গুৱাহাটীঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নৱবৰ্ষৰ প্ৰথম দিনটোত বি জে পি চৰকাৰৰ কাৰ্যকালত হোৱা বিভিন্ন উন্নয়নৰ খতিয়ান দাঙি ধৰে। তদুপৰি তেওঁ নৱবৰ্ষত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়েও সদৰী কৰে (Assam New Year Government Announcements)।
অসম দ্ৰুত উন্নয়ন ৰাজ্যলৈ ৰূপান্তৰঃ
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানত কয়, “যোৱা ৫ বছৰত এখন আন্দোলনকাৰী ৰাজ্যৰ পৰা অসমৰ পৰিচয় দেশৰ ভিতৰতে আটাইতকৈ ক্ষীপ্ৰ অৰ্থনৈতিক বিকাশৰ ৰাজ্যলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছো। যিখন ৰাজ্যৰ নাম গুলী,গ্ৰেনেডৰ লগত জড়িত হৈ আছিল আজি সেই খন ৰাজ্যই ৰিজাৰ্ভ বেংকৰ তথ্যত দ্ৰুত উন্নয়ণ হোৱা ৰাজ্যলৈ ৰূপান্তৰ হৈছে (Assam government schemes 20260।”
চৰকাৰে বিগত সময়ত গ্ৰহণ কৰা বিভিন্ন ইতিবাচক পদক্ষেপৰ কথা সদৰী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “চৰাইদেউ মৈদামক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত পৰিণত কৰা, অসমীয়াক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান, বিহুৰ বিশ্ব ৰেকৰ্ড, বিশ্বজুৰি ঝুমইৰৰ প্ৰদৰ্শন, শেহতীয়াকৈ বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ ওভতাই অনাৰ পদক্ষেপ এইবোৰ আছিল যোৱা বছৰটোৰ মাইলৰ খুঁটি (Himanta Biswa Sarma announcement)৷”
ভাৰতত অধিষ্ঠিত হৈছে বীৰ লাচিতঃ মুখ্যমন্ত্ৰী
মত বিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, ” সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষনত শিবাজী মহাৰাজৰ লগতে লাচিত বৰফুকনৰ নামো উচ্চাৰণ কৰা হৈছিল। আগতে কোনো প্ৰধানমন্ত্ৰীয়ে লাচিত বৰফুকনৰ নাম এনেদৰে উচ্চাৰণ কৰা নাছিল। ৪০০ বছৰৰ লাচিত বৰফুকনৰ জন্মজয়ন্তীয়ে লাচিত বৰফুকনক সমগ্ৰ ভাৰতত অধিষ্ঠিত কৰিবলৈ সক্ষম হৈছে (Assam cultural heritage)। লাচিত বৰফুকনৰ ওপৰত টেলিভিছন চিৰিয়েল কৰিবলৈ ৰাজ্য চৰকাৰ আৰু প্ৰচাৰ ভাৰতীয়য়ে চুক্তিত স্বাক্ষৰ কৰিছে। তাৰ শ্বুটিং ইতিমধ্যে হৈছে (Assam development projects)।
খিলঞ্জীয়া মুছলমানক খিলঞ্জীয়া হিন্দুৰ সাহস হবলৈ আহ্বানঃ
খিলঞ্জীয়া মুছলমান সকলক খিলঞ্জীয়া হিন্দু সকলৰ সাহস হবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীৰ মন্তব্য,” কিছুমান কথাত যেনেদৰে খিলঞ্জীয়া মুছলমান সকলে দুখ পায়, কিছুমান কথাত খিলঞ্জীয়া হিন্দু সকলেও দুখ পায়। লাভ জেহাদৰ ঘটনাত খিলঞ্জীয়া হিন্দু সকলেও দুখ পায়। ঈদৰ দিনা প্ৰায় ১৮ ৰ পৰা ২০ হাজাৰ কিলোগ্ৰাম গৰু মাংস কটা হয়। যিখন চহৰত আটাইতকৈ বেছি খিলঞ্জীয়া হিন্দু মানুহ আছে। তেওঁলোকেওটো দুখ পায়। আমাৰ চৰকাৰে কৈ আহিছো যে খিলঞ্জীয়া হিন্দু-মুছলমানৰ অসমত সমান অধিকাৰ আছে। মিঞা মুছলমানে ফেচবুকত লিখা সাম্প্ৰদায়িক মন্তব্যৰ প্ৰত্যুত্তৰ যদি খিলঞ্জীয়া মুছলমান সকলে দিয়ে তেতিয়া হলে খিলঞ্জীয়া হিন্দু মানুহৰ শক্তি বাঢ়িব । নহলে বৰপেটা,ধুবুৰী গোৱালপাৰাত খিলঞ্জীয়া হিন্দু সংখ্যালঘু। গতিকে এই সংখ্যালঘু মানুহখিনিক সাহস লাগে, শক্তি লাগে। শিৱসাগৰ, ডিব্ৰুগড়ত যেনেদৰে খিলঞ্জীয়া মুছলমান লোক সকলক শ্ৰদ্ধাৰে চোৱা যায়, একেদৰে খিলঞ্জীয়া হিন্দু সকলকো তেওঁলোকে সাহস দিব লাগিব।
অৰ্থনৈতিক ক্ষেত্ৰত অসমৰ এক বিৰল সন্মানঃ
“অসমৰ বাবে এক ডাঙৰ সন্মান আহিছে। অসমে ডেভছত অনুষ্ঠিতব্য ‘ৱৰ্ল্ড ইক’নমিক ফ’ৰাম’ত ৰাজ্যখনৰ বিনিয়োগৰ সম্ভাৱনাক উত্থাপন কৰিব আৰু ইয়ে আমাৰ ঔদ্যোগিকৰণৰ প্ৰচেষ্টাক আৰু অধিক উন্নীত কৰিব বুলি গভীৰভাৱে বিশ্বাসী।”- মুখ্যমন্ত্ৰীৰ মন্তব্য।
অসমত হ’ব মবাইল ফোন নিৰ্মাণ ইউনিটঃ
মুখ্যমন্ত্ৰী শৰ্মাই অতি সোনকালে অসমত ম’বাইল ফোন নিৰ্মাণ ইউনিট উপলব্ধ হব বুলি ঘোষণা কৰি অসমৰ ঔদ্যোগিক খণ্ডত আন এক বৃহৎ বিনিয়োগ হ’ব বুলি কয় (Assam investment potential)।
ৰাজ্যিক দৰমহা আয়োগ গঠনৰ সিদ্ধান্তঃ
তদুপৰি প্ৰাক্তন মুখ্য সচিব সুভাষ দাসৰ নেতৃত্বত ৮ম ৰাজ্যিক দৰমহা আয়োগ গঠনৰ সিদ্ধান্ত লোৱা হৈছে বুলিও সদৰী কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
কেঞ্চাৰ চিকিৎসাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ ৰাজ্য চৰকাৰৰঃ
কেঞ্চাৰ চিকিৎসাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰা বুলি সদৰী কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই। তেওঁ কয়,” কেঞ্চাৰ চিকিৎসাৰ ৰেডিঅলজিৰ ক্ষেত্ৰত নতুন নতুন চিকিৎসা সজুলি আনিবলৈ সক্ষম হৈছো। ১৭ খন কেঞ্চাৰ চিকিৎসালয় আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছিলো। ইয়াৰে ৯ খন কাৰ্যক্ষম হৈছে। ৫০০ কোটি টক ব্যয় কৰি প্ৰটন থেৰাপী মেচিন কেঞ্চাৰ চিকিৎসাৰ বাবে আনিবলৈ সিদ্ধান্ত লৈছো। এই প্ৰটন থেৰাপী মেচিন টাটাৰ লগত আছে আৰু চেন্নাই এপল’ত আছে। কোনো চৰকাৰী চিকিৎসালয়ত প্ৰটন থেৰাপী মেচিন নাই এই পৰিকল্পনা বাস্তৱায়িত হ’লে অসম ভাৰতৰ প্ৰথমখন ৰাজ্য হ’ব, য’ত চৰকাৰী ব্যৱস্থাত অত্যাধুনিক সুবিধা উপলব্ধ হ’ব৷ ইয়াৰ জৰিয়তে অসমৰ চিকিৎসা পৰ্যটনৰ নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ’ব৷”
জানুৱাৰী মাহৰ শেষৰ পিনে প্ৰধানমন্ত্ৰী আহিব অসমলৈঃ
