গুৱাহাটীঃ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী বিষয়া কৰ্মচাৰী কৰ্মৰাজিৰ স্বীকৃতিৰ স্বৰূপে প্ৰতিবছৰে অসম আৰক্ষীয়ে আৰক্ষী সঞ্চালক পদক প্ৰদান কৰি আহিছে। অসম আৰক্ষীৰ এই সৰ্বোচ্চ সন্মান সমূহৰ ভিতৰত অন্যতম এই সন্মান এইবাৰ লাভ কৰিছে অসম আৰক্ষীৰ ৪৬৫ গৰাকী বিষয়া আৰু কৰ্মীয়ে। এই সন্মান অনুযায়ী আৰক্ষী বিষয়া-কৰ্মী সকলক সোণ আৰু ৰূপৰ পদক প্ৰদান কৰা হয় (Assam DGP Commendation Medal 2025)। অসম আৰক্ষীৰ লগতে সংলগ্ন সংস্থা অগ্নিনিৰ্বাপক আৰু জৰুৰী সেৱা বিভাগ, অসামৰিক প্ৰতিৰক্ষা, হোম গাৰ্ড, অসম ৰাইফলছ, ভাৰতীয় সেনা আৰু চিআৰপিএফৰ বিষয়া–কৰ্মীসকলকো এই পদক প্ৰদান কৰা হয়।
এই পদক লাভ কৰা ব্যক্তি সকলৰ ভিতৰত আই পি এছ বিষয়াৰ পৰা কনিষ্টবলবললৈকে আছে।
সোণৰ পদক লাভ কৰা শীৰ্ষ আৰক্ষী বিষয় সকল হৈছেঃ
জ্যেষ্ঠ আৰক্ষী বিষয়া মুন্না প্ৰসাদ গুপ্তা (আইপিএছ), হীৰেন চন্দ্ৰ নাথ (আইপিএছ, অৱসৰপ্ৰাপ্ত), সুৰেন্দ্ৰ কুমাৰ (আইপিএছ), অখিলেশ কুমাৰ সিং( আইপিএছ), ভি. শিৱ প্ৰসাদ গঞ্জালা (আইপিএছ), বিবেক ৰাজ সিং, (আইপিএছ), জিতমল দলে( আইপিএছ, অৱসৰপ্ৰাপ্ত), ইমদাদুল হুছেইন বৰা( আইপিএছ), দেৱজ্যোতি মুখাৰ্জী( আইপিএছ), পাৰ্থ সাৰথি মহন্ত (আইপিএছ), ৰত্না সিংহা, (আইপিএছ), ৱাই. টি. গ্যাচো( আইপিএছ), অংকুৰ জৈন (আইপিএছ), প্ৰণৱ জ্যোতি গোস্বামী( আইপিএছ), ৰাজেন সিং (আইপিএছ), পুষ্পৰাজ সিং (আইপিএছ), গৌৰৱ অভিজিত দিলীপ (আইপিএছ, বৰুণ পুৰকায়স্থ (আইপিএছ), মায়ংক কুমাৰ, (আইপিএছ), লংনিত টেৰাং (আইপিএছ), শুভ্ৰজ্যোতি বৰা( আইপিএছ, পাৰ্থ প্ৰতিম দাস, (আইপিএছ), সঞ্জীৱ শেখৰ ৰয় (এপিএছ), স্বপ্ননীল ডেকা (এপিএছ, হেমন্ত কুমাৰ দাস, (এপিএএছ), অমিতাভ সিনহা,( এপিএছ), ড° ৰোজী কলিতা( এপিএছ), সুৰজিত সিং পনেছাৰ, (এপিএছ), নবনীত মহন্ত( এপিএছ), শুভাশীষ বৰুৱা( এপিএছ, শৰ্মিষ্ঠা বৰুৱা (এপিএছ), সঞ্জীৱ কুমাৰ শইকীয়া( এপিএছ), নুমল মহত্তা( এপিএছ), প্ৰকাশ সোণোৱাল (এপিএছ), ৰিপুঞ্জয় কাকতি।(এপিএছ), প্ৰণৱ কুমাৰ পেগু (এপিএছ), অনুৰাগ শৰ্মা( এপিএছ), কল্যাণ কুমাৰ পাঠক/(এপিএছ, সত্যেন্দ্ৰ সিং হাজাৰী, (এপিএছ) (Assam Police Gold Medal)।
