জ্যেষ্ঠ সাংবাদিক চন্দনজ্যোতি বৰাৰ বিশেষ লেখা: ২৯ ডিচেম্বৰ, ২০২৫ তাৰিখে (সোমবাৰ) বহু প্ৰত্যাষিত বটদ্ৰৱাস্থিত সাংস্কৃতিক প্ৰকল্প আনুষ্ঠানিক ভাবে মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । তাৰ প্ৰায় কিছুদিনৰ পিচতে ভক্ত তথা পৰ্যটকৰ দৰ্শনৰ বাবেও মুকলি হ’ব এই প্ৰকল্প। ইতিমধ্যেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযূষ হাজৰিকা, নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা তথা বিভাগীয় বিষয়াসকলে প্ৰকল্প উদ্বোধনী অনুষ্ঠানৰ সকলো কাম তদাৰক কৰিছে । এই প্ৰকল্প আনুষ্ঠানিকভাবে মুকলি হোৱাৰ পিচত অসমৰ পৰ্যটনৰ মানচিত্ৰত এক গুৰুত্বপূৰ্ণ সংযোজন হ’ব । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা জগত সভাত জিলিকি উঠিব (Batadrava Cultural Project)।
সোণালী ঐতিহ্যত বটদ্ৰৱাঃ
‘বটদ্রৱা নামে গ্রাম, শস্যে মসো অনুপম/লৌহিত্যৰ জলে অনুকূল’
মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে তেওঁৰ জন্মস্থান বটদ্রৱাৰ বিষয়ে ৰামায়ণৰ উত্তৰ কাণ্ডত এনেদৰেই উল্লেখ কৰিছিল। বটদ্রৱা নামটো সম্পর্কে এক জনশ্রুতি আছে। কথিত আছে যে ভগবান বিষ্ণুৱে বৰাহ অবতাৰ গ্রহণ কৰি পৃথিৱীক উদ্ধাৰ কৰাৰ সময়ত বটদ্রৱাতে ভূমিত লেটি লৈছিল। ভূমিত লেটি লোৱা স্থানতে বৰাহৰূপী ভগৱান বিষ্ণুৰ গাৰ পৰা এডাল নোম সৰি পৰিল। সেই নোমৰ পৰা এডাল প্রকাণ্ড বটবৃক্ষৰ সৃষ্টি হ’ল । পিছত কৃষ্ণ ৰূপে অৱতাৰ গ্রহণ কৰাৰ সময়ত ভগৱানে কুণ্ডিল নগৰীৰ স্বয়ম্বৰ সভাৰ পৰা ৰুক্মিণীক হৰণ কৰি আনোতে এই বটবৃক্ষজোপা দেখি সেই স্থানতে কিছু সময় ৰয় । তেতিয়া ৰুক্মিণীয়ে তামোল খাবলৈ অনা টেমাটো বটবৃক্ষৰ কাষতে থকা এটা জানত পৰে । পিছত ভগবান বিষ্ণুৱে টেমাটো জানটোৰ পৰা বিচাৰি আনি কক্মিণীক দিয়ে। তেতিয়াৰ পৰা এই জানটোৰ নাম টেম্বুৱানী হয়।
এই ঘটনাৰ বহু বছৰৰ পিছত পঞ্চদশ শতিকাৰ মাজভাগত হাজোৰ লেংগায়াগুৰিত কায়স্থ কূলৰ সাতঘৰ লোক আৰু ব্রাহ্মণ কুলৰ সাতঘৰ লোকে বসবাস কৰিবলৈ লয় । গৌড়ৰ ৰজা ধর্মনাৰায়ণ আৰু অসমৰ কমতাপুৰৰ ৰজা দুর্লভনাৰায়ণৰ মাজত সন্ধি অনুযায়ী লেংগায়াগুৰিত থকা এইসকলৰ ভিতৰত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ উপৰিপুৰুষ চণ্ডীবৰ ভূঞাও আছিল। পৰৱর্তী সময়ত ভুটিয়াৰ উপদ্ৰৱত এইসকল লোক কাজলিমুখেদি উজাই আহি বিভিন্ন ঠাই পাৰ হৈ টেম্বুৱানীত ৰয়হি । এই টেম্বুৱানী জানৰ পাৰতে আলিপুখুৰীত কুসুম্বৰ ভূঞাৰ ঔৰষত আৰু মাতৃ সত্যসন্ধ্যাৰ গৰ্ভত গুৰুজনাৰ জন্ম হৈছিল (Sankardev Birthplace Assam)।
মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে আলিপুখুৰীত অনাবৃষ্টি হোৱাৰ সময়ত যোগবলৰে আকাশীগংগা নমাই আনিছিল। এই আকাশীগংগাৰ পানীতে ভগৱান বিষ্ণুৰ বৰাহ অৱতাৰৰ নোমৰ পৰা সৃষ্ট বটবৃক্ষজোপা দ্রবীভূত হয়। তেতিয়াৰ পৰা এই ঠাইডোখৰক বটদ্রৱা নামেৰে জনা যায়। এই বৰদোৱাৰ পৰাই পাঁচশ বছৰৰ পূর্বে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে বৃহত্তৰ অসমীয়া জাতি গঠনৰ যি সপোন দেখিছিল, অসমৰ সমাজ জীৱনৰ যি পৰিবর্তন সাধন কৰি থৈ গৈছে সেয়া অকল্পনীয়। আজিৰ সমাজ জীৱনত তেনে পৰিৱর্তন অসম্ভৱ । ৰসোময় মাগোহো ভকতি বাণীৰে শ্রীমন্ত শংকৰদেৱে এই বৰদোৱাৰ পৰাই শ্রীকৃষ্ণব লীলাৰ কাহিনীৰ মাজেৰে অনন্ত ব্রহ্মাণ্ডব স্রষ্টা আৰু তেওঁৰ সৃষ্টিৰ ৰূপ অনুভৱ কৰাৰ বাবে সকলোকে শিক্ষা দিছিল।
গীত, নৃত্য, অভিনয়, সাহিত্য, চিত্ৰ, সাজসজ্জা, আচাৰ ব্যৱহাৰ আদিৰ মাজৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি সংস্কৃতিৰ সৃষ্টি কৰিলে সেই সংস্কৃতিয়ে বৃহত্তৰ অসমৰ জনতাক দিলে ঐক্যকামী শক্তি । বৰদোৱাৰ পৰাই শ্ৰীমন্ত শংকৰদেৱে যি ভক্তি আন্দোলনৰ সূচনা কৰিছিল সি আছিল ভাৰতবৰ্ষৰ ভক্তি আন্দোলনৰ পটভূমিত । খ্ৰীষ্টীয় চতুৰ্দশ-সপ্তদশ শতিকাত সমগ্ৰ ভাৰতবৰ্ষ জুৰি সংঘটিত হোৱা ভক্তি আন্দোলনৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভক্তি আন্দোলন পৃথক নহয় । এইক্ষেত্ৰত ডঃ সুনীত কুমাৰ চট্টোপধ্যায়ে কোৱা এষাৰ বাক্য উল্লেখ কৰিব পাৰি ।তেওঁৰ মন্তব্য-‘Sankardev is specially connected with Assam,but he belongs to the whole of India. He has a universal quality as a man faith and religion of learning and organisations’ ।
জগত গুৰুজনাই বৰদোৱাৰ পৰা কেৱল ভক্তি আন্দোলনৰে সূচনা কৰা নাছিল। তেৰাই সাহিত্য সংস্কৃতিৰ বিকাশ আৰু সমাজ সংগঠনৰ কামো তাৰ পৰাই আৰম্ভ কৰিছিল । মহেন্দ্ৰ কন্দলীৰ টোলত শিক্ষা সমাপ্ত কৰি ভূঞা পদবী গ্ৰহণ কৰাৰ পিচত তেওঁ বৰদোৱাখন নকৈ সজাই তোলাৰ ব্যৱস্থা কৰে (Batadrava Than) । চাৰিওফালে চাৰি হাটী বহোৱাই পানীৰ কাৰণে হাতী পুখুৰী খন্দুৱাই । গুৰুজনাৰ স্পৰ্শতে বৰদোৱা ‘দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ’ ৰূপান্তৰিত হয় । তথ্যমতে সৰ্বমুঠ ৪০০ বিঘা ৩ কঠা ১৫ লেচা ভূমি থকা শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ মূল