জানুৱাৰী মাহৰ শেষৰ পিনে অসমলৈ আহিব প্ৰধানমন্ত্ৰী। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই কথা সদৰী কৰি কয়,” কাজিৰঙাৰ ওপৰত ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰ ৬ হাজাৰ ৯৫৭ কোটি টকা ব্যয়ৰে নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছে। জানুৱাৰীৰ শেষৰ পিনে প্ৰধানমন্ত্ৰীয়ে তাৰ আধাৰশিলা স্থাপন কৰিব।
তদুপৰি গহপুৰৰ পৰা নুমলিগড়ৰ টুৱাইন টিউব আণ্ডাৰ ৱাটাৰ টানেলৰো আধাৰশিলা স্থাপন কৰিব। এই টানেলৰ লগত পূৰ্বতে মটৰ গাড়ী অহাৰ প্ৰস্তাৱ লোৱা হৈছিল। কিন্তু প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত ৰেলো সংযুক্ত হ’ব। গতিকে ১২ হাজাৰ কোটি টকাৰ এই প্ৰকল্প ২০ হাজাৰ কোটি টকালৈ বৰ্ধিত হৈছে। ইতিমধ্যে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰনালয়ে এই প্ৰকল্পটো অনুমোদন জনাইছে।
মুখ্যমন্ত্ৰীয়ে লগতে কয়,” কোকৰাঝাৰৰ বাশবাৰীত ৰেলৱেৰ ৱাগন নিৰ্মাণৰ ফেক্টৰী মুকলি কৰিব। তদুপৰি গুৱাহাটী বিমান বন্দৰৰ পৰা জালুকবাৰীলৈ এলিভেটেড কৰিডৰ নিৰ্মাণ হ’ব।
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আৰু কয়,” ৰেচন কাৰ্ড থকা প্ৰত্যেকজন লোকে চলিত মাহৰ পৰাই ১০০ টকাত দাইল চেনী লাভ কৰিব।”
২০ ফেব্ৰুৱাৰীত অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব ৮ হাজাৰ টকাঃ
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়,” ৰাজ্যৰ ৩৭ লাখৰো অধিক মাতৃ-ভগ্নীৰ বাবে এটা বৰ ভাল খবৰ দিব বিচাৰিছোঁ ৷ অহা ২০ ফেব্ৰুৱাৰীত অৰুণোদয়ৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে অৰুণোদয়ৰ ধন ৮,০০০ টকাকৈ আগতীয়াকৈ ব’হাগ বিহু উপহাৰ হিচাপে লাভ কৰিব। জানুৱাৰীৰ পৰা এপ্ৰিললৈ অৰুণোদয়ৰ ধন ৫,০০০ টকা আৰু বিশেষ বিহু উপহাৰ হিচাপে ৩,০০০ টকা লাভ কৰিব।
শিক্ষাৰ্থীৰ বাবে বাবু আচনিঃ
“ল’ৰা শিক্ষাৰ্থীক আমি প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ পূৰণ কৰিব পাৰি আনন্দিত হৈছোঁ৷ ফেব্ৰুৱাৰী মাহৰ পৰা ‘বাবু আঁচনি’ৰ অধীনত যোগ্য বিবেচিত স্নাতকোত্তৰ পঢ়ি থকা ল’ৰা শিক্ষাৰ্থীসকলক প্ৰতিমাহে ২,০০০ টকা আৰু স্নাতক শিক্ষাৰ্থীসকলক প্ৰতিমাহে ১,০০০ টকাকৈ তেওঁলোকৰ উচ্চ শিক্ষা আগবঢ়াই নিয়াত সহায়ক হোৱাকৈ প্ৰদান কৰা হ’ব।”- মুখ্যমন্ত্ৰীয়ে সংবাদ মেলত সদৰী কৰে।
২০২৫ চনত শূন্য গঁড় হত্যাঃ
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়,” ২০২৫ চনত অসমত এটাও গঁড়ৰ চোৰাং চিকাৰ হোৱা নাই। ই আমাৰ উৎকৃষ্ট সংৰক্ষণ প্ৰচেষ্টাক অব্যাহত ৰখাৰ লগতে অসমৰ গৌৰৱ সুৰক্ষিত কৰি ৰখাৰ এক দীঘলীয়া ধাৰাবাহিকতাৰ প্ৰমাণ।”
লগতে পঢ়কঃ Illegal Immigrants Deportation Assam : ২,০০০ বিদেশীক বিতাড়ণ ৰাজ্য চৰকাৰৰ

