Bangladesh anti-India remarks Tripura protestBangladesh anti-India remarks Tripura protest: বাংলাদেশী কট্টৰপন্থী নেতাৰ বিৰূপ মন্তব্যৰ বিৰুদ্ধে ত্ৰিপুৰাত প্ৰতিবাদ

ত্ৰিপুৰাঃ বাংলাদেশৰ একাংশ কট্টৰপন্থী নেতাই ভাৰত বিদ্বেষী মন্তব্য কৰা তথা উত্তৰ পূৰ্বাঞ্চলক বাংলাদেশৰ অন্তৰ্ভুক্ত কৰিম বুলি দিয়া ভাবুকিৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ জনতাই। শুকুৰবাৰে তিপ্ৰামথা পাৰ্টিয়ে (TMP) বাংলাদেশী কট্টৰপন্থী নেতাৰ উত্তৰ পূৰ্বাঞ্চল বিৰোধী মন্তব্য সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। (Bangladesh anti-India remarks Tripura protest)

তিপ্ৰামথা পাৰ্টিৰ কৰ্মীয়ে আগৰতলাত থকা বাংলাদেশ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। সহস্ৰাধিক যুৱক, মহিলাৰ লগতে যুৱ তিপ্ৰা ফেডাৰেচনৰ (YTF) নেতা সুৰজ দেৱবৰ্মাই বাংলাদেশ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি বাংলাদেশ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। (TMP protest)

প্ৰতিবাদকাৰী সকলে বাংলাদেশৰ নেচনেল চিটিজেন পাৰ্টি (NCP) নেতা হাসানত আব্দুলাহ আৰু বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুচৰ বিৰুদ্ধে ভাৰতৰ বিৰোধী কাৰ্যকলাপত উচতনি দিয়া বুলি অভিযোগ কৰে। (Bangladesh controversy)

YTFৰ নেতা সুৰজ দেৱবৰ্মাই কয় যে— বিগত কিছুদিন ধৰি বাংলাদেশৰ কট্টৰপন্থী নেতাই ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ভাৰত বিৰোধী শ্লোগান দিছে। NCP নেতা হাসানত আব্দুলাহে ইতিপূৰ্বে সাতভনী (Seven Sister) আৰু শিলিগুৰি কৰিডৰ বাংলাদেশৰ অন্তৰ্ভুক্ত কৰাৰ হুংকাৰ দিছিল। (Seven Sister issue)

শিলিগুৰি কৰিডৰক Chicken Neck বুলি কোৱা হয়। এই Chicken Neck য়ে সাতভনী অৰ্থাৎ অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাক পশ্চিম বংগৰ জৰি ভাৰতবৰ্ষৰ লগত সংযোগ কৰিছে। (Chicken Neck corridor)

দেৱবৰ্মাই কয় যে, বাংলাদেশৰ একাংশ নেতাই ভাৰতীয় সেনাৰ জৰিয়তে ভাৰতে ১৯৭১ চনত কৰা সহায় পাহৰি গৈছে। যি মুক্তি যুদ্ধত ভাৰতীয় সেনাই কৰা সহায়ৰ বাবেই বাংলাদেশ স্বাধীন ৰাজ্য হিচাপে গঠন হ’ল।

TRIPURAINFO নামৰ সংবাদ মাধ্যমত উল্লেখ কৰাৰ দৰে দেৱবৰ্মাই সকীয়াই দিয়ে যে যদি বাংলাদেশৰ কট্টৰপন্থী নেতা সকলে উত্তৰ পূৰ্বাঞ্চলকলৈ কৰা মন্তব্যৰ ক্ষেত্ৰত সংযত নহয় তেন্তে TMPয়ে কক্স বাজাৰৰ ওপৰত দাবী উত্থাপন কৰাৰ লগতে ঐতিহাসিক বিষয়সমূহ উত্থাপন কৰিব।

তদুপৰি বাংলাদেশৰ চিটাগং হিল ট্ৰেকচত বৃহৎ সংখ্যক সংখ্যালঘু লোক বসবাস কৰে। এনেধৰণৰ মন্তব্য কৰাৰ ক্ষেত্ৰত বাংলাদেশৰ কট্টৰপন্থী নেতা সংযত নহলে উত্তৰ পূৰ্বাঞ্চলৰ জনতাইও বহি নাথাকিব বুলি তেওঁ সকীয়াই দিয়ে। (North East reaction)

লগতে পঢ়ক: Anti-India Sentiment Rises in Bangladesh: কট্টৰপন্থী নেতাৰ উচতনি, হিন্দুৰ ওপৰত ভয়ংকৰ অত্যাচাৰ


Advertisement