Bomb Threats to Courts Across Bihar, Odisha, Chhattisgarh and Himachal Pradesh; Judicial Work Disruptedবিহাৰ, ওড়িশা আৰু ছত্তীশগড়কে ধৰি চাৰিখন ৰাজ্যৰ আদালতত বোমাৰ ভাবুকি

নেশ্যনেল ডেস্ক: বৃহস্পতিবাৰে বিহাৰ, ছত্তীশগড়, হিমাচল প্ৰদেশ আৰু ওড়িশাৰ কেইবাখনো আদালতলৈ অচিনাক্ত উৎসৰ পৰা বোমা বিস্ফোৰণৰ ভাবুকি অহাত সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । এই ভাবুকিৰ পিছতে আদালতৰ ন্যায়িক কাম-কাজ বন্ধ কৰি দিয়া হৈছে আৰু আৰক্ষী আৰু তদন্তকাৰী সংস্থাসমূহে ক্ষিপ্ৰগতিত তদন্ত আৰম্ভ কৰিছে।

বোমাৰ ভাবুকি লাভ কৰাৰ লগে লগে সাৱধানতামূলক ব্যৱস্থা হিচাপে সংশ্লিষ্ট ৰাজ্যসমূহৰ আদালত চৌহদৰ পৰা হাজাৰ হাজাৰ লোকক নিৰাপদ স্থানলৈ আঁতৰাই নিয়া হয়। নিৰাপত্তাৰক্ষীসকলে বৰ্তমান আটাইকেইখন ৰাজ্যৰ প্ৰতিখন আদালত চৌহদৰ প্ৰতিটো কোণত তালাচী চলাই পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই আছে ।

বিহাৰ

পাটনা, অৰৰিয়া, গয়া আৰু কিষাণগঞ্জৰ জিলা আদালতৰ লগতে পাটনা চিটি আদালতত বোমাৰ ভাবুকি অহাৰ পিছতে সমগ্ৰ চৌহদটো খালী কৰোৱা হয়। নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন ‘লিবাৰেচন টাইগাৰ্ছ অৱ তামিল ইলাম’ (LTTE)-ৰ সদস্য বুলি দাবী কৰা এজন ব্যক্তিয়ে এই ভাবুকি প্ৰদান কৰিছিল। আৰক্ষীয়ে আদালত চৌহদত ব্যাপক তালাচী অভিযান চলোৱাৰ বাবে ন্যায়িক কাম-কাজ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে।

জানিব পৰা মতে, পুৱা প্ৰায় ১০:৩৭ বজাত অৰুণ কুমাৰ নামৰ এজন ব্যক্তিৰ পৰা আদালতসমূহলৈ এটা ই-মেইল প্ৰেৰণ কৰা হৈছিল। সেই মেইলত তেওঁ উল্লেখ কৰিছিল যে দিনটোৰ শেষৰ ফালে তিনিটা আৰডিএক্স (RDX) যুক্ত আইইডি (IED) বিস্ফোৰণ ঘটোৱা হ’ব। এই খবৰে আদালতৰ ভিতৰত তীব্ৰ আতংকৰ সৃষ্টি কৰে। আৰক্ষীয়ে তৎক্ষণাত উপস্থিত হৈ সমগ্ৰ অঞ্চল ঘেৰাও কৰাৰ পাছতেই বিচাৰক, অধিবক্তা, মোক্কেল আৰু কৰ্মচাৰীসকলে আদালত চৌহদ এৰি বাহিৰলৈ ওলাই আহে।

বোমা বিস্ফোৰণৰ ভাবুকি থকা ই-মেইলটোৰ প্ৰতি লক্ষ্য ৰাখি, পাটনা জিলা আদালতৰ পঞ্জীয়কে জিলা বাৰ এছ’চিয়েশ্যনলৈ এক জৰুৰী জাননী প্ৰেৰণ কৰে আৰু সকলো সদস্যক “লগে লগে আদালত চৌহদ খালী কৰিবলৈ” আহ্বান জনায়।

পাটনাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক (SSP) কাৰ্তিকেয় শৰ্মাই সংবাদ মাধ্যমক জনোৱা মতে, “বোমাৰ ভাবুকিৰ তথ্য পোৱাৰ লগে লগে আমি তত্ক্ষণাত্‍ তত্পৰ হৈছিলোঁ। আদালতৰ সমগ্ৰ চৌহদটো খালী কৰোৱা হৈছিল আৰু আমি বিস্ফোৰক সামগ্ৰীৰ বাবে তালাচী চলাইছিলোঁ যদিও একো পোৱা নগ’ল। আমাৰ লোকসকল এতিয়াও তাত উপস্থিত আছে।”

পাটনাই জিলা আদালতত লাভ কৰা বোমাৰ ভাবুকি সন্দৰ্ভত অধিক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। এছএছপি শৰ্মাই জনোৱা মতে, “আমি ই-মেইলটো আৰু ইয়াৰ প্ৰেৰকৰ উৎস বিচাৰি উলিওৱাৰ চেষ্টা চলাই আছোঁ। মেইলটোত তামিলনাডুৰ বিষয়ে কিছু কথা উল্লেখ আছে আৰু ইয়াক হিন্দী ভাষাৰ লগতে অলপ ইংৰাজী ব্যৱহাৰ কৰি লিখা হৈছে।”

আৰক্ষীৰ এটা সূত্ৰই জনোৱা মতে, ভাবুকিপূৰ্ণ মেইলটোত বিহাৰৰ লোকসকলক শ্ৰমিক হিচাপে তামিলনাডুলৈ পঠিওৱা বন্ধ কৰিবলৈ সকীয়াই দিয়া হৈছে, অন্যথা ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’বলৈ সাজু থাকিবলৈ কোৱা হৈছে।

ভাবুকিপূৰ্ণ ই-মেইলটোত লিখা আছিল: “বিহাৰৰ পৰা অহা প্ৰব্ৰজিত শ্ৰমিকৰ ক্ৰমান্বয়ে বৃদ্ধি পোৱা সংখ্যাই তামিলনাডুৰ স্থানীয় জনগাঁথনিত প্ৰভাৱ পেলাইছে। বিচাৰকৰ কোঠা আৰু আদালত চৌহদত চাৰিটা আৰডিএক্স (RDX) আইইডি (IED) অতি পৰিকল্পিতভাৱে সংস্থাপন কৰা হৈছে। এই অভিযান পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএচআই (ISI)-ৰ সহযোগত চলোৱা হৈছে।”

“মাননীয় বিচাৰক আৰু কৰ্মচাৰীসকল” বুলি সম্বোধন কৰা মেইলটোত অধিক ভাবুকি দি কোৱা হৈছে যে, “বিহাৰে চেন্নাইলৈ শ্ৰমিক পঠিওৱা বন্ধ কৰিব লাগিব। আজিৰ এই আৰডিএক্স (RDX) বিস্ফোৰণ হ’ব সমগ্ৰ তামিল জনসাধাৰণৰ এক হুংকাৰ।”

ইফালে, ভিতৰত থকা প্ৰতিজন লোকে ততাতৈয়াকৈ বাহিৰলৈ ওলাই অহাৰ পিছত সদাব্যস্ত পাটনা দেৱানী আদালত (Civil Court) চৌহদত এক জনশূন্য পৰিৱেশে বিৰাজ কৰে।

পাটনা জিলা আদালতৰ অধিবক্তা মানকেশ দয়ালে সংবাদ মাধ্যমক জনোৱা মতে, “প্ৰথমতে আমাৰ হোৱাটছএপ গ্ৰুপসমূহত এটা বাৰ্তা প্ৰেৰণ কৰা হৈছিল, য’ত মোক্কেল আৰু অন্যান্য বাহিৰৰ লোকসকলক আদালত চৌহদ খালী কৰিবলৈ নিৰ্দেশ দিবলৈ কোৱা হৈছিল। তাৰ পিছত একে উদ্দেশ্যেই লাউডস্পীকাৰযোগে ঘোষণা কৰা হয়। ইয়াৰ কিছু সময়ৰ পিছতে আমাকো আদালত চৌহদ খালী কৰিবলৈ কোৱা হয়।”

