Assam Book Fair 2026 Concludes with Record ₹7.40 Crore Book SalesAssam Book Fair 2026: ৭ কোটি টকাৰ গ্ৰন্থ বিক্ৰীৰে সামৰণি পৰিল অসম গ্ৰন্থমেলা

গুৱাহাটীঃ ডিজিটেল মাধ্যমৰ দ্ৰুত সম্প্ৰসাৰণে ছপা মাধ্যমৰ প্ৰতি ভাবুকি আনিলেও গ্ৰন্থৰ যে আদৰ কমা নাই তাৰ উদাহৰণ হৈছে যোৱা ২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈকে গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলা (Assam Book Fair 2026)। উল্লেখযোগ্য ১৪ দিন পাঠকৰ বিপুল সমাদৰৰ পিচত গুৱাহাটীৰ খানাপাৰাত অসম প্ৰকাশণ পৰিষদ আৰু সদৌ অসম গ্ৰন্থ প্ৰকাশক আৰু বিক্ৰেটা সংস্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ মংগলবাৰে সামৰণি পৰে (Assam Book Fair Guwahati)। এই গ্ৰন্থমেলাত প্ৰায় ৭.৪০ কোটি টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি আয়োজক সকলৰ দ্বাৰা প্ৰকাশ ((Guwahati Book Fair Sales)। যোৱা ২৪ ডিচেম্বৰৰ পৰা অনুষ্ঠিত গুৱাহাটী গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত শিক্ষামন্ত্ৰী ৰণোজ পেগু, প্ৰতিষ্ঠিত উৰিয়া ভাষাৰ লেখক পাৰমিতা সতপঠিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল।

কি কলে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে

শিক্ষা মন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ সভাপতি ড০ ৰণোজ পেগুৱে ভাষণত কয়, ” প্ৰযুক্তিৰ যুগতো গ্ৰন্থৰ গুৰুত্ব অটুট আছে। পাঠক অবিহনে গ্ৰন্থমেলা অৰ্থহীন। পাঠকেহে গ্ৰন্থমেলাক উজ্জীৱিত কৰে। পাঠক সকল হৈছে গ্ৰন্থমেলাৰ প্ৰধান অলংকাৰ।” পেগুৱে গুৱাহাটীত অনুষ্ঠিত গ্ৰন্থমেলাত অভিলেখ সংখ্যক গ্ৰন্থ বিক্ৰীয়ে ডিজিটেল যুগতো গ্ৰন্থৰ যে আদৰ কমা নাই সেই কথা প্ৰতিপন্ন কৰিলে বুলি মন্তব্য কৰে।

কি কলে ওড়িয়া লেখক পাৰমিতা সতপথীয়েঃ

অনুষ্ঠানৰ সন্মানীয় অতিথি হিচাবে অংশগ্ৰহণ কৰা ওড়িশাৰ বিশিষ্ট লেখিকা তথা সাহিত্য একাডেমী বঁটা প্ৰাপক পাৰমিতা সতপথীয়ে অসম গ্ৰন্থমেলাক ‘পুথিৰ উৎসৱ’ বুলি আখ্যা দিয়ে । তেওঁ অসমৰ সমৃদ্ধ সাহিত্যিক পৰম্পৰাৰ প্ৰশংসা কৰে। অসমীয়াক ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ বাবে তেওঁ অসমৰ জনতাক অভিনন্দন জনায় আৰু অসমীয়া-ওড়িয়া ভাষাৰ মাজত অধিক অনুবাদৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে।

অসম প্ৰকাশণ পৰিষদ সাহিত্য বঁটা প্ৰদান

সামৰণি অনুষ্ঠানতে বিশিষ্ট সাহিত্যিক ডঃ দীপক কুমাৰ বৰকাকতিক তেওঁৰ উপন্যাস ‘ঐশ্বৰ্য’ৰ বাবে ২০২৫ বৰ্ষৰ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা প্ৰদান কৰা হয়। এই বঁটাৰ সৈতে আছে ৫ লাখ টকাৰ নগদ ধন, মানপত্ৰ, সম্মানীয় পোছাক আদি। তদুপৰি প্ৰকাশকৰ সাহিত্য বঁটা লাভ কৰে বান্ধৱ প্ৰকাশনৰ স্বত্বাধিকাৰী ৰঞ্জন জ্যোতি শৰ্মাই। এই বঁটাৰ সৈতে আছে নগদ ৩ লাখ টকা আৰু আনুসংগিক সামগ্ৰী (Assam Publication Council)।

