Meghalaya Imposes Ban on Illegal Bangladeshi Fish Entry in Khasi Hillsকেৱল মানুহ নহয়, বাংলাদেশী মাছৰ অনুপ্ৰৱেশৰো বাধা

মেঘালয়ঃ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে ভাৰত চৰকাৰে কঠোৰ দৃষ্টিভংগী গ্ৰহণ কৰি আহিছে (Bangladeshi fish ban Meghalaya)। বাংলাদেশৰ পৰা যাতে অনুপ্ৰৱেশকাৰীয়ে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে সেই সম্পৰ্কত সীমান্তত নিৰাপত্তা বাহিনীয়ে সতৰ্কতাৰে দৃষ্টি ৰাখি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আদিয়ে শেহতীয়া কেইবাখনো সভাত অনুপ্ৰৱেশকাৰীক বিচাৰি উলিয়াই বহিস্কাৰ কৰা হব বুলি ঘোষণা কৰিছে। কিন্তু এইবাৰ কেৱল মাত্ৰ মানুহ নহয়, মানুহৰ লগতে বাংলাদেশী মাছৰো অনুপ্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰিছে ভাৰতৰ এখন ৰাজ্যই।

কোন ৰাজ্যত নিষেধাজ্ঞা জাৰি কৰা হৈছে বাংলাদেশী মাছৰঃ

অসমৰ চুবুৰীয়া মেঘালয় ৰাজ্যৰ দুখন জিলাত বাংলাদেশী মাছৰ অনুপ্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰা হৈছে। জানিব পৰামতে বিগত বহুদিন ধৰি ৰাজ্যখনৰ সীমান্ত এলেকাৰ জৰিয়তে বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতলৈ মাছ সৰবৰাহ হৈ আহিছিল। এই অবৈধ সৰবৰাহ ৰোধ কৰিবলৈ মেঘালয় প্ৰশাসনে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

কোনো কোন জিলাত বলবৎ হব এই নিষেধাজ্ঞাঃ

মেঘালয়ৰ পূৱ খাছি জিলা আৰু পশ্চিম খাছি জিলাত এই নিষেধাজ্ঞা বলবৎ হব । জিলাদুখনৰ সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে জানিবলৈ সংবাদ মাধ্যমত সদৰী কৰামতে জৈৱ সুৰক্ষা আৰু জনস্বাস্থ্যৰ কথা চিন্তা কৰি এই সিদ্ধান্ত লোৱা হৈছে। পূৱ খাছি পাহাৰ জিলা প্ৰশাসনৰ নিৰ্দেশনাত উল্লেখ আছে, “জিলাখনত বৈধ আইনী নথিপত্ৰ নথকা বাংলাদেশৰ পৰা অবৈধভাৱে আমদানি কৰা মাছৰ পৰিবহন, সংৰক্ষণ আৰু বিক্ৰী নিষিদ্ধ কৰা হৈছে।” একে ধৰণৰ নিৰ্দেশ পশ্চিম খাছি পাহাৰ জিলা প্ৰশাসনেও জাৰি কৰিছে। মেঘালয়ৰ বিভিন্ন ভিতৰুৱা পথ আৰু বজাৰ কেন্দ্ৰ সমূহৰ জৰিয়তে এই ধৰণৰ বাংলাদেশী মাছ জিলা দুখনত প্ৰৱেশ কৰে।

নিৰ্দেশনাটোত লগতে উল্লেখ আছে, ” বাংলাদেশী মাছৰ অবৈধ পৰিবহন আৰু প্ৰৱেশে চৰকাৰী ৰাজহ, আমদানি-ৰপ্তানি আৰু খাদ্য সুৰক্ষা বিধি উলংঘন কৰে। তদুপৰি ৰোগাক্ৰান্ত বা নিষিদ্ধ প্ৰজাতিৰ মাছ প্ৰৱেশ কৰাৰ আশংকাও নুই কৰিব নোৱাৰি।”

