BNP Leader Tarique Rahman Returns, Reshaping Bangladesh’s Political LandscapeBNP leader Tarique Rahman returns: বাংলাদেশৰ সম্ভাব্য প্ৰধানমন্ত্ৰী খালেদা জিয়া পুত্ৰ তাৰিক ৰহমান !

ইন্টাৰনেশ্যনেল ডেস্কঃ অস্থিৰ বাংলাদেশত শীঘ্ৰে ৰাজনৈতিক পট পৰিবৰ্তনৰ আশংকা দেখা দিছে। ইতিমধ্যেই বৃহস্পতিবাৰে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান দেশলৈ উভতি আহিছে (BNP leader Tarique Rahman returns) । তাৰেক ৰহমানৰ পিতৃ জিয়াউৰ ৰহমান বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিল। তেওঁ বাংলাদেশ জাতীয় দল ( BNP)ৰ প্ৰতিষ্ঠাতা আছিল। তেওঁ হত্যাৰ বলি হৈছিল। ইয়াৰ পিচত এই দলৰ নেতৃত্ব লয় খালেদা জিয়াই। খালেদা জিয়াৰে পুত্ৰ(Khaleda Zia son) তাৰিক ৰহমানে ২০১৮ চনত বাংলাদেশ জাতীয়তাবাদী দল (BNP)-ৰ কাৰ্যকৰী সভাপতি দায়িত্ব লয়। তেওঁ ১৭ বছৰ নিৰ্বাসনত আছিল।

২০০৮ চনত শেখ হাসিনা নেতৃত্বাধীন আৱামী লীগে ক্ষমতা দখল কৰাৰ পিচৰ পৰাই তাৰেকে নিৰাপত্তাজনিত কাৰণত যুক্তৰাজ্যৰ লণ্ডনত বাস কৰিবলৈ লয়। বিগত ১৭ বছৰ BNP শাসনত নাছিল। কিন্তু ২০২৪ বৰ্ষৰ জুলাই মাহত হোৱা গণ অভ্যুত্থানৰ পিচত আৱামী লীগৰ নেত্ৰী তথা সেই সময়ৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাই ভাৰতলৈ পলায়ন কৰে। ২০২৪ চনৰ ৯ আগষ্টত নোবেল বঁটা বিজয়ী ডঃ মহম্মদ ইউনুসক মুখ্য উপদেষ্টা হিচাপেলৈ বাংলাদেশত অন্তবৰ্তীকালীন চৰকাৰ গঠন হয়। শেহতীয়াকৈ ২০২৫ চনৰ ১৮ ডিচেম্বৰত ইনকিলাব মঞ্চৰ প্ৰতিষ্ঠাতা ওচমান হাদিৰ মৃত্যুক কেন্দ্ৰ কৰি বাংলাদেশত পুনৰ গণ অভ্যুত্থান আৰম্ভ হয়(Bangladesh political crisis)। এনে এক অস্থিৰ পৰিস্থিতিৰ মাজতে খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমানৰ বাংলাদেশ আগমনে তাৎপৰ্যপূৰ্ণ বহন কৰিছে।

ৰাষ্ট্ৰীয় নিৰ্বাচনৰ পূৰ্বে তেওঁৰ এই প্ৰত্যাৱর্তনক লৈ আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমসমূহে বিশেষ গুৰুত্ব আৰোপ কৰিছে। বিবিচি আৰু ৰয়টার্সে তাৰিক ৰহমানক বাংলাদেশৰ অন্যতম সম্ভাৱ্য প্ৰধানমন্ত্ৰী হিচাপে উল্লেখ কৰিছে। একেধৰণে আল-জাজিৰা আৰু আমেৰিকান সংবাদপত্ৰ নিউয়ৰ্ক টাইমছেও এই প্ৰত্যাৱর্তনক ৰাজনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ বুলি আখ্যা দিছে।

বিবিচিৰ মতে তাৰিক ৰহমানৰ প্ৰত্যাৱর্তনে দেশৰ ৰাজনীতিত নতুন গতিশীলতা আনিব বুলি ধাৰণা কৰা হৈছে। ৰয়টার্সৰ প্ৰতিবেদনতো দীঘলীয়া নিৰ্বাসনৰ অন্তত তাৰেক ৰহমানৰ প্ৰত্যাৱর্তনে দলীয় সমৰ্থকসকলক নতুনকৈ উৎসাহিত কৰিব বুলি উল্লেখ কৰিছে। আটাইকেইটা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে তাৰিক ৰহমানক সম্ভাব্য প্ৰধানমন্ত্ৰী হিচাপেই উল্লেখ কৰিছে।