অসম গ্ৰন্থমেলাতেই অসম চৰকাৰে ৮১৮ গৰাকী যুৱ লেখকক প্ৰদান কৰা যুৱ লেখক সন্মানৰ ২৫ হাজাৰ টকা প্ৰদান কৰা হয়।

কিমানটা গ্ৰন্থ বিপনীয়ে অংশ গ্ৰহণ কৰিছিল

আয়োজক সকলৰ পৰা জানিব পৰামতে অসম গ্ৰন্থমেলাত অসম আৰু বহিঃৰাজ্যৰ পৰা অহা ১২৬ টা গ্ৰন্থ প্ৰকাশন গোষ্ঠীৰ বিপনীয়ে অংশগ্ৰহণ কৰিছিল।

কি কি গ্ৰন্থ বিক্ৰী হৈছিলঃ

গ্ৰন্থমেলাত জুবিন গাৰ্গৰ জীৱনৰ ওপৰত ভিত্তি কৰি লেখা বিভিন্নজন লেখকৰ গ্ৰন্থ অধিক বিক্ৰী হোৱা পৰিলক্ষিত হয়। সৰ্বাধিক বিক্ৰী হৈছে কপিল ঠাকুৰৰ ‘পিতৃৰ দৃষ্টিত জুবিন’ শীৰ্ষক গ্ৰন্থখন ((Zubeen Garg Books) । দ্বিতীয় সৰ্বাধিক বিক্ৰী হৈছে দেৱজিৎ ভূঞাৰ ‘মায়াবিনী ৰাতিৰ বুকুত’ গ্ৰন্থখন। তদুপৰি জুবিনৰ গদ্য শীৰ্ষক গ্ৰন্থখনো অভিলেখ সংখ্যক বিক্ৰী হৈছে । তদুপৰি জুবিন গাৰ্গ অলিখিত কথকতা, জুবিনৰ গান, মায়াবিনী জুবিন আৰু গান আদি গ্ৰন্থইও সমাদৰ লাভ কৰে।

তদুপৰি আৰণ্যক শইকীয়াৰ ‘ মৃত্যুৰ সাউদ আৰু অন্যান্য গল্প” ‘, বৈদুৰ্য বৰুৱাৰ ‘হাইৱে মাষ্টাৰ’ মেদিনী চৌধুৰীৰ ‘বিপন্ন সময়’, মৃনাল কলিতাৰ ‘ বকুল ফুলৰ দৰে’ , অনুৰাধা শৰ্মা পূজাৰীৰ ‘নাহৰৰ নিৰিবলি ছাঁ’, ৰীতা চৌধুৰীৰ ‘মাকাম’ মেক্সিম গৰ্কীৰ ‘মা’ৰ অসমীয়া অনুবাদ, য়েচে দৰজে ঠংচিৰ ‘লিঙঝিক’, ডঃ লীলা গগৈৰ ‘নৈ বৈ যায়’, নিৰুপমা বৰগোহাঞিৰ ‘অভিযাত্ৰী’ ডঃ ৰুবুল মাউতৰ ‘মোৰো এটা সপোন আছে’, মুনীন্দ্ৰ দাসৰ ‘অসমৰ মুছলমানৰ ৰাজনৈতিক ইতিহাস’, ‘বড়োৰ উত্তৰণৰ ইতিহাস’, মৃনাল কলিতাৰ ‘ চিকাৰ আৰু অন্যান্য কাহিনী’ আদি গ্ৰন্থ পাঠকে ক্ৰয় কৰা পৰিলক্ষিত হয়।

অন্যহাতেদি প্ৰথিতযশা সাহিত্যৰ গ্ৰন্থ ৰজনীকান্ত বৰদলৈৰ মিৰিজিয়ৰী, ‘মনোমতী’
কাঞ্চন বৰুৱাৰ অসীমত যাৰ হেৰাল সীমা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘মৃত্যুঞ্জয়’, হীতেশ ডেকাৰ ‘ভাড়াঘৰ’, লক্ষ্মীনন্দন বৰাৰ বাসন্তী বাসনা’, মৈত্ৰেয়ী দেৱীৰ ‘ নহন্যতে’ আদিয়েও সমাদৰ লাভ কৰিছে।

লগতে পঢ়কঃ Sparsha-3 Literary Award লাভ কৰিলে নগাঁৱৰ লেখিকা পিংগলিকা বৰকটকীয়ে


Advertisement