃ বাগুৰুম্বাই গঢ়া অভিলেখৰ সাক্ষী হ’ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
