Assam Marks 77th Republic Day with Grand Celebrations Across the Stateৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন ৭৭ সংখ্যক গণৰাজ্য দিৱস

নিউজ ডেস্কঃ সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্ততো উদযাপন কৰা হয় ৭৭ সংখ্যক স্বাধীনতা দিৱস (Assam Republic Day Celebration 2026)। গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হোৱা গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য। গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে ৰাজ্যপাল আচাৰ্যই।

ডিব্ৰুগড়ত অনিষ্ঠিত হোৱা ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰষ্ট্ৰীয় পতাকা উন্মোচন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পাতাকা উন্মোচন কৰি চৰকাৰৰ উন্নয়নমূলক কামৰ কিছু খতিয়ান দাঙি ধৰে ভাষণ প্ৰসংগত (77th Republic Day Assam)।

ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় পতাকা উম্নোচন মুখ্যমন্ত্ৰীৰ

একেদৰে জাগীৰোড সম জিলা কাৰ্যলয়ত ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই।

জাগীৰোডত ৰাষ্ট্ৰীয় পতাকা উন্মোচন মন্ত্ৰী পিয়ুষ হাজৰিকাৰ

নগাঁৱতো জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী নন্দিতা গাৰ্লোচাই (Nagaon Republic Day Programme)। নগাঁৱৰ ঐতিহ্যমণ্ডিত নুৰুল আমিন ষ্টেডিয়ামত নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে অসম চৰকাৰৰ শক্তি, ক্ৰীড়া ও যুৱ কল্যাণ, আদিবাসী কল্যাণ আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই। কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত মন্ত্ৰী গাৰ্লোচাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাইজৰ উদ্দেশ্যে দিয়া ভাষণৰ আৰম্ভণিতেই দেশৰ স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মুক্তি যুঁজাৰু সকলৰ স্বদেশ প্ৰেমক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। ভাষণ প্ৰসংগতে মন্ত্ৰী গৰাকীয়ে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা উন্নয়ন মূলক আঁচনি সমূহৰ বিষয়ে চমু খতিয়ান দাঙি ধৰে। ইয়াৰ পূৰ্বে মন্ত্ৰী গাৰ্লোচাই গণৰাজ্য দিৱস উপলক্ষে আৰক্ষী, অৰ্ধসামৰিক বাহিনী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, স্কাউট এণ্ড গাইড আৰু বহু কেইখন বিদ্যালয়ৰ শিক্ষাৰ্থী সকলে প্ৰদৰ্শন কৰা কুছ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে (Republic Day in Assam Districts)।

ইপিনে, নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ভাৰতীয় সেনাৰ বিশেষ গীত বদলোৰাম কা বদন গীত গাই নৃত্য কৰে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। এন চি চিৰ সৈতে একেলগে বদলোৰাম কা হদন গীতত কৰা নৃত্যত অংশগ্ৰহণ কৰে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাও।

লগতে পঢ়কঃ Hojai District Day: হোজাই জিলা দিৱস


Advertisement