নগাঁও: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত অৱস্থিত ঐতিহাসিক তথা আধ্যাত্মিক মৰ্যাদাসম্পন্ন বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প তথা আবিৰ্ভাৱ ক্ষেত্ৰত এগৰাকী ইউটিউবাৰে অমাৰ্জিত নৃত্য কৰাকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজ্য চৰকাৰে প্ৰায় ২২৩ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই গুৰুত্বপূৰ্ণ প্ৰকল্পটোত তথাকথিত ইউটিউবাৰৰ অশোভন আচৰণ সমগ্ৰ ৰাজ্যজুৰি চৰ্চিত হৈছে (Batadrava Abirbhav Kshetra Controversy)।
উল্লেখযোগ্য যে, যোৱা ২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল। অহা ফেব্ৰুৱাৰী মাহৰ পৰা এই ‘আবিৰ্ভাৱ ক্ষেত্ৰ’ সাধাৰণ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হ’ব। ইয়াৰ পূৰ্বেই এগৰাকী ইউটিউবাৰে আবিৰ্ভাৱ ক্ষেত্ৰ দৰ্শন কৰিবলৈ গৈ উদ্দাম নৃত্য কৰা ভিডিঅ ভাইৰেল হৈ পৰে (YouTuber Dance Controversy)।
ভাইৰেল ভিডিঅ’ক লৈ বিতৰ্কঃ
প্ৰাপ্ত তথ্য অনুসৰি, য়েচমিনাৰা বেগম নামৰ এগৰাকী তথাকথিত ইউটিউবাৰে বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প চৌহদত আধুনিক সাজ-পোচাক পৰিধান কৰি এটা হিন্দী গীতৰ তালত উদ্দাম নৃত্য প্ৰদৰ্শন কৰি ৰীল ভিডিঅ’ নিৰ্মাণ কৰে। এই ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতেই গুৰুজনাৰ পৱিত্ৰ ভূমিত এই ধৰণৰ আচৰণক লৈ তীব্ৰ ক্ষোভৰ সৃষ্টি হয়।
বটদ্ৰৱা থান পৰিচালনা সমিতিৰ তীব্ৰ প্ৰতিক্ৰিয়াঃ
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক লাচিত বৰদলৈয়ে কয়—“আমি লক্ষ্য কৰিছোঁ যে, বহু দৰ্শনাৰ্থীয়ে ইয়ালৈ আহি এই স্থানৰ ধৰ্মীয় আৰু আধ্যাত্মিক মৰ্যাদা অক্ষুন্ন ৰখা নাই (Shrimanta Sankardeva)। এইখন সাধাৰণ পৰ্যটনস্থলী নহয়; ই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি-কৃষ্টিক প্ৰতিফলিত কৰা এক পৱিত্ৰ আবিৰ্ভাৱ ক্ষেত্ৰ (Batadrava Cultural Project)।”
তেওঁ লগতে কয়, “ইয়ালৈ আহোতে সকলোৱে গুৰুজনাৰ আদৰ্শৰ প্ৰতি শ্ৰদ্ধা ৰখা উচিত। অশ্লীল নৃত্য কৰি ভিডিঅ’ বনোৱা কোনোপধ্যেই গ্ৰহণযোগ্য নহয়।”
একাংশ দৰ্শনাৰ্থীয়ে আবিৰ্ভাৱ ক্ষেত্ৰত পিক পেলাই পৰিবেশ লেতেৰা কৰাৰ অভিযোগ প্ৰসংগত বৰদলৈয়ে কয়,” যিটো অত্যন্ত দুখজনক। এই আবিৰ্ভাৱ ক্ষেত্ৰত হিন্দু সমাজে পৱিত্ৰ বুলি গণ্য কৰা বিভিন্ন মূৰ্তি, প্ৰতীক আৰু গুৰুআসনৰ প্ৰতিফলন আছে। এনে ঠাইত অপবিত্ৰ বা অপমানসূচক কাৰ্য কোনোভাবেই সহ্য কৰা নহ’ব। চৰকাৰ আৰু প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক।”
প্ৰশাসনৰ কঠোৰ সকিয়নীঃ
এই ঘটনাক লৈ নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই স্পষ্ট ভাষাত কয়—
“এই প্ৰকল্পৰ মূল উদ্দেশ্য হৈছে গুৰুজনাৰ সৃষ্টি বিশ্বদৰবাৰলৈ কঢ়িয়াই নিয়া। ইয়াক আমোদ-প্ৰমোদৰ স্থান হিচাপে ব্যৱহাৰ কৰাটো কোনোপধ্যেই মানি লোৱা নহ’ব।”
তেওঁ আৰু জনায় যে, “প্ৰকল্পৰ কাম সম্পূৰ্ণ নোহোৱালৈকে দৰ্শনাৰ্থীৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ফেব্ৰুৱাৰী মাহৰ পৰাহে সাধাৰণ ৰাইজৰ বাবে মুকলি কৰা হ’ব।”
জিলা আয়ুক্তে লগতে উল্লেখ কৰে যে ভাইৰেল ভিডিঅ’টো কিছুদিন আগতেই নিৰ্মাণ কৰা হৈছিল যদিও, সম্প্ৰতি সামাজিক মাধ্যমতহে ই পোহৰলৈ আহিছে।
কঠোৰ নিয়মৰ দাবী ভক্তপ্ৰাণ ৰাইজৰঃ
উল্লেখযোগ্য যে, শ্ৰী শ্ৰী বটদ্ৰৱা থানত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত জাতীয় সাজ-পাৰ পৰিধান বাধ্যতামূলক কৰাৰ নিয়ম ইতিমধ্যে পৰিচালনা সমিতিয়ে নিৰ্ধাৰণ কৰিছে। অধিকাংশ পৰ্যটক আৰু ভক্তপ্ৰাণ ৰাইজে এই নিয়মক সমৰ্থন জনাইছে। ভক্ত সমাজে দাবী কৰিছে যে— বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প তথা আবিৰ্ভাৱ ক্ষেত্ৰত কঠোৰ নীতি-নিয়ম বলবৎ কৰি গুৰুজনাৰ পৱিত্ৰ ভূমিৰ মৰ্যাদা অক্ষুন্ন ৰাখিব লাগিব।
লগতে পঢ়কঃ Batadrava Project Inauguration: বটদ্ৰৱা প্ৰকল্প শুভাৰম্ভ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

