Assam BJP MLA ticket cut 2026: Which 10–12 BJP MLAs May Lose Tickets?বিজেপিৰ টিকট কৰ্তনৰ তালিকাত কোন কোন বিধায়কৰ নাম?

গুৱাহাটীঃ আগন্তক ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক বিৰোধী। বিৰোধী কংগ্ৰেছকে ধৰি আঞ্চলিক দলসমূহক লৈ বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুজঁ দিয়াৰ পৰিকল্পনা ৰচনা কৰাৰ বিপৰীতে বিজেপিয়েও এইবাৰ জনপ্ৰিয়তাৰ ভিত্তিত প্ৰাৰ্থিত্ব প্ৰদান কৰি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ পৰিকল্পনা ৰচনা কৰিছে (Assam BJP MLA ticket cut 2026)।

আগন্তক অসম বিধানসভা নিৰ্বাচনৰ বাবে বিশেষকৈ শাসকীয় বিজেপি দলত প্ৰাৰ্থিত্বৰ দাবীদাৰৰ সংখ্যাও বৃদ্ধি পাইছে। বিজেপিৰ প্ৰাৰ্থীত্বৰ বাবে দলীয় নেতাসকলে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে (Assam Assembly Election 2026 BJP)। এনে প্ৰেক্ষাপটত বিজেপিৰ প্ৰাৰ্থীত্বৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে ইতিমধ্যেই এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়।

অসম প্ৰদেশ বিজেপিৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, বিজেপিৰ নিৰ্বাচনী সমিতিৰ সদস্য তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰিও কেন্দ্ৰীয় নেতা তথা অসম প্ৰভাৰী বৈজয়ন্ত পাণ্ডাৰ উপস্থিতিত অনুষ্ঠিত হয় এক উচ্চস্তৰীয় বৈঠক। বৈঠকত বিশেষকৈ আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰাৰ উপৰিও প্ৰাৰ্থিত্বক লৈ আলোচনা হোৱা বুলি জানিব পৰা গৈছে (BJP Assam new candidates)।

বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যই দিছে কেইবাগৰাকী বৰ্তমানৰ বিধায়কৰ পাখি কটাৰ ইংগিত। আগন্তক নিৰ্বাচনত ২২ গৰাকীকৈ নতুন আৰু মহিলা প্ৰাৰ্থিত্ব অগ্ৰাধিকাৰ দিয়াৰ কথা স্পষ্ট কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আনকি প্ৰয়োজনত ১০-১২ গৰাকী বৰ্তমানৰ বিধায়ক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰো ইংগিত দিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sharma statement BJP)।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “২২ গৰাকীকৈ নতুন আৰু মহিলা প্ৰাৰ্থীক এইবাৰ অগ্ৰাধিকাৰ দিয়া হ’ব। প্ৰথম এবাৰ বিধায়ক হোৱাৰ পাছত দ্বিতীয়বাৰ প্ৰাৰ্থিত্ব নিৰ্ভৰ কৰিব জনপ্ৰিয়তাৰ ওপৰত। ১০-১২ জনৰ নাম কৰ্তন হলে ৩২ গৰাকী পৰ্য্যন্ত নতুন মুখক প্ৰাৰ্থিত্ব প্ৰদানৰো সম্ভাৱনা আছে।”

ইতিমধ্যেই বিজেপিৰ বৈঠক আৰু মুখ্যমন্ত্ৰীৰ মন্তব্যই এতিয়া হাহাকাৰ লগাইছে একাংশ বিজেপি বিধায়কৰ মাজত।

লগতে পঢ়কঃ অগপক লাগে বঢ়মপুৰ, কি হব বিজেপি বিধায়ক জিতু গোস্বামীৰ ৰাজনৈতিক ভৱিষ্যত?


Advertisement