Batadrava Cultural Project Foreign Touristsবটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পত প্ৰথমটো বিদেশী পৰ্যটকৰ দল

ছফিকুৰ ৰহমান, নগাঁওঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থানৰ লগতে গুৰুজনাৰ অমৰ সৃষ্টিৰাজীক বিশ্ব দৰবাৰলৈ নিয়াৰ উদ্যেশ্যে অসম চৰকাৰৰ উদ্যোগত নিৰ্মান কৰা বটদ্ৰৱা প্ৰকল্পত উপস্থিত হয় প্ৰথমটো বিদেশী পৰ্যটকৰ দল (Batadrava Cultural Project Foreign Tourists)।

২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুভাৰম্ভ কৰা বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পত শুক্ৰবাৰে উপস্থিত হয় বিদেশী পৰ্যটকৰ এটা দল (Assam Cultural Tourism)।

বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প তথা শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ মুকলি হোৱাৰ পাছতে ইংৰাজী নৱ বৰ্ষৰ দ্বীতিয় দিনা গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হয় ইটালী, বেলজিয়াম আৰু লিথুৱেনিয়াৰ তিনিগৰাকী পৰ্যটক (Srimanta Sankardeva Birthplace)।

অসমীয়া জাতীয় সাজ পৰিধান কৰি বটদ্ৰৱা থানলৈ অহা ইটালীৰ জেক’পো মৰানো(Jacopo Morano), বেলজিয়ামৰ জেন মেচনিয়েৰ(Jean Meyssonnier), আৰু লিথুৱানিয়া (Lithuania)ৰ উৰ্তে ভেনচিউট Urte Venciute নামৰ এই তিনিগৰাকী পৰ্যটকে পোনে পোনে বটদ্ৰৱা থানৰ কীৰ্তনঘৰত প্ৰবেশ কৰি সেৱা লয় (Foreign Tourists in Assam)।

পাছত পদশিলাৰ পুৱাৰ নামকীৰ্তনত অংশ লৈ শংকৰ শিলিখা বৃক্ষ, হাটীপুখুৰী, আকাশী গংগা আদি দৰ্শন কৰি থানৰ ভকত বৈষ্ণৱৰ লগতো মত-বিনিময় কৰে। পাছত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ অতিথিশালাত পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক লাচিত বৰদলৈয়ে গামোছাৰে আদৰণি জনোৱা লগতে অসমীয়া পিঠা চাহৰে আপ্যায়ন কৰা হয় পৰ্যটকৰ দলটোক।

ইফালে ইংৰাজী নৱবৰ্ষৰ দ্বিতীয় দিনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ আগমন ঘটা দৰ্শনাৰ্থী, তীৰ্থযাত্ৰী সকলে ইটালী, বেলজিয়াম আৰু লিথুৱেনিয়াৰ পৰ্যটক তিনিগৰাকীৰ লগত ফটো উঠা বাবে হেতা ওপৰা লাগে।

উল্লেখ্য যে, লায়ন্স ক্লাৱ ইন্টাৰনেশ্যনেল(Lions Clubs International) ৰ ইউথ কেম্প এণ্ড এক্সচেঞ্জ(Youth Camps and Exchange) কাৰ্যসূচীৰ যোগেদি অসমলৈ অহা জেক’পো মৰানো(Jacopo Morano) জেন মেচনিয়েৰ(Jean Meyssonnier), উৰ্তে ভেনচিউট
Urte Venciute নামৰ এই তিনিগৰাকী যুৱক যুৱতীয়ে যোৱা ২৮ ডিচেম্বৰত অসমত পদাৰ্পণ কৰি ব্ৰহ্মপুত্ৰ নৈ, পূৰ্ব ত্ৰিৰুপতি শ্ৰী বালাজী, নগাঁৱৰ চাহ বাগিছা আৰু নগাঁও জিলাৰ ভেৰভেৰিত অৱস্থিত মহা মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰি আজি বটদ্ৰৱা থানত উপস্থিত হয়।

এই পৰ্যটন কেইগৰাকী সমগ্ৰ অসমৰ যাত্ৰাত লায়়ঞ্চ ক্লাৱ ইন্টাৰনেশ্যনেলৰ ডিষ্টিক গভৰ্নৰ (District 322D ৰ District Governor) ললিত কোঠাৰ, ইউথ কেম্প এণ্ড এক্সচেঞ্জৰ হষ্ট(host) পুলকিত কোঠাৰী, সদস্য মঞ্জু কোঠাৰীয়ে সংগ আৰু আতিথ্য প্ৰদান কৰে।

আনহাতে বটদ্রৱা সাংস্কৃতিক প্ৰকল্প তথা শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ মুকলি কৰাৰ পাছতে প্ৰথমবাৰৰ বাবে বটদ্ৰৱালৈ অহা বিদেশী পৰ্যটক কেইগৰাকীক জিলা প্ৰশাসনৰ বিশেষ অনুমতি সাপেক্ষে বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পলৈ লৈ যোৱা হয় (Batadrava Cultural Project Assam)। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক প্ৰাঞ্জল হাজৰিকা আৰু সংবাদদাতা দিব্যজ্যোতি বৰুৱাই সংগ প্ৰদান কৰি পৰ্যটক কেইগৰাকীক বটদ্ৰৱা থানৰ ঐতিহ্য, পৰম্পৰা আৰু ইতিহাস বৰ্ননা কৰে।

লগতে পঢ়কঃ Batadrava Cultural Project: আবিৰ্ভাৱ ক্ষেত্ৰঃ বিশ্বৰ পৰ্যটন মানচিত্ৰত ন ৰূপত উজলিব বটদ্ৰৱা


Advertisement