বটদ্ৰৱা থান চৌহদত আছে ২৫ বিঘা ৪ কঠা ৪ লেচা ভূমি। দৌল মন্দিৰত আছে ১২ বিঘা ১৮ লেচা ভূমি । আকাশী গংগাত আছে ৫৯ বিঘা ১৩ লেচা ভূমি। সতী ৰাধিকা মন্দিৰত আছে ১৬ বিঘা ভূমি । শান্তিজানত আছে ৯৬ বিঘা ১০ লেচা ভূমি । কদমনি পথাৰ আৰু বৰহিচা ৰিজাৰ্ভত আছে ১৮৩ বিঘা ৪ কঠা ১৭ লেচা ভূমি। কাৰ পাৰ্কিঙত আছে ২ বিঘা ৪ কঠা ৬ লেচা ভূমি । অৰ্জুন তল আৰু পুখুৰীত আছে ৩ কঠা ৬ লেচা ভূমি। আভ্যন্তৰীণ পথত আছে ৩ বিঘা ৪ কঠা ১৫ লেচা মাটি ।
বটদ্ৰৱাৰ সাংস্কৃতিক প্ৰকল্পঃ
শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ তিনিকুৰি সাত বছৰ পাৰ কৰা বৰদোৱাত গুৰুজনাৰ স্মৃতিক যুগমীয়া কৰাৰ বাবে অসম চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুজনাৰ আদৰ্শ গুৰুজনাৰ অমূল্য সম্পদ সমূহক উজ্জীৱিত কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰে ২২২.৫৪ কোটি টকাৰ এক অভিলাষী প্ৰকল্প হাততলৈ ইতিমধ্যে সম্পূৰ্ণ কৰিছে (Cultural Tourism Assam)। ২০২৫ বৰ্ষৰ ২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই প্ৰকল্প উদ্বোধন কৰিব। এই প্ৰকল্পৰ ক্ষেত্ৰ ‘আবিৰ্ভাৱ ক্ষেত্ৰ’ নামৰে পৰিচিত হব। ই আমাৰ বাবে এক আপুৰুগীয়া সম্পদহৈ উঠিব (Assam Religious Tourism)।
এই প্ৰকল্পই ১৬৫ বিঘা ভূমিক আবৰি ল’ব। ইয়াৰে ১৩৫ বিঘা ভূমি বটদ্ৰৱাৰ সৰু হিচাত থকাৰ বিপৰীতে প্ৰায় ৩০ বিঘাৰো অধিক ভূমি বটদ্ৰৱাৰ বৰহিচাত আছে । তদুপৰি প্ৰায় ৪৫ বিঘা ভূমি অতিৰিক্ত ভাবে ৰাখি থোৱা হৈছে। ২০১৬ চনত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত এই ভূমি বেদখলমুক্ত কৰা হৈছিল । ২০২০ চনৰ ২৬ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীৰ পৰাই এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল । পৰৱৰ্তী সময়ত ২০২১ বৰ্ষৰ ২৫ ফেব্ৰুৱাৰীত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত গৃহমন্ত্ৰী অমিত শ্বাহ বটদ্ৰৱাত উপস্থিতহৈ এই প্ৰকল্পৰ আনুষ্ঠানিক ভাবে আধাৰশিলা স্থাপন কৰিছিল। গৃহমন্ত্ৰী অমিত শ্বাহে সেই সময়ত ভাষন প্ৰসংগত কৈছিল-‘ শংকৰদেৱৰ জন্মস্থানলৈ আহিব পৰাটো মোৰ পৰম সৌভাগ্য। গুৰুজনাৰ ওচৰলৈ আহিবলৈ কৃপাদৃষ্টি লাগিব । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শত ৰামৰাজ্যৰ কল্পনা নিহিত হৈ আছে । বিশ্ব মানৱ জাতিৰ একাত্মবোধ, ভাতৃত্ব আৰু মানৱতাবোধৰ নিদৰ্শন ভাৰতীয় মহাজাতিয়ে শংকৰ-মাধৱৰ পৰা অনুকৰণ কৰিব ।
