Assam Launches Third Year of Toria Mustard Mega Project to Boost Oilseed Productionঅসমৰ তৃতীয় বছৰৰ বাবে উদ্ধোধন টৰিয়া সৰিয়হৰ মেঘা প্ৰজেক্ট - Mustard Mega Project

ছফিকুৰ ৰহমান, নগাঁও: অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ নগাঁও জিলাৰ চিলঙনীস্থিত, মাণ্ডলিক গৱেষণা কেন্দ্ৰ আৰু ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত, ৰাজস্থানৰ ভাৰতপুৰস্থিত সৰিয়হৰ গৱেষণা সঞ্চালকালয়ৰ যুটিয়া সহযোগত, অসমত টৰিয়া-সৰিয়হৰ অধিক উৎপাদনৰ লক্ষ্যৰে মেগা প্ৰজেক্টৰ তৃতীয় বছৰৰ শুভাৰম্ভ অনুষ্ঠান সোমবাৰে অনুষ্ঠিত হয়(Mustard Mega Project)।

অসমৰ তৃতীয় বছৰৰ বাবে উদ্ধোধন টৰিয়া সৰিয়হৰ মেঘা প্ৰজেক্ট

অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই অংশ গ্ৰহণ কৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি বিধায়ক ৰূপক শৰ্মাই ভাষণত কয় “আমি সৌভাগ্যৱান। আন ৰাজ্যৰ তুলনাত আমাৰ ৰাজ্যৰ বতৰ কৃষিৰ বাবে অনুকুল। তথাপিও আমি খেতিৰ প্ৰতি আগ্ৰহী নহয়। যাৰ পৰিপ্ৰেক্ষিতত শালিখেতিৰ পাছত আমাৰ পথাৰ মুকলি হৈ থাকে। শালিখেতিৰ পাছত সেইডৰা মাটিতে উন্নত মানৰ সৰিয়হ খেতি কৰি আমি লাভান্বিত হব পাৰো। তাৰ বাবে চৰকাৰী সহায় সহযোগিতা লাভ কৰিব।

লগতে বিধায়কগৰাকীয়ে আৰু কয়,”আমাৰ নৱপ্ৰজন্মক কৃষিৰ প্ৰতি আগ্ৰহী কৰিব লাগে। অসমৰ নেমু, চাউল, ৰঙালাও বিদেশত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে”।

উল্লেখযোগ্য যে, মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ এই চৌহদতেই ২০২৩ চনৰ ১০ নবেম্বৰত এই আঁচনিৰ প্ৰথম বছৰৰ শুভাৰম্ভনি কৰা হৈছিল। এই আঁচনিৰ অধীনত প্ৰথম বৰ্ষত, ৰবিৰ বতৰত অসমৰ ২০খন জিলাৰ ৩০০ বিঘাকৈ পথাৰক সামৰি মুঠ ৬০০০ বিঘা মাটিত টৰিয়া-সৰিয়হৰ উন্নত জাতৰ প্ৰদৰ্শনীমূলক খেতি কৰা হৈছিল।

তদুপৰি, নগাঁও জিলাৰ আন ৬০০ বিঘা পথাৰত সৰিয়হ জাতীয় শস্যৰ গাঁও হিছাপে গঢ়ি তোলাৰ লক্ষ্য ৰখাৰ ওপৰিও আন তিনিশ বিঘা মাটিতো এই তৈল বীজৰ খেতি কৰাৰ সংকল্প লোৱাৰ ফলত সৰ্বমুঠ ৬৯০০ বিঘা অৰ্থাৎ ৯২০ হেক্টৰ কৃষিভুমিত টৰিয়া-সৰিয়হৰ খেতিৰে হালধীয়া বিপ্লৱৰ পথ প্ৰশস্ত হৈছিল। ইয়াৰ বাবে, মুঠ ১ কোটি ১৮.০০ লাখ টকা আবন্টন কৰা হৈছিল।

এই পৰ্যায়ত সফলভাৱে টৰিয়া সৰিয়হৰ উন্নত জাত টিএছ ৩৮(TS-38) ক ৬৫৫ হেক্টৰত ব্যৱহাৰৰ ওপৰি সৰিয়হৰ জাত পিএম ২৮(PM-28) ক ২৬৫ হেক্টৰত উন্নত কৃষি পদ্ধতি প্ৰদৰ্শিত হৈছিল। তদুপৰি, কৃষিক্ষেত্ৰৰ উত্তৰণৰ কাৰণে এক উদ্বোধনী অনুষ্ঠানৰ ওপৰিও, বজাৰ সংযোগ নিশ্চিত কৰাৰ বাবে এখনি ক্ৰেতা-বিক্ৰেতা মিলন সমাৰোহ, কেইবাটাও প্ৰশিক্ষণ কাৰ্যসূচী, ক্ষেত্ৰ দিৱস, কৃষক-বিজ্ঞানীৰ মুখামুখি অনুষ্ঠানৰ লগতে মেগা কৃষক মেলা আৰু বহিঃৰাজ্য ভ্ৰমণৰ কাৰ্যসূচীৰ দ্বাৰা বিজ্ঞানী আৰু কৃষকক উৎসাহিত কৰাৰ ব্যৱস্থা কৰা হৈছিল।