সোণৰ পদক লাভ কৰা পৰিদৰ্শক পৰ্যায়ৰ বিষয়া সকল হৈছেঃ
পৰিদৰ্শক ধীৰাজ তালুকদাৰ (UB), মনোজ কুমাৰ সিং (AB), সঞ্জয় বৰগোহাঁই (UB), মনোজ কুমাৰ দাস (UB), ভাস্কৰ মল্ল পাটোৱাৰী (UB), সৰোজ দলে (UB),
উপপৰিদৰ্শক তথা সহকাৰী পৰিদৰ্শক পৰ্যায়ৰ বিষয়াঃ
উপ-পৰিদৰ্শক সুধাকৰ চৌধুৰী (M), উপ-পৰিদৰ্শক প্ৰণৱ মিলি (UB), সহকাৰী উপ-পৰিদৰ্শক ৰিন্তু নেওগ (UB), লেঞ্চ নায়ক দেবানন্দ মেধি (LNK/৫৮১) ।
ৰূপৰ পদক লাভ কৰা শীৰ্ষ বিষয়া সকলঃ
লাচিত বৰুৱা( আইপিএছ), প্ৰশান্ত কুমাৰ ভূঞা, (আইপিএছ), অৰবিন্দ কলিতা( আইপিএছ), ৰবিন কুমাৰ (আইপিএছ), দেবাশীষ শৰ্মা, (এপিএছ), ড° ছাদেক আলী আহমেদ (এপিএছ), জয়ন্ত সাৰথি বৰা, (এপিএছ), মৃণাল ডেকা (এপিএছ), সৌৰভজ্যোতি শইকীয়া(এপিএছ), পঞ্জিত দুৱৰা( এপিএছ), সুপ্ৰতিভ লাল বৰুৱা (এপিএছ), প্ৰদীপ শইকীয়া, (এপিএছ), মুনীন্দ্ৰ নাথ দেউৰী( এপিএছ), অলিন্দিতা গগৈ (এপিএছ), সুমিতা শৰ্মা (এপিএছ), ড° বেদান্ত মাধৱ ৰাজখোৱা (আইপিএছ), সুধাকৰ সিং (আইপিএছ), বীৰ ভেঙ্কটা ৰাকেশ ৰেড্ডী (আইপিএছ), মুছলেহ উদ্দিন আহমেদ( আইপিএছ), শ্বেতাংক মিশ্ৰা, (আইপিএছ), প্ৰশান্ত শইকীয়া( আইপিএছ), মোহন লাল মীনা( আইপিএছ), সুপ্ৰিয়া দাস, (আইপিএছ), পুষ্কিন জৈন( আইপিএছ), পংকজ যাদৱ (আইপিএছ), অক্ষত গাৰ্গ( আইপিএছ) ।
তদুপৰি অন্য বহু আৰক্ষী বিষয়া-কৰ্মীয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
সেই সকলৰ ভিতৰত চি আই ডি, এচ বি, এচ টি এফ, ভি এণ্ড এ চি,
গুৱাহাটী আৰক্ষী আয়ুক্তালয় (Police Commissionerate Guwahati), সকলো জিলা কাৰ্যনিৰ্বাহী বাহিনী, অসম আৰক্ষী বেটেলিয়ন আৰু CDO বেটেলিয়ন, অগ্নিনিৰ্বাপক আৰু জৰুৰী সেৱা, GRP আৰু সীমান্ত সংস্থা (Border Organisation), হোম গাৰ্ড আৰু অসামৰিক প্ৰতিৰক্ষা (Civil Defence) ।
বঁটা লাভ কৰা সংলগ্ন সংস্থা (ৰূপৰ পদক)ঃ