উল্লেখযোগ্য যে বটদ্ৰৱা থানৰ বিকাশ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে নিৰ্মাণ কৰা এই প্ৰকল্পটো ‘এৰিয়েল ভিউ’ ত এজোপা বটবৃক্ষৰ দৰে লাগে(Batadrava Than Development)। ‘এৰিয়েল ভিউ’ৰ এই মাষ্টাৰ প্লেনৰ ডিজাইন কৰি ওলিয়াইছে মহিন্দ্ৰ কনচাল্টিং ইঞ্জিনীয়াৰ নামৰ প্ৰতিষ্ঠানটোৱে। এই প্ৰকল্পত আছে গুৰু আসন, প্ৰশাসনিক ভৱন, গৱেষণা কেন্দ্ৰ, জলপান ঘৰ, দক্ষতা বিকাশ কেন্দ্ৰ, নিৰাপত্তাৰক্ষীৰ ঘৰ, টিকট কাউন্টাৰ, পৰ্যটন তথ্য কেন্দ্ৰ, কাৰ পাৰ্কিং, ৰাজহুৱা শৌচাগাৰ আদি। গুৰু আসনৰ আৰ্হিত কেন্দ্ৰীয় ভাবে গৃহ, ধ্যান গৃহ নিৰ্মাণ কৰা হৈছে । ইয়াৰ উচ্চতা ২৫ মিটাৰ আৰু বহলে ৩০ মিটাৰ । প্ৰশাসনিক ভৱনটো গায়ন বায়নৰ পাগুৰিৰ আৰ্হিত নিৰ্মাণ হৈছে। ইয়াৰ আকাৰ ১০৪৮ বৰ্গমিটাৰ। জলপান ঘৰৰ আকাৰ ২৫.১৪ বৰ্গমিটাৰ। দক্ষতা বিকাশ কেন্দ্ৰ খোলৰ আৰ্হিত নিৰ্মাণ হৈছে। ইয়াৰ উপৰিও দুটা জলপান ঘৰ, যাত্ৰী নিবাস, বৰতাল আৰ্হিৰ কলাকেন্দ্ৰ তথা সভাগৃহ, শিশু উদ্যান, হেলিপেড আদিৰ নিৰ্মাণ কাৰ্য চলি আছে । অধিকাংশ কাম সম্পূৰ্ণ হৈছে যদিও কিছু অংশ এটা মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব।
ইয়াত মুখা শিল্পকে ধৰি গুৰুজনাৰ কৰ্মজীৱনৰ বিভিন্ন সমল প্ৰদৰ্শন, ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ, শংকৰী নৃত্য তথা সত্ৰীয়া নৃত্য-গীতৰ অনুষ্ঠান, বৰগীত-অংকীয়া ভাওনা আদি কৰ্মশালা অনুষ্ঠিত হ’ব। ঔম কণ্ট্ৰাক্সন নামৰ এটা কোম্পানীৰ তদাৰকত এই প্ৰকল্পৰ নিৰ্মান হৈ থকাৰ ওপৰিও থলুৱা গছ-গছনি ৰোপন কৰি প্ৰাকৃতিকভাৱে সুন্দৰ কৰাৰ প্ৰচেষ্টা লোৱা হৈছে ।
কিমান ধন ব্যয় হৈছে প্ৰকল্পটোতঃ
এই প্ৰকল্পটো নিৰ্মাণৰ বাবে ২২২.৫৪ কোটি টকা ব্যয় হৈছে । তিনিটা স্তৰত এই ধন দিয়া হৈছে । প্ৰথম পৰ্যায়ত ৫০ কোটি টকা মুকলাই হৈছিল । এই কাম ২০২০ চনৰ ২০ নৱেম্বৰত আৰম্ভ কৰি ২০২৫ চনৰ ২৫ ডিচেম্বৰত সমাপ্ত কৰা হৈছে । এই পৰ্যায়ত গুৰু আসন, প্ৰশাসনিক ভৱন, যোগ্যতা উন্নয়ণ কেন্দ্ৰ, গৱেষণা কেন্দ্ৰ, সীমা বেৰ, প্ৰথমটো জলপান ঘৰ, প্ৰৱেশদ্বাৰক সামৰি লোৱা হৈছে । দ্বিতীয় পৰ্যায়ত ১২৪.২৩ কোটি টকা মুকলাই দিয়া হৈছে। ২০২২ চনৰ ১১ অক্টোবৰত কাম আৰম্ভ কৰি ২০২৫ চনৰ ২৫ ডিচেম্বৰত কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছিল । অৱশ্যে সামান্য কাম বাকী আছে। একমাহৰ ভিতৰত এই সামান্য অংশ সম্পূৰ্ণ হব । এই পৰ্যায়ত নামঘৰ, যাত্রী নিবাস আৰু ১০ টা জনগোষ্ঠীয় কটেজ, মনিকাঞ্চন নামঘৰ, স্বাস্থ্য কেন্দ্ৰ, যানবাহন ৰখা ঠাই, ৫টা ৰাজহুৱা শৌচাগাৰ, কৰ্মচাৰীৰ গৃহ, দ্বিতীয়টো জলপান ঘৰ, কলাকেন্দ্ৰ, কৃষ্ণ লীলা, হেলিপেডক সামৰি লোৱা হৈছে । তৃতীয় পৰ্যায়ত ৫৮.