গুৱাহাটী : অসম আৰক্ষীৰ তৎপৰতাৰ বাবেই বাংলাদেশী জেহাদী সংগঠনৰ ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল অসম তথা উত্তৰ পূৰ্বাঞ্চল। অসম আৰক্ষীৰ তৎপৰতাৰ বাবেই ১১ টাকৈ জেহাদীক জালত পেলাবলৈ সক্ষম হৈছে (Assam STF Jihad Arrest)।
বাংলাদেশী জেহাদী গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত অসম আৰক্ষীয়ে এক প্ৰেছ বিবৃতিত উল্লেখ কৰা অনুসৰি, দেশৰ নিৰাপত্তা সংস্থা আৰু চোৰাংচোৱা বিভাগে উত্তৰ-পূৰ্বাঞ্চল বিশেষকৈ অসমত চলি থকা জেহাদী কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখি আহিছে। তেওঁলোকৰ নিৰীক্ষণ আৰু অনুসন্ধানত জেহাদী অপশক্তি “ইমাম মাহমুদাৰ কাফিলা” মডিউলৰ কাৰ্যকলাপ পোহৰলৈ আহে। ‘ইমাম মাহমুদাৰ কাফিলা’ (IMK) হৈছে বাংলাদেশ-ভিত্তিক নিষিদ্ধ সংগঠন জামাত-উল-মুজাহিদিন বাংলাদেশ (JMB)-ৰ এটা শাখা (Assam Police Terror Module) ।
এই জেহাদী সংগঠন ভাৰতত নিষিদ্ধ। IMK ২০১৮ চনত জুৱেল মাহমুদ ওৰফে ইমাম মাহমুদ হাবিবুল্লাহ ওৰফে ছোহেইল নামৰ এগৰাকী প্ৰাক্তন JMB কেডাৰে প্ৰতিষ্ঠা কৰিছে। তেওঁ নিজকে IMK-ৰ “আমীৰ” বুলি দাবী কৰে আৰু “গজৱতুল হিন্দ” মতাদৰ্শৰ প্ৰচাৰ কৰে (JMB Assam Network)।
২০২৪ চনৰ আগষ্টত বাংলাদেশত শাসন ব্যৱস্থাৰ পৰিৱৰ্তনৰ পাছত জে এম বিৰ আনছাৰুল্লাহ বাংলা টীম (ABT) আৰু আল-কায়দা ইন দ্য ইণ্ডিয়ান ছাবকন্টিনেণ্ট (AQIS)-ৰ জ্যেষ্ঠ নেতাসকলে IMK নেতৃত্বক ভাৰতীয় মডিউলসমূহ সক্ৰিয় আৰু বিস্তাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। এই প্ৰক্ৰিয়াত বাংলাদেশী নাগৰিক ওমৰ আৰু খালিদক অসমৰ কাৰ্যকলাপ সমন্বয়ৰ দায়িত্ব দিয়া হয়। এই জেহাদী সংগঠনৰ অসম ইউনিটৰ মুৰব্বী হিচাপে আছে অসমৰ বৰপেটাৰৰোডৰ নাছিমউদ্দিন ওৰফে তামিম (Assam STF Jihad Arrest) l
এই সকলো কাৰ্যকলাপ ‘পূৰ্ব আকাশ’ নামৰ এটা এনক্ৰিপ্টেড সামাজিক মাধ্যমৰ জৰিয়তে সমন্বয় কৰা হয়, যিয়ে প্ৰধান যোগাযোগ আৰু নিয়োগ মঞ্চ হিচাপে কাম কৰে। ইয়াৰ জৰিয়তে অসম, পশ্চিমবংগ আৰু ত্ৰিপুৰাত থকা লোকসকলক জেহাদী কাৰ্যকলাপৰ প্ৰতি আকৰ্ষিত কৰা, নিয়োগ কৰা, আৰ্থিকভাৱে সংগঠিত কৰা আৰু উক্ত সংগঠনৰ সৈতে সংযোগ স্থাপন কৰা হৈছিল। ইয়াত ভাৰতীয় পাছপোৰ্ট থকা, পূৰ্বতে বাংলাদেশ ভ্ৰমণ কৰা ব্যক্তি তথা নিষিদ্ধ সন্ত্রাসবাদী সংগঠনৰ প্ৰাক্তন কেডাৰসকলো অন্তৰ্ভুক্ত আছিল(Northeast Terror Plot)।