আতংকিত অধিবক্তা আৰু মোক্কেলসকল দেৱানী আদালত চৌহদৰ তিনিখন গেটৰ ফালে দৌৰি আহে। আদালত চৌহদৰ কাষৰ ৰাস্তাত মানুহৰ ভিৰ জমা হোৱাৰ সময়তে আৰক্ষী বাহিনী আৰু স্নিফাৰ ডগৰ (sniffer dogs) উপস্থিতিয়ে তেওঁলোকৰ মাজত অধিক উত্তেজনাৰ সৃষ্টি কৰে।

পাটনা জিলা আদালতৰ অধিবক্তা ৰবি ভূষণে কয়, “ঘোষণাৰ সময়ত অধিবক্তাসকলক তেওঁলোকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ লগত লৈ যাবলৈ কোৱা হৈছিল। ইয়াৰ ফলত এক খেলিমেলি পৰিৱেশৰ সৃষ্টি হয়, কাৰণ আমি সকলোৱে নিজৰ হাতত থকা গোচৰসমূহৰ ফাইলবোৰ গোটাবলৈ আৰম্ভ কৰিছিলোঁ। অৱশ্যে আশাব্যঞ্জক কথাটো হ’ল যে সেই সময়লৈকে আৰক্ষীয়ে অতি তৎপৰতাৰে বিস্ফোৰক সামগ্ৰীৰ তালাচী অভিযান আৰম্ভ কৰি দিছিল।”

উল্লেখ্য যে, পাটনা জিলা আদালতে পূৰ্বেও অন্ততঃ তিনিবাৰকৈ বোমাৰ ভাবুকি লাভ কৰিছে, যাৰ ভিতৰত দুটা ভাবুকি যোৱা বছৰ (২০২৫ চনত) আহিছিল।

বিহাৰৰ গয়া আৰু কিষাণগঞ্জ জিলা আদালততো অনুৰূপ আতংকময় পৰিৱেশে বিৰাজ কৰে। আদালত প্ৰশাসন আৰু আৰক্ষীৰ দল তাত উপস্থিত থকা প্ৰতিজন লোককে আদালত চৌহদ খালী কৰিবলৈ নিৰ্দেশ দিয়ে। গয়া জিলা আদালতলৈ প্ৰেৰণ কৰা ই-মেইলটোত বিয়লি ২:৩০ বজাত বিস্ফোৰণ ঘটোৱা হ’ব বুলি দাবী কৰা হৈছিল।

যি সময়ত এই ভাবুকিপূৰ্ণ ই-মেইলটো আহিছিল, সেই সময়ত গয়া আদালত চৌহদত প্ৰায় ৫,০০০ লোক উপস্থিত আছিল। আৰক্ষীয়ে অধিবক্তাসকলৰ লগতে তেওঁলোক সকলোকে নিৰাপদ স্থানলৈ আঁতৰাই নিয়ে। আৰক্ষীয়ে সমগ্ৰ আদালত চৌহদত তালাচী অভিযান চলাই থকাৰ সময়তে বিচাৰকসকলেও আদালত কক্ষ ত্যাগ কৰি বাহিৰলৈ ওলাই আহে।

ওড়িশা

ওড়িশাৰ উচ্চ ন্যায়ালয়কে ধৰি ৰাজ্যখনৰ কেইবাখনো আদালতলৈ বোমাৰে আদালত চৌহদ ধ্বংস কৰাৰ ভাবুকি থকা এক অচিনাক্ত ই-মেইল প্ৰেৰণ কৰা হৈছে । ৰাজ্যিক আৰক্ষী সঞ্চালক প্ৰধান (DGP) যোগেশ বাহাদুৰ খুৰানিয়াই জনোৱা মতে, আৰক্ষীয়ে এই বিষয়টো গুৰুত্বসহকাৰে লৈছে আৰু স্পৰ্শকাতৰ স্থানসমূহত সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে এক পুংখানুপুংখ তদন্ত আৰম্ভ কৰিছে।

