Assams Pride Chimu Das From Poverty to Blind Cricket World Championবিশ্ববিজয়ী চিমু দাসৰ পৰিয়ালৰ বিষয়ে জানিলে আপোনাৰো নিগৰিব অশ্ৰু

নগাঁও: চিমু দাস। আজিৰ দিনৰ অসমৰে নহয়, সমগ্ৰ ভাৰতৰ গৌৰৱ চিমু দাস। জন্মৰ পৰাই দৃষ্টিহীন চিমু দাসে বিশ্ব দৰবাৰত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি এতিয়া প্ৰশংসিত চৌদিশে। কালিলৈকে চিমু দাসক চিনি নোপোৱা সকলোৱে এতিয়া গৌৰৱ কৰে অসমৰ নগাঁও জিলাৰ চিমু দাসক। কিন্তু আজিও বহুতে নাজানে চিমু দাসৰ পৰিয়ালৰ হৃদয়স্পৰ্শী কাহিনী।

নগাঁও জিলাৰ কঠীয়াতলীৰ এটা ভগা জুপুৰীত জন্মগ্ৰহণ কৰা চিমু দাসৰ জ্যেষ্ঠ ভাতৃও বিশেষভাৱে সক্ষম। চিমু তেতিয়া মাতৃৰ গৰ্ভত। সাতমহীয়া মাতৃৰ গৰ্ভত থাকোতেই অৰ্থাৎ চিমুৰ জন্মৰ পূৰ্বেই পিতৃয়ে চিমুও শাৰীৰিক বাধাগ্ৰস্ত হোৱাৰ আশংকা কৰি পৰিয়ালটোক এলাগী কৰি আঁতৰি গৈছিল। পিতৃয়ে এৰি যোৱাৰ তিনিমাহ পাছতেই দৃষ্টিহীন হৈ পৃথিৱীলৈ অহা চিমু দাস সৰুৰে পৰাই কিবা এটা কৰি মাতৃক সুখত ৰখাৰ এটা সপোন পুহিছিল। মাতৃয়েও লোকৰ ঘৰত বাচন, কাপোৰ আদি ধুই চিমু দাসৰ লগতে বিশেষভাৱে সক্ষম ভাতৃক পোহপাল দিছিল। প্ৰথমে গুৱাহাটী পৰৱৰ্তী সময়ত দিল্লীত অধ্যয়নৰ সুযোগ লাভ কৰিছিল চিমু দাসে।

এফালে চিমুৰ মনত মাতৃৰ দুখ কষ্ট আনফালে নিজকে সফল কৰাৰ দুৰ্বাৰ হেঁপাহ বুকুত লৈয়েই আগবাঢ়ি গৈছিল চিমু দাস। এনেতে আজিৰ পৰা মাত্ৰ তিনিবছৰ পূৰ্বে ক্ৰিকেট জগতত খোজ দিছিল চিমু দাসে। এনেদৰেই এতিয়া শ্ৰীলংকাত অনুষ্ঠিত দৃষ্টিহীন T20 ক্ৰিকেটত ভাৰতীয় দলৰ হৈ খেলাৰ সুযোগ লাভ কৰা চিমু দাসে নিজৰ পাৰিদৰ্শিতা প্ৰদৰ্শন কৰি নিজৰ দলটোক চূড়ান্ত বিজয়ী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল চিমু দাসে। বিশ্ব ক্ৰিকেটত চিমু দাসে অংশগ্ৰহণ কৰা ভাৰতীয় দৃষ্টিহীন মহিলা ক্ৰিকেট দল বিজয়ী হোৱাৰ পাছতেই ৰাজ্যতেই নহয় সমগ্ৰ ভাৰততে প্ৰশংসিত হৈছে চিমু দাস।

চিমু দাসৰ বাসগৃহত নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা

ইপিনে ,শেহতীয়াকৈ এটা বেংকত ৰান্ধনী কাম কৰি পেটৰ ভাতমুঠি যোগাৰ কৰা চিমু দাসৰ মাতৃয়েও কন্যাৰ সফলতাৰ খবৰ লাভ কৰি হৈ পৰে উৎফুল্লিত। থাকিবলৈ চিমু দাসৰ পৰিয়ালৰ আছে মাথোঁ এটা ভগা পঁজা। সেয়াও লোকৰ ভেটিত।

চিমু দাসৰ পৰিয়ালত এনে দুৰৱস্থাৰ কথা অৱগত হৈয়েই নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাও ইতিমধ্যেই উপস্থিত হয় চিমু দাসৰ বাসগৃহত। লোকৰ ভেটিত থকা ঘৰত উপস্থিত হৈ জিলা আয়ুক্তগৰাকীয়ে ভেটিটো চিমু দাসৰ পৰিয়ালক বিক্ৰী কৰিবলৈ অনুৰোধ জনায় মাটিৰ স্বত্বাধিকাৰীক। মাটিৰ ব্যৱস্থা হোৱাৰ লগে লগেই প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ আবন্টন দিয়াৰ আশ্বাস প্ৰদান কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। ইপিনে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক কাষত পাই জিলা আয়ুক্তগৰাকীৰ উচ্চ প্ৰশংসা কৰে দৃষ্টিহীন ক্ৰিকেটাৰ চিমু দাসে। 

চিমু দাসৰ সৈতে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা

বিশ্বকাপ জয়ী হোৱাৰ পাছতেই নিজ বাসগৃহত উপস্থিত হৈ মাতৃ আৰু ভাতৃৰ সৈতে দুটা দিন অতিবাহিত কৰিয়েই পুনৰ অনুশীলনৰ বাবে উৰা মাৰে চিমু দাসে।

লগতে পঢ়ক : নগাঁও জিলাত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া ৰহাটকৰ


Advertisement