নিষিদ্ধ সংগঠন আৰু মতাদৰ্শৰ সৈতে IMK-ৰ সংযোগ :
IMK-এ নিজকে “গজৱতুল হিন্দ” কেন্দ্ৰিক জেহাদী মডিউল হিচাপে আত্মপ্ৰকাশ কৰে আৰু নিষিদ্ধ আন্তঃৰাষ্ট্ৰীয় জেহাদী সংগঠনসমূহৰ সৈতে মিল থকা মতাদৰ্শৰ প্ৰচাৰ কৰে। বাংলাদেশত চৰকাৰ পৰিৱৰ্তনৰ পাছত JMB, ABT আৰু AQIS-ৰ কেডাৰসকল মুক্ত বা উৎসাহিত হোৱাত তেওঁলোকৰ মতাদৰ্শগত প্ৰভাৱ আৰু ভাৰতীয় নেটৱৰ্ক পুনৰুজ্জীৱিত হয়। যাৰ ভিতৰত IMK-সংযুক্ত প্লেটফৰ্মসমূহো আছে। IMK-এ ডিজিটেল মঞ্চৰ জৰিয়তে জেহাদ আৰু অস্ত্ৰধাৰীভাৱে ভাৰত দখলৰ আহ্বান জনোৱা মতাদৰ্শ প্ৰচাৰ কৰে।
ইয়াৰ উপৰিও IMK নেতৃত্বই লিখা জেহাদী মতাদৰ্শ যেনে ‘সৰ্বভৌম ক্ষমতাৰ মালিক আল্লাহ’ আৰু ‘গজৱতুল হিন্দৰ সংক্ষিপ্ত আলোচনা’ টেলিগ্ৰাম, ইউটিউব আৰু ফেচবুকৰ জৰিয়তে কেডাৰ আৰু সমৰ্থকসকলৰ মাজত প্ৰচাৰ কৰা হৈছে। অসমত এই ধৰণৰ ধাৰণা , মতাদৰ্শ ‘পূৰ্ব আকাশ’ নামৰ এনক্ৰিপ্টেড টেলিগ্ৰাম গ্ৰুপত প্ৰচাৰ কৰা হৈছিল।
উগ্ৰবাদীকৰণ, নিয়োগ আৰু “বায়াত” শপত
IMK মডিউলে অনুসৰণকাৰীসকলক জেহাদী কাৰ্যকলাপত নিয়োগ কৰিবলৈ এক সুসংগঠিত প্ৰক্ৰিয়া ব্যৱহাৰ কৰে। ভাৰতীয় সদস্যসকলক প্ৰথমে অনলাইন জেহাদ চেনেলৰ জৰিয়তে চিনাক্ত কৰা হয়। তাৰ পাছত তেওঁলোকক IMK-ৰ প্ৰচাৰমূলক কিতাপ আৰু বক্তৃতা যোগান ধৰা হয় আৰু সুৰক্ষিত টেলিগ্ৰাম গ্ৰুপত পৰ্যবেক্ষণ কৰা হয়। আনুষ্ঠানিকভাৱে IMK-ত যোগদান কৰিবলৈ প্ৰত্যেক নিয়োগপ্ৰাপ্তই আমীৰ মাহমুদ হাবিবুল্লাহৰ প্ৰতি ‘বায়াত’ (নিষ্ঠাৰ শপথ) ল’ব লাগে। এই প্ৰক্ৰিয়াত নিয়োগপ্ৰাপ্তই নিজৰ ব্যক্তিগত তথ্য আৰু পৰিচয়পত্ৰ নিৰ্ধাৰিত ফৰ্মত জমা দিব লাগে আৰু শপথ গ্ৰহণৰ এটা ভিডিঅ’ ৰেকৰ্ড কৰি ‘ইণ্ডিয়ান জিম্মেদাৰ’ (দায়িত্বপ্ৰাপ্ত কেডাৰ)লৈ পঠাব লাগে। সেই ভিডিঅ’ বাংলাদেশত থকা আমীৰলৈ প্ৰেৰণ কৰা হয় যাচাই আৰু অনুমোদনৰ বাবে। এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতহে তেওঁলোকক সংগঠনৰ সদস্য হিচাপে গ্ৰহণ কৰা হয়। এই পদ্ধতিয়ে অসম (বিশেষকৈ বৰপেটা আৰু চিৰাং জিলাত) আৰু পশ্চিমবংগত বহু যুৱকক জেহাদী সংগঠনত চামিল কৰা হৈছে ।