উল্লেখযোগ্য যে ৬০ বছৰীয়া তাৰিক ৰহমান প্ৰভাৱশালী জিয়া পৰিয়ালৰ এজন মুখ্য সদস্য হোৱাৰ লগতে BNPৰো শীৰ্ষ নেতা । বৃহস্পতিবাৰে দেশলৈ প্ৰত্যাবৰ্তনৰ পিচত তেওঁক অগনন কৰ্মীয়ে সম্বৰ্ধনা জনাইছে। তাৰিক ৰহমান যদি ভবাধৰণৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হয় বিপদত পৰিব শেখ হাসিনা । কাৰণ তাৰিকৰ বিৰুদ্ধে শেখ হাসিনা চৰকাৰৰ দিনত ৮৪ টা গোচৰ ৰুজু কৰা হৈছিল। তদুপৰি ২০১৮ বৰ্ষত তাৰিকৰ মাতৃ খালিদা জিয়াক কাৰাগৰলৈ নিক্ষেপ কৰিছিল শেখ হাসিনা চৰকাৰে । ২০২০ চনৰ পৰা হাসিনা চৰকাৰে খালেদা জিয়াক গৃহবন্দী কৰি ৰাখিছিল। অৱশ্যে বাংলাদেশৰ বৰ্তমানৰ অন্তবৰ্তীকালীন চৰকাৰে খালেদাক দোষমুক্ত কৰে। এনে পৰিস্থিতিত বৰ্তমান ভাৰতত আশ্ৰয় গ্ৰহণ কৰা শেখ হাসিনাক পৰবৰ্তী সময়ত প্ৰধানমন্ত্ৰী হলে বাংলাদেশক হস্তান্তৰ কৰাটো বিচাৰিব পাৰে তাৰিক ৰহমানে।

তাৰিক ৰহমানৰ প্ৰত্যাবৰ্তনকলৈ ভাৰতৰ উদ্বিগ্নতাঃ

ইপিনে বাংলাদেশত তীব্ৰ ৰূপ লোৱা ভাৰত বিদ্বেষী মনোভাবৰ অন্তৰালত BNPৰ একাংশ নেতা-কৰ্মীৰ প্ৰত্যক্ষ আৰু পৰোক্ষ সমৰ্থন আছে বুলিও চৰ্চিত হৈছে । BNPৰ শীৰ্ষ নেতা তাৰিক ৰহমানে নিজেও বিভিন্ন সময়ত ভাৰতৰ তথাকথিত আধিপত্যবাদৰ বিৰুদ্ধে কটাক্ষ কৰি বক্তব্য আগবঢ়াই আহিছে। এই স্থিতিয়ে ভাৰত-বাংলাদেশ দ্বিপাক্ষিক সম্পৰ্কত অস্বস্তি সৃষ্টি কৰিছে (India Bangladesh relations)।

তদুপৰি তাৰিক ৰহামানৰ সৈতে কট্টৰ ইছলামপন্থী দল জামাতে ইছলামীৰ ঘনিষ্ঠতা আছে বুলিও চৰ্চিত(Jamaat-e-Islami Bangladesh)। জামাতে ইছলামীৰ পুনৰুত্থানৰ ফলত হিন্দু সংখ্যালঘুসকলৰ ওপৰত সম্ভাব্য নিৰ্যাতনৰ আশংকাৰো অবকাশ আছে।

তাৰিক ৰহামানে অনাগত সময়ত কেনেধৰণৰ ৰাজনীতিত লিপ্ত সেইয়া ভাৰতে নিশ্চয় লক্ষ্য কৰিব। ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এই সন্দৰ্ভত মন্তব্য কৰে যে, “ভাৰত বাংলাদেশত সুস্থ নিৰ্বাচনৰ অনুষ্ঠিত হোৱাৰ পক্ষত। তাৰিক ৰহমানৰ এই প্ৰত্যাৱর্তনো সেই পৰিপ্ৰেক্ষিততেই চাব লাগিব।” তেওঁৰ এই মন্তব্যৰ জৰিয়তে স্পষ্ট হৈ উঠিছে যে এই ক্ষেত্ৰত ভাৰতৰ অৱস্থান যথেষ্ট সতৰ্কতামূলক।

লগতে পঢ়ক: Violence Against Minorities in Bangladesh: ডিপু দাসৰ নৃশংস হত্যাক লৈ বাংলাদেশক কঠোৰ ভাষাৰে নিন্দা ভাৰত চৰকাৰৰ


Advertisement