গুৱাহাটী: নিৰ্বাচনী প্ৰক্ৰিয়াত স্বচ্ছতা আৰু সৰ্বাধিক অন্তৰ্ভুক্তিৰ লক্ষ্যৰে অসমৰ নিৰ্বাচনী ব্যৱস্থাত এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰাজ্যত এইবাৰ প্ৰথমবাৰৰ বাবে গাঁওসভা আৰু নগৰীয়া এলেকাৰ পৌৰসভা ৱাৰ্ডসমূহত সৰ্বসাধাৰণৰ আগত নিৰ্বাচনী ভোটাৰ তালিকা ঘোষণা কৰা হ’ব (Assam Electoral Roll Public Announcement)। ইয়াৰ জৰিয়তে কোনো যোগ্য ভোটাৰৰ নাম যাতে তালিকাৰ পৰা বাদ নপৰে, সেইটো নিশ্চিত কৰাৰ চেষ্টা কৰা হৈছে।
মঙলবাৰে গুৱাহাটীত সংবাদ মাধ্যমক সম্বোধন কৰি অসমৰ মুখ্য নিৰ্বাচনী বিষয়া (CEO) অনুৰাগ গোৱেলে এই কথা প্ৰকাশ কৰে (Chief Electoral Officer Assam)। তেওঁ কয় যে গ্ৰাম্য অঞ্চলসমূহত গাঁওসভাৰ জৰিয়তে(Gram Sabha electoral roll) আৰু নগৰীয়া অঞ্চলসমূহত পৌৰসভাৰ ৱাৰ্ড পৰ্যায়ত ভোটাৰ তালিকা পঢ়ি শুনোৱা হ’ব (Municipal ward voter list)। দেশজুৰি নিৰ্বাচনী তালিকাৰ শুদ্ধতা আৰু স্বচ্ছতা নিশ্চিত কৰাৰ ক্ষেত্ৰত এই পদক্ষেপক এক গুৰুত্বপূৰ্ণ আৰু অনুকৰণযোগ্য দিশ বুলি গণ্য কৰা হৈছে।
মুখ্য নিৰ্বাচনী বিষয়া(CEO) গোৱেলে জনায় যে এই বিশেষ অভিযান ৩–৪ জানুৱাৰী আৰু ১০–১১ জানুৱাৰীত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। যদিও কোনখন জিলাত কোনদিনা এই কাৰ্যসূচী অনুষ্ঠিত হ’ব, তাৰ চূড়ান্ত সিদ্ধান্ত সংশ্লিষ্ট জিলা উপায়ুক্তসকলে গ্ৰহণ কৰিব। এই প্ৰক্ৰিয়াৰ জৰিয়তে সাধাৰণ নাগৰিকে নিজে নিজৰ নাম, ঠিকনা বা অন্যান্য তথ্য পৰীক্ষা কৰাৰ সুযোগ লাভ কৰিব আৰু কিবা ভুল থাকিলে তৎক্ষণাৎ সংশোধনৰ ব্যৱস্থা কৰিব পাৰিব।
তেওঁ লগতে জনায় যে বিশেষ পুনৰীক্ষণৰ পাছত ৰাজ্যৰ সকলো বিধানসভা সমষ্টিৰ বাবে একত্ৰিত খচৰা ভোটাৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰা হৈছে। এই খচৰা তালিকাত মুঠ ২ কোটি ৫২ লাখ ১ হাজাৰ ৬২৪ গৰাকী ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে, যি ২০২৫ চনৰ জানুৱাৰীত প্ৰকাশিত চূড়ান্ত তালিকাৰ তুলনাত ১.৩৫ শতাংশ বৃদ্ধি দেখুৱায়। উল্লেখযোগ্যভাৱে, অসমত মহিলা ভোটাৰৰ সংখ্যা এতিয়া পুৰুষ ভোটাৰৰ তুলনাত অধিক হৈছে। মহিলা ভোটাৰৰ সংখ্যা বৃদ্ধি পাই ১ কোটি ২৬ লাখ ২৮ হাজাৰ ৬৬২ গৰাকী হৈছে।
যুৱ ভোটাৰৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰি মুখ্য নিৰ্বাচনী বিষয়া গোৱেলে কয় যে খচৰা তালিকাত ইতিমধ্যে ২ লাখ ৪৫ হাজাৰৰো অধিক ১৮–১৯ বছৰ বয়সীয়া যুৱ ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে। ইয়াৰ উপৰি, বুথ লেভেল বিষয়া (BLO)সকলে ঘৰে-ঘৰে গৈ কৰা সমীক্ষাৰ সময়ত প্ৰায় ৬ লাখ ২৭ হাজাৰ সম্ভাৱ্য যুৱ ভোটাৰৰ তথ্য সংগ্ৰহ কৰিছে। অৱশ্যে এইসকলৰ নাম চূড়ান্ত ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ’বলৈ হ’লে ফৰ্ম-৬ৰ জৰিয়তে আবেদন কৰা আৱশ্যক।
খচৰা ভোটাৰ তালিকা প্ৰকাশ পোৱাৰ পাছতে দাবী আৰু আপত্তি দাখিলৰ সময়সীমা ২৭ ডিচেম্বৰ পৰা ২২ জানুৱাৰী ২০২৬লৈ নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ পাছত চূড়ান্ত ভোটাৰ তালিকা ১০ ফেব্ৰুৱাৰী ২০২৬ত প্ৰকাশ কৰা হ’ব। এইবাৰ ৰাজ্যত ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যাও বৃদ্ধি পাই ৩১ হাজাৰ ৪৮৬লৈ উন্নীত হৈছে।
উল্লেখযোগ্য যে আগন্তুক বছৰত অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব(Assam Assembly Election 2026) আৰু নিৰ্বাচনৰ দিন-তাৰিখ ফেব্ৰুৱাৰীৰ শেষভাগত বা মাৰ্চৰ প্ৰথম পষেকতে ঘোষণা হ’ব বুলি আশা কৰা হৈছে। এনে পৰিপ্ৰেক্ষিতত ভোটাৰ তালিকাক লৈ গ্ৰহণ কৰা এই নতুন পদক্ষেপে কেৱল অসমতেই নহয়, সমগ্ৰ দেশৰ বাবে এক আদৰ্শ হিচাপে গুৰুত্ব লাভ কৰিব ।
লগতে পঢ়ক: Assam Draft Voter List 2026: SR সম্পূৰ্ণ হোৱাৰ পাছত প্ৰকাশ পালে অসমৰ খচৰা ভোটাৰ তালিকা