IMK-এ সামাজিক আৰু ধৰ্মীয় সমাৱেশো ব্যৱহাৰ কৰে। ২০২৪ চনৰ ডিচেম্বৰৰ পৰা কিছুমান স্থানীয় মছজিদত গোপন বৈঠক অনুষ্ঠিত হৈছে। ২০২৪ চনৰ ২৮ ডিচেম্বৰত বৰপেটাত অনুষ্ঠিত এক বৈঠকত IMK মতাদৰ্শবিদসকলে (নাছিম উদ্দিন আৰু মানিৰুল ইছলামকে ধৰি) ভাৰতত সহিংস সশস্ত্ৰ সংগ্ৰামৰ পক্ষে বক্তব্য আগবঢ়ায়। তেওঁলোকৰ এটা বক্তব্য আছিল—“ভাৰতত মুছলমানসকলৰ ওপৰত হোৱা অত্যাচাৰ সশস্ত্ৰ সংগ্ৰামৰ দ্বাৰা বন্ধ কৰিব লাগিব”।
প্ৰত্যেক বৈঠকত সাধাৰণতে ৬–৮ জন স্থানীয় যুৱক অংশগ্ৰহণ কৰে, যাক পাছত জেহাদৰ বাবে সাজু হ’বলৈ উৎসাহিত কৰা হয়। ইয়াৰ উপৰিও, কিছুমান IMK কেডাৰ বা নিয়োগপ্ৰাপ্ত ইতিমধ্যে বৈধ পাছপোৰ্ট আৰু ভিছাৰ জৰিয়তে বাংলাদেশ ভ্ৰমণ কৰি IMK নেতৃত্বৰ সৈতে সাক্ষাৎ কৰিছে। বহুজনক পৰিয়ালসহ বাংলাদেশলৈ গৈ অস্ত্ৰ প্ৰশিক্ষণ ল’বলৈ উৎসাহিত কৰা হৈছে। উল্লেখযোগ্য যে, ২০২৫ চনৰ এপ্ৰিলত অসমৰ দুজন অপাৰেটিভ (বৰপেটাৰ নাছিম উদ্দিন আৰু ছিদ্দিক আলী) মেঘালয় হৈ বাংলাদেশী হেণ্ডলাৰৰ সৈতে সাক্ষাৎ কৰিবলৈ গৈছিল।
অৰ্থসংগ্ৰহ আৰু বিত্তীয় লেনদেন :
IMK-ৰ কাৰ্যকলাপ হাৱালা আৰু সৰু বেংক একাউণ্ট লেনদেনৰ জৰিয়তে পুঁজি যোগান ধৰা হয়। নিয়োগপ্ৰাপ্ত আৰু স্থানীয় সমৰ্থকসকলে নগদ ধন আগবঢ়ায়, যাক অসমত নাছিম উদ্দিন ওৰফে তামিমে সংগ্ৰহ কৰে। সংগৃহীত ধন (নগদ আৰু বেংক একাউণ্টৰ জৰিয়তে) নিয়মিতভাৱে হাৱালা নেটৱৰ্কৰ মাধ্যমেৰে বাংলাদেশলৈ প্ৰেৰণ কৰা হয়।
পুজি যোগানৰ বাবে একাধিক বেংক একাউণ্ট ব্যৱহাৰ কৰা হয়। কেবাজনো ভাৰতীয় অপাৰেটিভেও UPI প্লেটফৰ্ম ব্যৱহাৰ কৰি ধন প্ৰেৰণ কৰিছে। অসম আৰু ত্ৰিপুৰাৰ পৰা লাখ লাখ টকা বাংলাদেশলৈ পঠোৱা হৈছে, যাৰ উদ্দেশ্য জেহাদী প্ৰশিক্ষণ আৰু লজিষ্টিক সহায়। এই ধন সংগ্ৰহ আৰু প্ৰেৰণত জড়িত মুস্তাফিজুৰ ৰহমান, ছিদ্দিক আলী, আব্দুৰ ৰহমান আদি লোকসকল সন্ত্রাসবাদী অৰ্থায়নৰ সৈতে জড়িত বুলি গণ্য কৰা হৈছে।
সীমান্তৰ সিপাৰৰ সহযোগিতা আৰু প্ৰশিক্ষণ :
IMK মডিউলে বাংলাদেশস্থিত পৃষ্ঠপোষকসকলৰ সৈতে সক্ৰিয় সীমান্তৰ সিপাৰৰ সংযোগ অব্যাহত ৰাখিছে। ২০২৪ চনত হাচিনা চৰকাৰ পতনৰ পাছত IMK-ৰ আমীৰ জেলৰ পৰা মুক্তি পোৱাৰ লগে লগে সংগঠনৰ নিয়োগ আৰু জেহাদী কাৰ্যকলাপ বৃদ্ধি পায়। IMK-এ “হিজৰত” (বাংলাদেশলৈ প্ৰবাস)ৰ ধাৰণাও প্ৰচাৰ কৰে। পূৰ্বতে বহু বাংলাদেশী যুৱকে মাহমুদ হাবিবুল্লাহৰ সৈতে জড়িত প্ৰশিক্ষণ শিবিৰত যোগদান কৰিবলৈ নিজৰ ঘৰ এৰি গৈছিল বুলি তথ্য আছে।