এই প্ৰকল্পৰ দ্বিতীয় বৰ্ষত ৩০খন জিলাত ১০০০ হেক্টৰৰ বৃহত্তৰ এলেকাত মুঠ ১১১.৯০ লাখ টকা ব্যৱহৃত হৈছিল। দুইতৰপীয়া কৃষিৰ বাবে কমদিনীয়া ধানৰ জাত নুমলীক ১০০০ হেক্টৰ পথাৰত প্ৰদৰ্শনীমূলক কৃষি কৰাৰ পাছত টৰিয়াৰ সচ টি এছ ৩৮(TS-38) ক ৯০২ হেক্টৰ পথাৰত প্ৰদৰ্শন কৰাৰ লগতে, ৫৬ হেক্টৰ কৃষিভুমিত ৰাজমাহ, ৪০ হেক্টৰ কৃষিভুমিত মচুৰ ডাইল আৰু ২ হেক্টৰ কৃষিভুমিত তিচি খেতি কৰা হয়।

এইখিনিতে উল্লেখ কৰিব লাগিব যে,- টৰিয়া-সৰিয়হৰ অধিক উৎপাদনৰ লক্ষ্যৰে মেগা প্ৰজেক্টৰ আৰম্ভ হোৱাৰ পূৰ্বে অসমৰ ধানৰ পাছত চন পৰি থকা খেতিৰ মাটি কালি আছিল প্ৰায় ৯–১০ লাখ হেক্টৰ। বিগত দুটা বছৰৰ প্ৰচেষ্টাৰ বাবে এই পৰিমান এতিয়া ৮.৫–৯ লাখ হেক্টৰলৈ হ্ৰাস পাইছে, যিয়ে ইতিপূৰ্বে অব্যৱহৃত কৃষিভূমিক তৈলবীজ খেতিৰ বাবে ব্যৱহাৰৰ ইতিবাচক প্ৰভাৱ দেখুৱাইছে।

তাৰোপৰি, এই মেগা প্ৰজেক্টৰ মূল সাফল্য হৈছে,- উন্নত পদ্ধতিৰ অধীনত টৰিয়া-সৰিয়হৰ উৎপাদন প্ৰায় ১৫–২৭% লৈ বৃদ্ধি পাইছে। ইয়েই স্পষ্টভাৱে বৈজ্ঞানিক পদ্ধতিৰ কাৰ্যকৰিতাৰ ইতিবাচক প্ৰভাৱক প্ৰমাণিত কৰে।

দুইতৰপীয়া কৃষিৰ দ্বাৰা কৃষকৰ আয় বৃদ্ধিৰ লগতে, কৃষকৰ দ্বাৰা উন্নত জাত আকোৱালি লোৱাৰ প্ৰৱনতা বৃদ্ধি, উন্নত প্ৰকাৰৰ বীজ উৎপাদন বৃদ্ধি কৰা আৰু বজাৰ সংযোগ আদিয়েই এই মেগা প্ৰজেক্টৰ মুখ্য উদ্দেশ্য। বুলি জানিব পৰা গৈছে। সোমবাৰে অনুষ্ঠিত হোৱা এই সমাৰোহত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত, ৰাজস্থানৰ ভাৰতপুৰস্থিত সৰিয়হ গৱেষণা সঞ্চালকালয়ৰ সঞ্চালক ড° বিজয় বীৰ সিংহৰ লগতে ৰাজস্থানৰ ভাৰতপুৰস্থিত সৰিয়হ গৱেষণা সঞ্চালকালয়ৰ প্ৰধান বিজ্ঞানী ড° অশোক কুমাৰ শৰ্মাই বিশিষ্ট অতিথিৰূপে ভাষণ আগবঢ়ায়। তদুপৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী সম্প্ৰসাৰণ সঞ্চালক, ড০ ৰঞ্জিত কুমাৰ সাউদকে প্ৰমুখ্য কৰি বিভিন্নজন ব্যক্তিয়ে অংশ লয়। মাণ্ডলিক গৱেষণা কেন্দ্ৰ, চিলঙনীৰ মুখ্যবিজ্ঞানী ড০ হিৰণ্য কুমাৰ বৰাই আজিৰ সভাখনিৰ আদৰণি ভাষণ আগবঢ়াই। তদুপৰি উক্ত অনুষ্ঠানতেই, এখনি কৃষক প্ৰশিক্ষণৰ হাতপুথি উন্মোচন কৰা হয়। ড০ ৰুদ্ৰ নাৰায়ণ বৰকাকতিয়ে আঁতধৰা অনুষ্ঠানৰ অন্তত শলাগৰ শৰাই আগবঢ়াই মাণ্ডলিক গৱেষণা কেন্দ্ৰ, চিলঙনীৰ প্ৰধানবিজ্ঞানী ড০ পবিত্ৰ কুমাৰ বৰদলৈয়ে।

লগতে পঢ়ক: মধ্য অসমত তিনিদিনীয়াকৈও চলিব উচ্ছেদ, কিন্তু নাভাঙে ঘৰ বাৰী – Three Day Eviction Drive in Nagaon


Advertisement