গুৱাহাটীঃ “বিজেপিয়ে ভোটাৰ তালিকাত অচিনাকি মানুহৰ নাম সন্নিবিষ্ট কৰি নিৰ্বাচনত বিজয়ী হ’ব খুজিছে। অসমত ‘SR’ (Special Revision)-ৰ নামত বিজেপিয়ে ভয়ানক ভোটাৰ দুৰ্নীতি সংঘটিত কৰি খিলঞ্জীয়াৰ অস্তিত্বলৈ সংকট কঢ়িয়াই অনাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।” গুৱাহাটীৰ তৈয়বুল্লা পথৰ ঘটনাক লৈ বিজেপিৰ বিৰুদ্ধে এনেধৰণৰ বিস্ফোৰক অভিযোগ আনিছে কংগ্ৰেছৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই (BJP Special Revision Assam)।
তৈয়বুল্লা পথত অচিনাকি মানুহ
উল্লেখযোগ্য, নিউ গুৱাহাটী সমষ্টিৰ অন্তৰ্গত দিঘলীপুখুৰী পাৰৰ তৈয়বুল্লা পথত থকা কেইবাটাও ঘৰৰ বিপৰীতে ঘৰকেইটাৰ বাসিন্দাই চিনি নোপোৱা মানুহৰ নাম ভোটাৰ তালিকাত সন্নিবিষ্ট হৈছে (Special Revision)। ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ পিচত তৈয়বুল্লা পথৰ ৪৪ নম্বৰৰ ঘৰটোৰ বিপৰীতে ঘৰটোৰ বাসিন্দাৰ লগতে তাত নথকা বিহাৰ -উত্তৰ প্ৰদেশৰৰ ব্যক্তিৰ নাম সন্নিবিষ্ট হৈছে। এই ঘৰটোৰ মূল ব্যক্তি হৈছে আব্দুল মুনীন চৌধুৰী। ৪৪ নম্বৰৰ ঘৰটোত নথকা যিসকল অচিনাকি ব্যক্তিৰ নাম ভোটাৰ তালিকাত সন্নিবিষ্ট হৈছে তেওঁলোক হৈছে- টিংকু প্ৰসাদ, ৰিংকু প্ৰসাদ, নেহা শ্বাহ, ফুল দেৱী আৰু অঞ্জনা বৰুৱা। একেটা পথৰে ঘৰ নম্বৰৰ ১৫ ৰ গৰাকী কাজী নেকিব আহমেদৰ ঘৰৰ বিপৰীতেও তেওঁ চিনি নোপোৱা মানুহৰ নাম সন্নিবিষ্ট হৈছে। ঘৰটোৰ বিপৰীতে দুটা ভোট আছে। কিন্তু তালিকাত এই দুটা ভোটৰ উপৰিও ৰাজেশ কুমাৰ প্ৰসাদ আৰু ৰাজনীশ কুমাৰ প্ৰসাদ নামৰ দুজন অনাঅসমীয়া লোকৰ নাম সন্নিবিষ্ট হৈছে (Assam Voter List Controversy)।
বিজেপিৰ SR-ৰ ফান্দত বিপন্ন খিলঞ্জীয়াৰ ভৱিষ্যত – দেৱব্ৰত শইকীয়া
দেওবাৰে কংগ্ৰেছৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই সংবাদ মাধ্যমক কয়, “অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত অসম চুক্তিৰ আধাৰত হোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC) উন্নীতকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পৰিৱৰ্তে, বিজেপি চৰকাৰে ‘SR’ বা বিশেষ সংশোধন (Special Revision) প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজ্যখনত এক ভয়াৱহ ষড়যন্ত্ৰত লিপ্ত হৈছে। এই প্ৰক্ৰিয়াটো আচলতে অসমৰ ডেম’গ্ৰাফী সলনি কৰি দিয়াৰ এক কৌশল।”
তেওঁ কয়, “বিজেপিৰ এই ‘হিন্দুত্ববাদী সাম্ৰাজ্যবাদ’ আৰু ‘এক দেশ, এক ভাষা’ৰ এজেণ্ডাই অসমৰ ভাষা-সংস্কৃতি আৰু খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে (Indigenous People Assam)। অসমৰ জনসাধাৰণ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে সজাগ হোৱাৰ সময় সমাগত। আমাক প্ৰব্ৰজনকাৰীৰ বোজা জাপি দিয়া ‘SR’ নালাগে, আমাক লাগে এখন নিকা আৰু বিদেশীমুক্ত অসম।”
তৈয়বুল্লা পথৰ ঘটনা সম্পৰ্কত কি ক’লে স্থানীয় বাসিন্দা আব্দুল মুনীন চৌধুৰী আৰু কাজী নেকিব আহমেদে
৪৪ নম্বৰৰ ঘৰৰ মূল বাসিন্দা আব্দুল মুনীন চৌধুৰীয়ে কয়,” আমাৰ ঘৰৰ নম্বৰ হৈছে ৪৪ আৰু ৪৫ । ঘৰত মা, মই, পত্নী, মোৰ কণ্যা, পুত্ৰ, মোৰ দাদা আৰু ভাইটি আৰু ভন্টি থাকো। কিন্তু ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ পিচত মোৰ ঘৰৰ লগত সংযোগ নথকা কেইবাজনো মানুহৰ নাম ভোটাৰ তালিকাত মোৰ ঘৰৰ বিপৰীতে আহিছে। ঘটনা সম্পৰ্কত বি এল অ’ৰ লগত যোগাযোগ কৰা হৈছিল । বি এল অ’ক তথ্য সমূহ ৱাটছ এপ কৰাৰ পিচত তেওঁ চালে আৰু কলে আপোনাক মই জানুৱাৰী মাহত প্ৰয়োজনীয় নিৰ্দেশনাৰ বিষয়ে অবগত কৰিম। কিন্তু বিশেষ পদক্ষেপ গ্ৰহণ নকৰাত মই চিন্তাত পৰিছো। মই চিনি নোপোৱা মানুহ যদি সোমাই যায়, যদি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, তেতিয়া কি হব?