নিৰ্দেশনাটোত লগতে উল্লেখ আছে, “এই বাংলাদেশী মাছসমূহৰ অবৈধ, নিয়ন্ত্ৰণবিহীন আৰু প্ৰমাণপত্ৰবিহীন বিক্ৰী আৰু বিতৰণে জনস্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে গুৰুতৰ বিপদ মাতি আনে। ই স্থানীয় জলজ পৰিৱেশ ব্যৱস্থাৰ জৈৱ সুৰক্ষাত নেতিবাচক প্ৰভাৱ পেলায়। তদুপৰি বৈধ মাছ ব্যৱসায়ীসকলৰ লগতে ৰাজ্য চৰকাৰৰ ৰাজহ সংগ্ৰহৰ দিশতো ক্ষতি কৰে। ই চৰকাৰৰ আৰ্থিক দিশতো ক্ষতি কৰে।”

নিৰ্দেশনাত উল্লেখ আছে যে বৈধ আইনী নথিপত্ৰ নথকা বাংলাদেশী মাছৰ বাবে কোনো ধৰণৰ যান-বাহন, জাহাজ, নাও বা অন্য কোনো বাহন ব্যৱহাৰ কৰা আৰু এই ধৰণৰ অবৈধ কাৰ্যকলাপত জড়িত কোনো ব্যক্তি বা গোটক সহায় কৰা বা আশ্ৰয় দিয়া আইনবিৰোধী কাৰ্য হিচাপে গণ্য কৰা হ’ব। এই ধৰণৰ কাৰ্যত জড়িত কোনো ব্যক্তি ধৰা পৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা বলবৎ

এই আদেশ উলংঘন কৰা যিকোনো ব্যক্তি “ভাৰতীয় ন্যায় সংহিতা (BNS), ২০২৩-ৰ ধাৰা ২২৩ আৰু শুল্ক আইন, বিদেশী আইন তথা পাছপোৰ্ট আইনসহ প্ৰযোজ্য আন আইনগত বিধান অনুসাৰে ব্যৱস্থা গ্ৰহণৰ বাবে দায়ী হ’ব,” বুলি নিৰ্দেশনাত উল্লেখ আছে। জিলা প্ৰশাসনে লগতে জানিবলৈ দিছে যে এই নিষেধাজ্ঞামূলক আদেশ তৎক্ষণাত কাৰ্যকৰী কৰা হৈছে। পৰৱৰ্তী নিৰ্দেশ নোহোৱা পৰ্যন্ত এই নিৰ্দেশ বলবৎ থাকিব।

বাংলাদেশৰ ইলিছ মাছ জনপ্ৰিয় ভাৰততঃ

ভাৰতত বাংলাদেশৰ ইলিছ মাছ অতিকৈ জনপ্ৰিয়। বছৰি কেইবাহাজাৰ টন ইলিছ মাছ ভাৰতলৈ আহে। ইয়াৰে কিছুসংখ্যক ন্যায় সংগত তথা বৈধভাৱে আহে আৰু আন কিছুসংখ্যক অবৈধভাৱে আহে। ইলিছ মাছক বাংলাদেশত মাছৰ ৰজা বুলি কোৱা হয়। বাংলাদেশ মাছ ৰপ্তানিৰ বাবে সুপৰিচিত। বিশেষকৈ “মাছৰ ৰজা” বুলি জনাজাত ইলিছ মাছৰ বাবে। এসময়ত বঙ্গোপসাগৰত প্ৰজননৰ পিছত পদ্মা নদীৰ বিখ্যাত ইলিছ মাছ অসমলৈ বিশেষকৈ মৰিগাঁও আৰু মঙলদৈ জিলালৈ আহিছিল।

দুৰ্গা পূজাৰ সময়ত অনুমোদিত হৈছিল ১২০০ টন ইলিছ মাছৰ ৰপ্তানিৰ

বিগত বৰ্ষৰ দুৰ্গা পূজাৰ সময়ত বাংলাদেশৰ পৰা ভাৰতলৈ ১২০০ টন ইলিছ মাছ ৰপ্তানিৰ বাবে অনুমোদন হৈছিল। ২০২৪ চনত ২৪২০ টন আৰু ২০২৩ চনত ৩৯৫০ টন ইলিছ মাছ ৰপ্তানি হৈছিল।

লগতে পঢ়কঃ বাংলাদেশত পুনৰ হিন্দু হত্যা: যশোৰত হিন্দু ব্যৱসায়ী তথা সাংবাদিকক গুলীয়াই হত্যা


Advertisement