Bagurumba Dance World Record Created in Guwahati in Presence of PM Narendra Modiবাগুৰুম্বাই গঢ়া অভিলেখৰ সাক্ষী হ'ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

গুৱাহাটীঃ অসমৰ সাংস্কৃতিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি বড়ো জনগোষ্ঠীয় নৃত্য বাগৰুম্বাই গঢ়িলে অভিলেখ (Bagurumba Dance World Record)। গুৱাহাটীৰ সৰুসজাইৰ ষ্টেডিয়ামত ১৭ জানুৱাৰী সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ১০,০০০ৰো অধিক শিল্পীয়ে একেলগে পৰিৱেশন কৰিলে বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বাগুৰুম্বা নৃত্য। অসম চৰকাৰৰ আয়োজনত অনুষ্ঠিত এই মহান অনুষ্ঠানক বাগুৰুম্বা দহৌ ২০২৬ নামেৰে নামাকৰণ কৰা হৈছে (Bagurumba Daho 2026)। এই অনুষ্ঠানক বহুতে অসমৰ সাংস্কৃতিক গৌৰৱৰ এক মাইলৰ খুঁটি বুলি অভিহিত কৰিছে।

বড়ো জনগোষ্ঠীৰ ঐতিহ্যক বিশ্ব মঞ্চত উপস্থাপন কৰা, সাংস্কৃতিক ঐক্য প্ৰদৰ্শন কৰা আৰু বাগুৰুম্বাক বিশ্বজনীন স্বীকৃতি দিয়াৰ (বিহু আৰু ঝুমুৰৰ পিছত এই নৃত্যৰ বিশ্ব স্তৰত প্ৰতিষ্ঠা) উদ্দ্যেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে আয়োজন কৰিছে বাগুৰুম্বা দহৌ অনুষ্ঠান।

বাগুৰুম্বা নৃত্যৰ বিশেষত্ব আৰু সাংস্কৃতিক গুৰুত্ব

বাগুৰুম্বাক ‘পখিলা নৃত্য’ (Butterfly Dance) বা ‘চৰাইৰ নৃত্য’ বুলিও জনা যায় (Bodo Cultural Dance

Assam)। বড়ো ভাষাত “বাগু” মানে চৰাই বা পখিলা আৰু “ৰুম্বা” মানে নৃত্য। এই নৃত্যই প্ৰকৃতিৰ সৈতে মানৱ জীৱনৰ সমন্বয়ক প্ৰতিফলিত কৰে—পখিলাৰ উৰণ, ফুলৰ ফুলি উঠা, চৰাইৰ লহৰ, পাতৰ নাচনি আদিৰ দৰে মনোমোহা ভংগীৰে নৃত্য কৰা হয়।

পৰম্পৰাগত পোশাক: মহিলা শিল্পীসকলে ৰঙীন দখোনা (Dokhona), জোমগ্ৰা (Jwmgra/Fasra), আৰণাই (Aronai), গছলা, চন্দ্ৰহালা মালা আদি পিন্ধে, যিয়ে বড়ো বয়ন শিল্পৰ সৌন্দৰ্য প্ৰকাশ কৰে।

বাদ্যযন্ত্ৰ: খাম (Kham), চেৰজা (Serja), চিফুং (Sifung), জথা (Jota), গংৱনা (Gongwna), থাৰখা (Tharkha) আদিৰ সৈতে সংগীত।

অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীঃ তেওঁ চেৰজা বজাই শিল্পীসকলক উৎসাহিত কৰাৰ লগতে নৃত্যক “বড়ো সম্প্ৰদায়ৰ জীৱন্ত আত্মা” বুলি বৰ্ণনা কৰে। তেওঁ বড়ো শান্তি চুক্তিৰ পিছত হোৱা পৰিৱৰ্তনৰ কথা উল্লেখ কৰি কয় যে, আগতে হিংসাৰ স্থানত এতিয়া সংস্কৃতিৰ ৰং বিয়পি পৰিছে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাঃ বাগুৰুম্বা দহৌক “ইতিহাসৰ মাইলৰ খুঁটি” বুলি উল্লেখ কৰে মুখ্যমনত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। লগতে বিশ্ব মঞ্চত বাগুৰুম্বাৰ স্থান সুনিশ্চিত কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ বিহু আৰু ঝুমুৰৰ পিছত এই নৃত্যৰ বিশ্ব স্বীকৃতিৰ কথা উল্লেখ কৰে।

দেশৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত অভিলেখ গঢ়া বড়ো জনগোষ্ঠীয় নৃত্য বাগুৰুম্বা দহৌ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা, সংস্কৃতি মন্ত্ৰী বিমল বৰা, বিধানসভা অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্চিলৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীকে প্ৰমুখ কৰি মন্ত্ৰী, বিধায়কসকলো উপস্থিত থাকে।

অনুষ্ঠানৰ আকৰ্ষণীয় দিশসমূহ

প্ৰধানমন্ত্ৰীয়ে ৰোড শ্ব’ কৰি সৰুসজাইলৈ আহি বাগুৰুম্বা নৃত্য উপভোগ কৰে। অনুষ্ঠানৰ শেষত লেজাৰ শ্ব’ৱে দৰ্শকক মুগ্ধ কৰে ।

‘বাগুৰুম্বা দহৌ ২০২৬’ য়ে বড়ো জনগোষ্ঠীৰ পৰম্পৰাক সমগ্ৰ দেশ আৰু বিশ্বৰ সন্মুখত উজলাই তুলিছে। এই ঐতিহাসিক পৰিৱেশনে অসমৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু গৌৰৱক নতুন উচ্চতালৈ লৈ গৈছে।

লগতে পঢ়কঃ এইবাৰ বড়ো জনগোষ্ঠীৰ বাগুৰুম্বাই গঢ়িব অভিলেখ


Advertisement