Bhupen Bora to Join BJP on February 22, Says Himanta Biswa Sarma২২ ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই

গুৱাহাটীঃ সদ্য পদত্যাগী অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই অহা ২২ ফেব্ৰুৱাৰীত আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰিব (Bhupen Bora Joins BJP)। সোমবাৰে পদত্যাগ পত্ৰ প্ৰেৰণৰ পিছত মংগলবাৰে ভূপেন বৰাৰ বাসগৃহত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে সদৰী কৰে।

ভূপেন বৰাক কাষতে বহোৱাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, “তেওঁ কেইটা বজাত কেনেদৰে যোগদান কৰিব এই সম্পৰ্কে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সিদ্ধান্ত লব। তেওঁৰ লগত আন কেইবাজনো কংগ্ৰেছৰ নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰিব। তদুপৰি লক্ষিমপুৰ জিলাটো এক যোগদান সমাৰোহ অনুষ্ঠিত হব। ৰঙানদী, বিহপুৰীয়াৰ কংগ্ৰেছৰ নেতা-কৰ্মী সকলেও বিজেপিত যোগদান কৰিব।’

মুখ্যমন্ত্ৰী শৰ্মাই পৰবৰ্তী সময়ত ভূপেন বৰাৰ লগত বহি ৰাজনৈতিক বিষয়বোৰ ঠিক কৰি লব বুলি মন্তব্য কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই ভূপেন বৰাই প্ৰয়োজন হ’লে জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব বুলি মন্তব্য কৰি কয়, ” দলে সিদ্ধান্ত লব কোনো কৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। কিন্তু ভূপেন বৰাই বিজেপিৰ দৃষ্টি ভংগীৰে এটা ভাল সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।”

মুখ্যমন্ত্ৰী শৰ্মাই কয়, ” ভূপেন বৰাই প্ৰাৰ্থিত্বৰ দৰদাম কৰি বিজেপিত যোগদান কৰা নাই। তেওঁ ভাগি পৰাৰ বাবেহে কংগ্ৰেছ ত্যাগ কৰিছে। কাৰণ বিচৰা হ’লে কালিয়েই তেওঁ কংগ্ৰেছৰ নেতৃত্বক এটা নিৰাপদ সমষ্টি বিচাৰিব পাৰিলোহেঁতেন। যি মানুহে কষ্ট পাই আহে তেওঁৰ লগত আসনৰ বুজাবুজি কৰা মানে ব্যক্তিজনক অসন্মান কৰা।”

ভূপেন বৰা কংগ্ৰেছত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট নহয় বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ” ভূপেন বৰাকহে কংগ্ৰেছৰ বহু ভিতৰুৱা খবৰ মই দিছো।” মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছৰ বহু কৰ্মীয়ে দলটোৰ নেতৃত্বই আসন্ন নিৰ্বাচনত প্ৰকৃততে যুঁজ দিব নিবিচৰাৰ বাবে দুখ পাইছে বুলি মন্তব্য কৰি কয়, ‘ৰকিবুল হুছেইনৰ দৰে ব্যক্তিক মূল সুতিৰ অসমীয়া ভাল নাপায়, ঘৃণাৰ দৃষ্টিৰে চাই। কাৰণ হুছেইনৰ দৰে মানুহৰ চৰিত্ৰ কঠিন।”

মুখ্যমন্ত্ৰী শৰ্মাই কয়, ” বিজেপি বিধায়ক থকা সমষ্টিত বিৰোধী ঐক্যই কোনো প্ৰভাৱ নেপেলায়।” মুখ্যমন্ত্ৰী শৰ্মাই সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ২০২৯ চনৰ লোক সভা নিৰ্বাচনৰ পূৰ্বে আৰু দেৱব্ৰত শইকীয়াই ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত বিজেপিত যোগদান কৰিব বুলি কয়।”

ডঃ শৰ্মাই কয়, ” ভূপেন বৰাই যেতিয়া কংগ্ৰেছ দল কৰিছে তেওঁ যথেষ্ট গুৰুত্ব সহকাৰে কৰিছিল। কিন্তু হিন্দু ব্যক্তিয়ে কংগ্ৰেছ কৰিব নোৱাৰে। কাৰণ কংগ্ৰেছৰ ভিতৰ চৰা ৰকিবুল হুছেইনে বেলেগ ধৰণৰে বনাই পেলাইছে।”

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কেতিয়াও হতাশ নহয় বুলি মন্তব্য কৰি কয়, “তেওঁ ২০৩১ চনলৈহে প্ৰস্তুতি চলাইছে। ডাঙৰ মানুহৰ ল’ৰা কেতিয়াও হতাশ নহয়। কেতিয়াবা ৰাহুল গান্ধীক নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত হতাশ হোৱা দেখিছে নেকি? কাৰণ ডাঙৰ মানুহৰ সন্তানে সংগ্ৰাম কৰিব নালাগে। আমি সংগ্ৰাম কৰিব লগীয়া হয়। আমি সাধাৰণ মানুহৰ ঘৰৰ সন্তান।”

মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছত থকা তৃণমূল পৰ্যায়ৰ মুছলমান লোক সকলে ৰাইজৰ দলত আৰু হিন্দু সকলে বিজেপিত যোগদান কৰিব বুলি কয়।

লগতে পঢ়কঃ অসম প্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাতঃ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ পদত্যাগ


Advertisement