জ্যোতিকা বৰা, হোজাই: ‘ উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ পৰা পৃথক কৰি বাংলাদেশৰ লগত চামিল কৰাৰ চৰ্চা চলিছে(Conspiracy to Merge Northeast)।’- মংগলবাৰে হোজাই জিলাৰ শংকৰদেৱ নগৰত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ লামডিং সমষ্টিৰ হিতাধিকাৰী সকলক চেক প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিচত সাংবাদিকৰ আগত এই বিস্ফোৰক মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে-‘বাংলাদেশত বিগত এবছৰ ধৰি এই চৰ্চা চলি আছে যে উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ পৰা পৃথক কৰি বাংলাদেশৰ সৈতে চামিল কৰিব লাগে। কিন্তু ভাৰতবৰ্ষ এখন শক্তিশালী ৰাষ্ট্ৰ,পাৰমাণৱিক শক্তিশালী ৰাষ্ট্ৰ। বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিৰ দেশ। গতিকে ভাৰতক বাংলাদেশে কেনেকৈ এনে কৰিব পাৰিব। এইটো ভবাটোৱেই ভুল। কিন্তু বাংলাদেশৰ লোকৰ চিন্তা বেয়া।তেওঁলোকক বেছি সহায় কৰা উচিত নহয়।তেওঁলোককো সকিয়াই দিব লাগে।ভাৰতৰ লগত এনেধৰণৰ কৰিলে সহ্য কৰা নহব।’
বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ মহিলাৰ হিজাবত স্পৰ্শ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে-
বিহাৰৰ মুখ্যমন্ত্ৰীৰ বয়স ৮০ বছৰ । তেওঁ এজন জ্যেষ্ঠ ব্যক্তি । তেওঁ যদি হিজাবত চুইছে,নেতিবাচক ভাবে লব নালাগে। এজন দেউতাক বা ককাক বুলি ভাবিব লাগে।কাৰণ নীতিশ কুমাৰৰ যথেষ্ট বয়স। ককাক বা দেউতাকে কৰা হলে বেলেগ কথা আছিল। তথাপিও ধৰ্মীয় নিয়ম কেনেদৰে কৰিব লাগে তেওঁ জানে।

বিৰোধীয়ে কটাক্ষকলৈ সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে-বিৰোধীয়ে কি কৈছে জানিবলৈ সকলো কাম বাদ দি ৰাতি ৰীল চাই থাকিব লাগিব। ৰীল চাই থকাটো মোৰ কাম হব পাৰে জানো ?যিখিনি কথা ৰাজহুৱাভাবে কোনেও দেখা নাই, বাতৰি কাকতেও উলিওৱা নাই।টিভিটো হেড লাইন হোৱা নাই, তেনেকুৱা কিমান কথা গুৰুত্ব দিম।
জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ প্ৰসংগত এচ আই টিয়ে দাখিল কৰা চাৰ্জশ্বিটখন দুৰ্বল বুলি বিৰোধীয়ে কৰা সমালোচনাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীৰ মন্তব্যঃ তেওঁলোকে কেনেকৈ জানিলে?ন্যায়াধীশে চাৰ্জশ্বিটখন দুৰ্বল বুলি তেওঁলোকক কলে নেকি ? তেওঁলোকে ক’ৰ পৰা পঢ়িলে ? ভিতৰত ‘ক’ লিখা আছে নে ‘খ’ লিখা আছে তেওঁলোকে জানে জানো।বিৰোধীৰ যে কোনো জ্ঞান গভীৰতা নাই এই কথা প্ৰমাণ কৰিছে। আদালতৰ কাম বিৰোধীয়ে কেনেকৈ কৰিব?

২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী সম্পৰ্কত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে-প্ৰধানমন্ত্ৰীয়ে ২০ তাৰিখে গুৱাহাটীত নতুন টাৰ্মিনেল উদ্বোধন কৰিব আৰু পিচদিনা নামৰূপৰ সাৰখানাৰ আধাৰশিলা কৰিব। তেওঁ বিজেপি কাৰ্যাললৈ যাব আৰু শ্বহীদ স্মাৰকলৈও গৈ শ্বহীদ সকলক শ্ৰদ্ধা জনাব।
কংগ্ৰেছক কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, “কংগ্ৰেছৰ নেতা আৰু কৰ্মীয়ে তেওঁলোকৰ গৰিমাৰ বাহিৰতগৈ কথা পাতে।বিজেপি গৰিমাৰ বাহিৰত নাযায়।মোৰ অনুভৱ হয় ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে দেশবাসীৰ ওচৰত ক্ষমা খুজিব লাগে।”
ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈক সমালোচনা কৰি তেওঁ কয় যে, “অখিল গগৈয়ে আমাক সমালোচনা কৰিবলৈ তেওঁ কোন?তেওঁৰ পৰিচয় দিয়ক প্ৰথমে।তেওঁৰ দলৰ কেইজন বিধায়ক আছে?অসমৰ বাবে তেওঁ কি কি কৰিলে? তেওঁটো বিভিন্ন সময়ত বিভিন্ন কথা কয়।তেওঁ কেতিয়াবা কংগ্ৰেছৰ প্ৰশংসা কৰে আৰু কেতিয়াবা সমালোচনা কৰে।”