২০২৫ চনত অসমস্থিত IMK-সংযুক্ত লোকসকলে ভাৰতীয় পাছপোৰ্ট আৰু বৈধ ভিছাৰে বাংলাদেশ ভ্ৰমণ কৰি প্ৰশিক্ষণ গ্ৰহণ আৰু সংগঠনৰ সৈতে অধিক সংযোগ স্থাপন কৰিছে। ভাৰতীয় নিয়োগপ্ৰাপ্তসকলে লোৱা শপথৰ ভিডিঅ’ বাংলাদেশস্থিত হেণ্ডলাৰলৈ প্ৰেৰণ কৰা হৈছিল। ইয়াৰ উপৰিও, অস্ত্ৰ আৰু বোমা নিৰ্মাণ সম্পৰ্কীয় উগ্ৰবাদী সামগ্ৰী অসমত উদ্ধাৰ কৰা হৈছে, যাৰ মিল বাংলাদেশত পূৰ্বে উদ্ধাৰ হোৱা IMK-সংযুক্ত সামগ্ৰীৰ সৈতে আছে। এই সকলো তথ্যই সীমান্ত-পাৰ অবিৰত জেহাদী সমন্বয়ৰ ইংগিত দিয়ে, যিয়ে বিশেষকৈ পূব সীমান্ত অঞ্চলত ভাৰতৰ সুৰক্ষাৰ প্ৰতি গুৰুতৰ ভাবুকি সৃষ্টি কৰিছে।
ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব,শান্তি আৰু জেহাদী বিৰোধী অভিযান :
IMK-ৰ সমষ্টিগত কাৰ্যকলাপে ভাৰতৰ ঐক্য আৰু অখণ্ডতাৰ প্ৰতি গভীৰ ভাবুকি সৃষ্টি কৰিছে। এই তথ্যৰ ভিত্তিত ২০২৫ চনৰ ২৯/৩০ ডিচেম্বৰৰ মাজনিশা অসম আৰক্ষীৰ STF ৰ এটা দলে বৰপেটা, চিৰাং, বাক্সা, দৰং আৰু ত্ৰিপুৰাৰ বিভিন্ন স্থানত অভিযান চলায়।
এই অভিযানত গ্ৰেপ্তাৰ কৰা অভিযুক্তসকলক হৈছে..
নাছিম উদ্দিন ওৰফে নাজিমুদ্দিন ওৰফে তামিম (২৪), পিতা: ছুৰাহাব আলী, গাঁও: নিচুকা, থানাঃ বৰপেটা ৰোড, জিলা: বৰপেটা
আফ্ৰাহিম হুছেইন (২৪), পিতা: জাহজাহান আলী, ঠিকনা: ৱাৰ্ড নং ৮, ইছলামপুৰ, থানাঃ মঙ্গলদৈ, জিলা: দৰং
জুনাব আলী (৩৮), পিতা: আনছুৰ আলী, গাঁও: মাজৰাবাবাৰী, থানাঃ বিজনী, জিলা: চিৰাং
মিজানুৰ ৰহমান (৪৬), পিতা: প্ৰয়াত শামছুল হক, গাঁও: বৰপেটাৰোড ৱাৰ্ড নং ২, জিলা: বৰপেটা
ছুলতান মেহমুদ (৪০), পিতা: প্ৰয়াত ইমতাজ আলী, গাঁও: নিচুকা, থানাঃ বৰপেটাৰোড
মোঃ ছিদ্দিক আলী (৪৬), পিতা: প্ৰয়াত নিজাম আহমেদ, গাঁও: খৈৰাবাৰী, থানাঃ বৰপেটা ৰোড
ৰছিদুল আলম (২৮), পিতা: প্ৰয়াত ইদ্ৰিছ আলী, গাঁও: জাখলিবিল পথাৰ, পঃ গোৱাৰ্ধনা, জিলা: বাক্সা
মহিবুল খান (২৫), পিতা: নিজামুদ্দিন খান, গাঁও: মৈৰাজাৰ, থানাঃ গোৱাৰ্ধনা, জিলা: বাক্সা
ছাৰুক হুছেইন (২২), পিতা: আব্দুল ৰহমান, গাঁও: উত্তৰ আথিয়াবাৰী, থানাঃ বৰপেটা ৰোড, জিলা: বৰপেটা
মোঃ দিলবৰ ৰজক (২৬), পিতা: জয়নাল আবদিন, গাঁও: গান্ধাৰিপাৰ, থানাঃ বৰপেটা ৰোড, জিলা: বৰপেটা
জাগিৰ মিঞা (৩৩), পিতা: হানিফ মিঞা, গাঁও: দক্ষিণ জয়নগৰ, থানাঃ এ. ডি. নগৰ, জিলা: পশ্চিম ত্ৰিপুৰা।

