গুৱাহাটী: অসমৰ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মঞ্জু বৰা আৰু ইজৰাইলৰ পৰিচালক ডান ৱলমেনৰ যুটীয়া পৰিচালনাত নিৰ্মিত এখন আন্তঃৰাষ্ট্ৰীয় কাহিনীচিত্ৰ ‘পুনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ (PIFF) ২০২৬-ৰ বাবে নিৰ্বাচিত হৈছে।- Assam Israel Film PIFF 2026
ছবিখনৰ সহ-পৰিচালক ডান ৱলমেনে এই নিৰ্বাচনৰ কথা নিশ্চিত কৰি জনাইছে যে অহা ১৯ জানুৱাৰীত মহোৎসৱত ছবিখন প্ৰদৰ্শিত হ’ব।
‘মাৰ্ডাৰ্ছ টু ক্ল’জ – লাভ টু ফাৰ’ (Murders Too Close – Love Too Far) শীৰ্ষক ছবিখন অহা ১৭ আৰু ১৯ জানুৱাৰীত মহোৎসৱৰ ‘গ্ল’বেল চিনেমা’ শাখাত প্ৰদৰ্শিত হ’ব। উল্লেখযোগ্য যে, এগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা আৰু এটা বিদেশী প্ৰযোজনা গোষ্ঠীৰ মাজত হোৱা এয়া প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় যৌথ প্ৰযোজনা।

ছবিখনৰ সহ-পৰিচালক ডান ৱলমেনে এই নিৰ্বাচনৰ কথা নিশ্চিত কৰি জনাইছে যে ১৯ জানুৱাৰীত মহোৎসৱত ছবিখন দৰ্শকৰ বাবে প্ৰদৰ্শন কৰা হ’ব। ১০৮ মিনিট দৈৰ্ঘ্যৰ এই ক্ৰাইম ড্ৰামাখন সম্পূৰ্ণৰূপে অসমত চিত্ৰগ্ৰহণ কৰা হৈছে আৰু ইয়াত এটা স্থানীয় কাৰিকৰী দলে কাম কৰিছে।
পৰিচালকগৰাকীয়ে কয়, “আমাৰ ছবিখন পুনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত হোৱা বুলি জনাবলৈ পাই মই সুখী আৰু ১৯ জানুৱাৰীত তাত ছবিখন প্ৰদৰ্শিত হ’ব।”
ছবিখনৰ চিত্ৰগ্ৰহণৰ (Cinematography) দায়িত্বত আছিল পাৰ্থ বৰগোহাঁই আৰু সম্পাদনা কৰিছে ইয়াল আমিৰে। শব্দ সংস্থাপন (Sound design) দেৱজিত গায়নৰ আৰু সংগীত পৰিচালনা কৰিছে সংকেত যোশীয়ে।
ছবিখনৰ অভিনয় শিল্পীসকলৰ ভিতৰত আছে সিদ্ধাৰ্থ নিপন গোস্বামী, ছামিন মান্নান, সীমা বিশ্বাস, ভাগীৰথী বাই কদম আৰু আদিল হুছেইন।
এখন গ্ৰাম্য আৰক্ষী থানাৰ পটভূমিত নিৰ্মিত ছবিখনৰ কাহিনী আগবাঢ়িছে জ্যেষ্ঠ চিবিআই (CBI) বিষয়া ৰাম চৌধুৰীক কেন্দ্ৰ কৰি, যিয়ে দুজন আৰক্ষীৰ হত্যাকাণ্ডৰ তদন্ত কৰি আছে। তদন্তৰ কালছোৱাত তেওঁ গীতাক লগ পায়, যি এগৰাকী শিল্পী আৰু যাৰ শিল্পকৰ্মৰ মূল বিষয়বস্তু হ’ল ‘মব চাইক’লজী’ (Mob psychology) অৰ্থাৎ গণ-মানসিকতা আৰু সামূহিক আচৰণ। তদন্ত আগবঢ়াৰ লগে লগে আৰু অধিক হত্যাকাণ্ড সংঘটিত হয় আৰু সমগ্ৰ কেচটো অধিক জটিল তথা ব্যক্তিগত হৈ পৰে।
আমিৰ গেডালিয়া আৰু ডান ৱলমেনৰ সৈতে এই ছবিখনৰ যুটীয়া প্ৰযোজনাৰ দায়িত্বতো থকা মঞ্জু বৰাই কয় যে, ‘পুনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ (PIFF 2026)-লৈ ছবিখনৰ এই নিৰ্বাচন অসমীয়া চিনেমাৰ বাবে এক গুৰুত্বপূৰ্ণ মুহূৰ্ত।
উল্লেখ্য যে, ডান ৱলমেনে ইয়াৰ পূৰ্বে ‘হাইড এণ্ড ছিক’ (Hide and Seek), ‘প্ৰিচিয়াছ লাইফ’ (Precious Life) আৰু ‘জুডাছ’ (Judas)ৰ দৰে ছবি পৰিচালনা কৰিছে। ২০১৮ চনত তেওঁ ‘ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ (IFFI)-ত ‘লাইফটাইম এচিভমেণ্ট’ (জীৱনজোৰা সাধনা) বঁটাৰে সন্মানিত হৈছিল।
ছবিখনৰ চিত্ৰগ্ৰহণকাৰী পাৰ্থ বৰগোহাঁয়ে কয় যে এই প্ৰকল্পটোৰ জৰিয়তে স্থানীয় কাৰিকৰী দক্ষতাসম্পন্ন লোকসকলে অসমৰ মাটিৰ সৈতে জড়িত হৈ থাকিও এটা আন্তঃৰাষ্ট্ৰীয় দলৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰিলে। এই নিৰ্বাচনে ভৱিষ্যতে অসমক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰকল্পৰ চিত্ৰগ্ৰহণৰ স্থলী হিচাপে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে।
লগতে পঢ়ক: ধুৰন্ধৰ-ক মধ্য-প্ৰাচ্যত নিষিদ্ধ কৰাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিছে ছবি নিৰ্মাতা সন্থাই

