মৰিগাঁওঃ নতুন বছৰৰ আৰম্ভনিতেই ভূমিকম্পৰ ভয়ংকৰ জোকাৰণি অনুভূত মধ্য অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত। সময় পুৱা – ৪.১৭ বজাত হোৱা ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল -৫.৬ (Assam Earthquake 5.6 Magnitude)।
অভিকেন্দ্ৰ – মৰিগাঁৱৰ পৰা ১৪ কিলোমিটাৰ নিলগত বুলি উল্লেখ। কাহিলী পুৱাতে হোৱা ভূমিকম্পত অসমৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ, নেপাল, ভূটান আৰু চীনতো পৰিছে প্ৰভাৱ।
পুৱা প্ৰায় ৪.১৭ বজাত অনুভূত হোৱা এই শক্তিশালী ভূমিকম্পই জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰে (Northeast India Earthquake)। ভূমিকম্পৰ অভিকেন্দ্ৰ মৰিগাঁও জিলাৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ দূৰত্বত অৱস্থিত বুলি ভূ-তত্ত্ববিদসকলে জানিবলৈ দিয়ে। গভীৰ নিশাত সংঘটিত হোৱা এই ভূমিকম্পৰ জোকাৰণি ইমানেই প্ৰবল আছিল যে বহু লোক গভীৰ নিদ্ৰাৰ পৰা উঠি ঘৰৰ বাহিৰলৈ দৌৰি ওলাই আহিবলগীয়া হয় (Morigaon Earthquake)।
অসমৰ লগতে চুবুৰীয়া ৰাজ্য আৰু দেশসমূহতো এই ভূমিকম্পৰ প্ৰভাৱ অনুভূত হয়। বিশেষকৈ বাংলাদেশ, নেপাল, ভূটান আৰু চীনৰ কেইবাটাও অঞ্চলত ভূমিকম্পৰ জোকাৰণি স্পষ্টভাৱে অনুভৱ কৰা হয় বুলি বাতৰি লাভ কৰা গৈছে (Earthquake in Assam)।
ভূমিকম্পৰ পাছত এতিয়ালৈকে কোনো বিশেষ ক্ষয় ক্ষতিৰ খবৰ পোৱা নাই যদিও কিছু কিছু স্থানত ঘৰৰ সামগ্ৰী সৰি পৰাৰ লগতে পুৰণি গাঁথনিত ক্ষুদ্ৰ ক্ষতি হোৱাৰ খবৰ আহিছে (Earthquake Damage Update)।
অৱশ্যে পৰবৰ্তী সময়ত ক্ষয় ক্ষতিৰ খবৰ অহাৰো সম্ভাৱনা আছে।
ভূমিকম্পপ্ৰবণ অঞ্চল হিচাপে পৰিচিত অসমত পুনৰ এই প্ৰাকৃতিক দুৰ্যোগে জনসাধাৰণক আতংকিত কৰি তুলিছে। বিশেষজ্ঞসকলে কয় যে অসম আৰু উত্তৰ-পূৰ্বাঞ্চল ভূমিকম্প সংবেদনশীল এলেকা হোৱাৰ বাবে সতৰ্কতা অবলম্বন কৰাটো অত্যন্ত জৰুৰী।
ক্ষয় ক্ষতিৰ বিষয়ে এই পৰ্য্যন্ত জনিব পৰা হোৱা নাই যদিও নতুন বছৰৰ আৰম্ভণিতেই কঁপাই যোৱা ভূমিকম্পই কিন্তু আতংকিত কৰি তুলিছে জনসাধাৰণক।