ব্ৰীগেডিয়াৰ অৱনীশ চামবিয়াল ( ভাৰতীয় সেনা, ব্ৰীগেডিয়াৰ সৰ্বজিৎ সিং ( অসম ৰাইফলছ), কৰ্ণেল কিষন বাল পি ( অসম ৰাইফলছ), কৰ্ণেল ইমিলিয়াকুম কেইটজাৰ – (অসম ৰাইফলছ), কৰ্ণেল নীলেশ ভৰদ্বাজ – (অসম ৰাইফলছ) কৰ্ণেল গজেন্দ্ৰ দাগৰ (অসম ৰাইফলছ) লেফটেনেন্ট কৰ্ণেল পালুগুল্লা মস্তান ৰেড্ডী (অসম ৰাইফলছ), মেজৰ পংকজ ৰাৱত ( ভাৰতীয় সেনা), মেজৰ উমেশ যাদৱ ( অসম ৰাইফলছ) মেজৰ জুৱেল জেমচ ( অসম ৰাইফলছ ), বিৰিঞ্চি বৰুৱা ( অসম ৰাইফলছ)
সহকাৰী কমাণ্ডেট সণ্ডীপ ( চিআৰপিএফ )
নগাঁও আৰক্ষীৰ সফলতাঃ
নৱবৰ্ষত গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষীয়ে। নগাঁও আৰক্ষীৰ কেইবাজনো বিষয়া কৰ্মীয়ে অসম আৰক্ষীৰ আৰক্ষী সঞ্চালকৰ পদক–২০২৫” লাভ কৰিছে। শ তেওঁলোকৰ দৃষ্টান্তমূলক সেৱা, অসাধাৰণ অৱদান আৰু কৰ্তব্যৰ প্ৰতি অক্লান্ত নিষ্ঠাক স্বীকৃতি জনাই এই সন্মান প্ৰদান কৰা হৈছে (Nagaon Police Achievement)।
সোণৰ মেডেল লাভ কৰা বিষয়া সকলৰ তালিকাত আছে নগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা। যিয়ে সোনৰ মেডেল লাভ কৰি নগাঁও আৰক্ষীৰ নেতৃত্বক এক নতুন উচ্চতালৈ লৈ গৈছে (DGP Commendation Medal Assam)ঃ।
ৰূপৰ মেডেল লাভ কৰা বিষয়া–কৰ্মীসকল হৈছেঃ
জয়ন্ত বৰুৱা, অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা), সঞ্জীত কুমাৰ ৰয়, পৰিদৰ্শক, সুৰজ দত্ত, উপ-পৰিদৰ্শক, বিজু বড়ো, উপ-পৰিদৰ্শক, মিজানুৰ হাজৰিকা, লেঞ্চ নায়ক, পৰশমনি হীৰা, লেঞ্চ নায়ক, হানিফ চৌধুৰী, কনিষ্ঠবল (ইউবি) (Assam Police Silver Medal)।
এইসকল বিষয়া–কৰ্মীয়ে বিভিন্ন গুৰুত্বপূৰ্ণ অপৰাধ দমন, জনসাধাৰণৰ সুৰক্ষা, তদন্ত আৰু ক্ষেত্ৰভিত্তিক সেৱাত নিষ্ঠাৰে কাম কৰি আৰক্ষী বাহিনীৰ ভাবমূর্তি উজ্জ্বল কৰি তুলিছে।
নগাঁও আৰক্ষীৰ বাবে এক ঐতিহাসিক সাফল্য। এই সাফল্য কেৱল ব্যক্তিগত সন্মানেই নহয়, ই নগাঁও জিলাৰ সমগ্ৰ আৰক্ষী বাহিনীৰ বাবে এক অনুপ্ৰেৰণা।
লগতে পঢ়কঃ Assam STF Jihad Arrest: ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল অসম, উত্তৰ-পূৱ