একেদৰে আক্ষেপ কৰে কাজী নেকিব আহমেদে। তেওঁ কয়,” জানি বুজিয়েই এই কাম কৰা হৈছে। ভুলকৈ এই কাম হোৱাৰ প্ৰশ্নই নুঠে। ১৯৫১ চনত মোৰ দেউতাই বনোৱা ঘৰটোত আজিলৈকে কোনো বিহাৰী মানুহ থকা নাই। কোনো অনাঅসমীয়া মানুহ থকা নাই। এচ আৰ (SR) ৰ পিচত আমাৰ ঘৰৰ বিপৰীতে অচিনাকী মানুহৰ নাম কেনেকৈ আহিল।
অন্তিম মূহুৰ্তত বিজেপিয়ে প্ৰতিটো সমষ্টিতে সন্নিবিষ্ট কৰিব ৫ ৰ পৰা ১০ হাজাৰকৈ অচিনাকি মানুহৰ নাম – দেৱব্ৰত শইকীয়াৰ অভিযোগ
“অন্তিম মূহুৰ্তত শাসকীয় দলৰ পৰা নিৰ্দেশ আহিছে অতি কমেও ৫ ৰ পৰা ১০ হাজাৰকৈ অচিনাকি মানুহৰ নাম প্ৰতিটো সমষ্টিত ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হব লাগে। যাতে অসম চুক্তিক নস্যাৎ কৰি অনাঅসমীয়া মানুহৰ সহায়ত ফেচিষ্ট বিজেপি চৰকাৰক আৰু ৫ বছৰলৈ আনিব পাৰে। ইয়াৰে প্ৰমাণ তৈয়বুল্লা পথৰ এই কাহিনী। বিজেপিয়ে ৰাজ্যৰ জন গাঁঠনি সলনি কৰি মূল হিন্দুত্ববাদী এক দেশ, এক ধৰ্মৰ আধিপত্য বিস্তাৰ কৰিব বিচাৰিছে।”-কংগ্ৰেছ নেতা শইকীয়াৰ মন্তব্য।
নিউ গুৱাহাটী সমষ্টিৰ তৈয়বুল্লা পথৰ দুটা ঘৰৰ বিপৰীতে অতিৰিক্ত ভাবে ভোটাৰ তালিকাত অনাঅসমীয়া লোকৰ নাম সন্নিবিষ্ট হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেৱব্ৰত শইকীয়াই পুনৰ কয়, “অসমত আমি এচ আই আৰ বা এচ আৰ বিচৰা নাছিলো। আমি এন আৰ চি খন চূড়ান্ত কৰাটো বিচাৰিছিলো (Devabrata Saikia Allegation)। কিন্তু বিজেপি চৰকাৰে এই কাম কৰাৰ সাহস কৰা নাই। কংগ্ৰেছে বিদেশী মুক্ত ভোটাৰ তালিকা প্ৰস্তুত তথা বিদেশী বহিস্কাৰ কৰাটো বিচাৰিছে।
কিন্তু শাসকীয় দলে এচ আৰ প্ৰস্তুতৰ নামত ভোট চুৰি কৰিব বিচাৰিছে।”
কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে দিল্লীত সংবাদ মেল অনুষ্ঠিত কৰি পূৰ্বতেই বিজেপিয়ে ভোট চুৰিৰে নিৰ্বাচনত বিজয়ী হোৱাটো তথ্যসহ উন্মোচিত কৰাৰ বিষয়েও শইকীয়াই উল্লেখ কৰে।
কংগ্ৰেছৰ বিধায়িনী দলৰ দলপতি শইকীয়াই আৰু কয়,, ” যি সময়ত অসম চুক্তিৰ আধাৰত ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা বিদেশীক বহিষ্কাৰ কৰিব লাগিছিল, সেই সময়ত বিজেপিয়ে ১৯ লাখ মানুহক বাদ দিয়া এন আৰ চি (NRC) খনক আওকাণ কৰি নতুনকৈ অচিনাকি মানুহৰ নাম ভোটাৰ তালিকাত ভৰাইছে। ৰাহুল গান্ধী ডাঙৰীয়াই এই বিষয়ত সংবাদ মেল পাতি সতৰ্ক কৰি দিয়াৰ পাছতো, নিৰ্বাচন আয়োগ বা চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই। বৰঞ্চ চৰকাৰী হেঁচাত পৰি বি এল অ’ (BLO) সকলৰ মানসিক চাপ বৃদ্ধি পাইছে আৰু আনকি মৃত্যুৰ দৰে দুৰ্ভাগ্যজনক ঘটনাও ঘটিছে।”
লগতে পঢ়কঃ ২০২৬ ত হ’ব ৰাইজ বনাম অহংকাৰী ৰজাৰ যুঁজ; তিনিচুকীয়াত গৌৰৱ গগৈৰ বিজেপিক তীব্ৰ আক্ৰমণ

