শোণিতপুৰ : ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবে শাসকীয় দলৰ সমান্তৰালকৈ বিৰোধী দলসমূহৰ মাজতো আৰম্ভ হৈছে ব্যাপক তৎপৰতা। ২০২৬ ৰ বিধানসভা নিৰ্বাচনত শাসকীয় বিজেপিক ৰুধিবলৈ কংগ্ৰেছৰ নেতৃত্বত অসম জাতীয় পৰিষদ, ৰাইজৰ দলকে ধৰি অন্যান্য বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত বুজাবুজি সম্পূৰ্ণ হোৱা নাই যদিও আসন বুজাবুজিক লৈ দেওবাৰে তেজপুৰত ডাঙৰ মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে (Assam Congress seat sharing 2026)।
আসন বুজাবুজিক লৈ বিৰোধী ঐক্য গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই যদিও কংগ্ৰেছে অকলেই ১০০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি দেওবাৰে কৰা এক মন্তব্যই ৰাজনৈতিক মহলত ব্যাপক চর্চা আৰম্ভ হৈছে।
বিৰোধী ঐক্য গঠনৰ ক্ষেত্ৰত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে প্ৰায়েই কৰি আহিছে বিদ্ৰোহ। এনে প্ৰেক্ষাপটত আগন্তক ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ আসন বুজাবুজি সন্দৰ্ভত স্পষ্ট মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে (Assam Assembly Election 2026)।
আগন্তক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ ৰণকৌশল সন্দৰ্ভৰ মন্তব্য কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, “আগন্তক নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে আমি বিৰোধী দলসমূহ একত্ৰিত হৈ আগবাঢ়ি যোৱাৰ সংকল্পবদ্ব হৈছোঁ (Opposition unity in Assam)। ১০০ খন আসনৰ ওপৰত কংগ্ৰেছ দলে প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বাকীকেইখন আসনক লৈ মিত্ৰদলসমূহৰ মাজত আলাপ আলোচনা কৰিম। ১০০ খন আসনৰ ওপৰত কংগ্ৰেছে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব ((Congress strategy Assam)।”
ৰাইজৰ দলৰ এগৰাকী প্ৰাৰ্থী ঘোষণা কৰা সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, “এতিয়ালৈকে আসন সন্দৰ্ভত আলোচনা হোৱা নাই, কিন্তু কংগ্ৰেছে ১০০ খনতকৈও অধিক আসনত প্ৰতিদ্বন্দিতা কৰিব। বাকী সিদ্ধান্ত আলাপ আলোচনাৰ মাজেৰে লোৱা হ’ব (Akhil Gogoi Raijor Dal)।”
কংগ্ৰেছে অকলে ১০০ খনতকৈ অধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আনুষ্ঠানিকভাৱে কৰা ঘোষণাক বিৰোধী আঞ্চলিক দলসমূহে কিদৰে গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