৩১ কোটি টকা মুকলই দিয়া হৈছে। ২০২৫ চনৰ ১২ মাৰ্চত কাম আৰম্ভ কৰি ২০২৫ চনৰ ১২ ডিচেম্বৰত কাম সমাপ্ত কৰাৰ লক্ষ্য লোৱা হৈছে । এই পৰ্যায়ৰো কাম প্ৰায় সম্পূৰ্ণ হৈছে । এই পৰ্যায়ত সম্পূৰ্ণ পৰিসৰৰ ভূ-সৌন্দৰ্যায়ন (লেণ্ডস্কেপিং), গুৰু আসন ভৱনত সত্ৰীয়া সংস্কৃতিৰ ভাব-প্ৰতিফলন ঘটাবলৈ মিউৰেল আৰু ৰিলিফ নিৰ্মাণ, সৌন্দৰ্য আৰু পৰিবেশ উন্নত কৰাৰ লক্ষ্যৰে আধুনিক তথা অত্যাধুনিক সামগ্ৰী আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি ভৱনসমূহৰ অভ্যন্তৰীণ সজ্জা, গুৰু আসন ভৱনৰ সন্নিহিত এলেকাত ফ’ম ফাউণ্টেইন নিৰ্মাণ আদি সামৰি লোৱা হৈছে ।
লগতে পঢ়ক: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব বটদ্ৰৱা প্ৰকল্প
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যঃ
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা ২২ ডিচেম্বৰত উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লোৱাৰ পিচত কৈছিল যে-গুৰুজনাক বাদ দি আমাৰ জাতি সত্বাৰ অস্তিত্ব নাই । শংকৰদেৱ জগত গুৰু । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত কেইবাবাৰো গুৰুজনাৰ শ্ৰী চৰণত আশীৰ্বাদলৈ মই ব্যক্তিগত ভাবে প্ৰশান্তি লাভ কৰিছো । গুৰুজনাৰ আশীৰ্বাদৰে অসমীয়া জাতি সমৃদ্ধিশালীহৈ থাকিব । গুৰুজনাৰ বাবেই আমি বিশ্বসভ্যতাত সাংস্কৃতিক ভাবে চহকী। এই প্ৰকল্পই গুৰুজনাৰ কৰ্মৰাজীক বিশ্বমুখী কৰিব।
অন্যসকলৰ মন্তব্যঃ
মন্ত্ৰী পীযূষ হাজৰিকাই এই প্ৰকল্পৰ প্ৰসংগত কয় যে-এই প্ৰকল্প অসমৰ সমাজ জীৱনৰ উল্লেখযোগ্য সংযোজন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰৱাক নতুন ৰূপ দিবলৈ প্ৰয়াস কৰাৰ ফলশ্ৰুতি এই দৃষ্টিনন্দন প্ৰকল্প নিৰ্মাণ হৈছে। এই প্ৰকল্প অসমীয়াৰ স্বাভিমানৰ প্ৰতীক হৈ উঠিব।
নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে- এই প্ৰকল্প নগাঁও-বটদ্ৰৱা সমষ্টিত হোৱা বাবে গৌৰৱ অনুভৱ কৰিছো । এই প্ৰকল্প মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি চৰকাৰৰ আশাশুধীয়া প্ৰচেষ্টাৰ ফল । ই বিশ্বৰ মানচিত্ৰত অসমৰ পৰ্যটন ক্ষেত্ৰক বিশেষ ৰূপত অন্তৰ্ভুক্ত কৰিলে । বিধায়ক শৰ্মাই প্ৰকল্পটোৰ নাম আবিৰ্ভাৱ ক্ষেত্ৰ হিচাপে কৰা হৈছে বুলিও অবগত কৰি কয় যে- ২০১৬ চনৰ চৰকাৰৰ কাৰ্যকালত ভূমি বেদখলমুক্তকে ধৰি প্ৰাৰম্ভিক কাম সম্পূৰ্ণ হোৱাৰ পিচত পৰৱৰ্তী চৰকাৰে প্ৰকল্পৰ কাম আগুৱাই নি সম্পূৰ্ণ কৰে ।এই প্ৰকল্পৰ দৃষ্টি নন্দন দৃশ্যই সকলোকে আকৰ্ষিত কৰিব।
জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আমাক জনালে এইদৰে, ২০২২ চনত লাডুংগাঁও, ভোমোৰাগুৰি আৰু হাইডুবিত ৮৬৮ বিঘা ভূমি বেদখলমুক্ত কৰা হৈছিল । বৰহিচা-সৰুহিচাৰো ভূমি বেদখলমুক্ত কৰি এই সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰা হৈছে । গুৰুজনাৰ ভাবধাৰা তথা সত্ৰীয়া সংস্কৃতিৰ ভাবধাৰাৰে এই সাংস্কৃতিক প্ৰকল্পভাগ আগবঢ়াই নিয়া হৈছে। ইয়াত তালৰ আৰ্হিত নিৰ্মাণ কৰা সভাগৃহ আছে । খোলৰ আৰ্হিৰ গৃহত মঞ্চ আছে । তাত সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হ’ব । আত্মসহায়ক গোটবোৰৰ বাবে দক্ষতা বিকাশ কেন্দ্ৰও আছে । ৪২ বিঘা ভূমি ক্ৰয় কৰি যান বাহন ৰখা ঠাই নিৰ্মাণ কৰা হৈছে । ২৯ ডিচেম্বৰত গৃহমন্ত্ৰীয়ে সাংস্কৃতিক প্ৰকল্পটো মুকলি কৰা দিনা ৫০ হাজাৰ লোকৰ সমাবেশ হ’ব । এই প্ৰকল্প মুকলি হোৱাৰ লগে লগে সমগ্ৰ বটদ্ৰৱা পৰ্যটন স্থানলৈ ৰূপান্তৰিত হ’ব। ই নগাঁৱৰ ইতিহাসত সোণালী অধ্যায় হিচাপে থাকিব ।
শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক লাচিত বৰদলৈয়ে কয় যে-অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত অৱস্থিত শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ কাষতে গুৰুজনাৰ সৃষ্টি কৃষ্টি প্ৰতিফলিত কৰি নিৰ্মাণ হোৱা বটদ্ৰৱা প্ৰকল্প ভাৰতৰ গৃহমন্ত্ৰীয়ে উন্মোচন কৰিব । এই বিষয়লৈ থান পৰিচালনা সমিতি, বটদ্ৰৱা বাসী তথা অসমৰ ভক্তপ্ৰাণ ৰাইজ গৌৰৱান্বিত । এই উদ্যোগৰ বাবে শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক কৃতজ্ঞতা জনাইছো। এই প্ৰকল্পই অসমৰ নতুন প্ৰজন্মক গুৰুজনাৰ সৃষ্টি, নৃত্য-গীত, বাদ্যযন্ত্ৰৰ লগত পৰিচয় কৰি দিয়াৰ লগতে সকলো দৰ্শনাৰ্থীকে শংকৰী তথা সত্ৰীয়া সংস্কৃতিৰ লগত পৰিচয় কৰাই দিব। সম্ভবতঃ ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ ধৰ্মীয় পৰ্যটন ক্ষেত্ৰলৈ পৰ্যবসিত হবলগীয়া অসমৰ ইতিহাসত নতুন অধ্যায় সূচনা কৰিব।
শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমানৰ উপদেষ্টা ব্ৰজেন কাকতিয়ে কয় যে-মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান ‘বটদ্ৰৱা প্ৰকল্প’ অসমীয়া জাতিৰ বাবে সৰ্বশ্ৰেষ্ঠ উপহাৰ । বিগত চৰকাৰ সমূহৰ দিনত বটদ্ৰৱা থানৰ উৎকৰ্ষ সাধনৰ বাবে বিশেষ সদিচ্ছা নাছিল । ২০১৬ চনৰ চেপ্টেম্বৰ মাহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৱিত্ৰ জন্মস্থানৰ ভূমি বেদখলমুক্ত কৰে । সেই সময়ৰ বিত্তমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্ভেজাল আন্তৰিকতাৰ বাবেই উক্ত বেদখল মুক্ত ভূমিতে অসমবাসীৰ সপোনক বাস্তৱ ৰূপ দিবলৈ সক্ষম হৈছে । এই ভূমি বেদখলমুক্ত কৰাৰ সময়ত আমি শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক আছিলো । বৰ্তমান থান পৰিচালনা সমিতিৰ উপদেষ্টাৰ দায়িত্বত আছো । বটদ্ৰৱা প্ৰকল্পটো বিশ্বমানৰ হোৱাৰ লগতে ইয়াত গুৰুজনাৰ সৃষ্টিৰাজী জনাৰ সুবিধা পাব।
শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক শৈলেন শইকীয়াই কয় যে- ‘মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ব্যক্তিত্ব, সৃষ্টি – প্ৰতিভা, গুণ – গৰিমা বিশ্বমুখী কৰাৰ ক্ষেত্ৰত এই প্ৰকল্পই অন্য এক যাত্ৰাৰ আৰম্ভণি কৰিব । এই প্ৰকল্প দৰ্শনৰ জড়িয়তে বাহিৰৰ লোক সকলৰ গুৰুজনাৰ বিষয়ে জনাৰ আগ্ৰহ বাঢ়িব । আমাৰ ভৱিষ্যত প্ৰজন্মক এই প্ৰকল্পই গুৰুজনাৰ কৃষ্টি- দৰ্শনৰ বিষয়ে জানিবলৈ – শিকিবলৈ- বুজিবলৈ উৎসুক কৰি তুলিব । শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত স্থাপিত এই প্ৰকল্পই শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ জেউতি চৰাব । অতি কম দিনৰ ভিতৰত এনে এটা প্ৰকল্প সম্পূৰ্ণ কৰি তোলা বাবে চৰকাৰ ধন্যবাদৰ পাত্ৰ ।
কেনেকৈ যাব পাৰি প্ৰকল্পলৈঃ
গুৱাহাটীৰ দিশৰ পৰা অহা যাত্ৰী সকলৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাচত ডিমৌ চাৰিআলিৰ পৰা সোঁ হাতৰে সোমাই ৰাইডঙীয়া হৈ নগাঁও-বটদ্ৰৱা পথত উঠিব পাৰিব ।তাৰ পৰা বটদ্ৰৱালৈ যাব পাৰিব। উজনি অসমৰ পৰা অহা যাত্ৰী সকলে বা নগাঁও চহৰহৈ যাব বিচৰা সকলে হয়বৰগাঁও আৰক্ষী চকীৰ ওচৰদি নগাঁও-বটদ্ৰৱা পথৰে যাব পাৰিব । যাত্ৰী সকলৰ বাবে নগাঁও চহৰৰ পৰা যান বাহনৰ সুচল ব্যৱস্থা আছে । উল্লেখযোগ্য যে নগাঁও চহৰ আৰু ডিমৌ চাৰিআলিত যাত্ৰী সকলৰ সুবিধাৰ্থে দুখন আদৰণি তোৰণো আছে। তাৎপৰ্যপূৰ্ণ এই প্ৰকল্প মুকলি হোৱাৰ পিচৰে পৰা বটদ্ৰৱা তথা নগাঁও জিলাৰ অৰ্থনৈতিক বিকাশ সাধনৰো সম্ভাৱনা আছে ।
📍 Get Directions to Batadrava Than
লগতে পঢ়ক: অমিত শ্বাহে উদ্বোধন কৰাৰ পূৰ্বে বটদ্ৰৱা প্ৰকল্প পৰিদর্শন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