ৰাজ্যখনৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়েও এই ভাবুকিৰ বিষয়টোত গুৰুত্ব আৰোপ কৰিছে। তেওঁ আৰক্ষী সঞ্চালক প্ৰধানক লগে লগে তদন্ত আৰম্ভ কৰিবলৈ আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। পৰিস্থিতিৰ বুজ ল’বলৈ তিনিগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াক ৰাজ্যখনৰ তিনিখন বেলেগ বেলেগ জিলালৈ ৰাওনা হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

সাৱধানতামূলক ব্যৱস্থা হিচাপে সকলো সংশ্লিষ্ট স্থানত আৰক্ষীৰ তালাচী আৰু নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। আৰক্ষী সঞ্চালক প্ৰধান (DGP) খুৰানিয়াই সংবাদ মাধ্যমক জনোৱা মতে, পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছে। তেওঁ জনসাধাৰণক আতংকিত নহ’বলৈ আহ্বান জনাইছে আৰু নিৰাপত্তা বজাই ৰখাৰ লগতে তদন্ত প্ৰক্ৰিয়াত আৰক্ষীক সহযোগিতা কৰিবলৈ অনুৰোধ জনাইছে।

ইফালে, ওড়িশাৰ দৰে শান্তিপূৰ্ণ ৰাজ্যত প্ৰথমবাৰৰ বাবে হোৱা এনে বোমাৰ ভাবুকিৰ ঘটনাই অধিবক্তাসকলক স্তম্ভিত কৰি তুলিছে আৰু তেওঁলোকে আদালত চৌহদ এৰি বাহিৰলৈ ওলাই আহে। এই প্ৰতিবেদন যুগুত কৰা সময়লৈকে সমগ্ৰ ৰাজ্যখনত আইনী কাম-কাজ ব্যাহত হৈ পৰিছে। সম্বলপুৰ, বৰগড় আৰু কটকৰ আদালতসমূহে এই ভাবুকিপূৰ্ণ ই-মেইলসমূহ লাভ কৰিছে।

ছত্তীশগড়

তামিলনাডুৰ পৰা প্ৰেৰণ কৰা এটা বোমাৰ ভাবুকি সম্বলিত ই-মেইলে ছত্তীশগড়ৰ জিলা আদালতসমূহক লক্ষ্য কৰি লোৱাৰ পিছতে ৰাজ্যখনত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে। এই ভাবুকিৰ পৰিপ্ৰেক্ষিতত দুৰ্গ, ৰায়পুৰ, বিলাসপুৰ, ৰাজনান্দগাঁও আৰু ধামতৰীৰ আদালত ভৱনসমূহত পুংখানুপুংখ তালাচী চলোৱা হৈছে।

পুৱা প্ৰায় ১০ বজাত লাভ কৰা এই ই-মেইলটোত আজি অৰ্থাৎ ৮ জানুৱাৰীত আদালত চৌহদ উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছিল।

দুৰ্গ জিলা আদালতত চিআৰপিএফ (CRPF) আৰু আৰক্ষী বাহিনীয়ে তীব্ৰ সতৰ্কতা অৱলম্বন কৰিছে। আদালতৰ প্ৰতিটো কোণত তন্ন তন্নকৈ তালাচী চলোৱা হৈছে আৰু দৰ্শনাৰ্থীসকলক কঠোৰভাৱে পৰীক্ষা কৰিহে ভিতৰলৈ সোমাবলৈ দিয়া হৈছে।

ধামতৰী আৰু ৰাজনান্দগাঁও আদালততো ডগ স্কোয়াড আৰু বোমা নিষ্কাশনকাৰী দলে যান-বাহনৰ লগতে সন্দেহজনক স্থানসমূহত তালাচী চলায়।

দুৰ্গ জিলা বাৰ এছ’চিয়েশ্যনৰ সম্পাদক ৰবি শংকৰ সিঙে কয় যে আদালতৰ কোনো ৰায়দানত ক্ষুব্ধ হৈ এজন ব্যক্তিয়ে ভয় বিয়পাবলৈ এই ভাবুকি প্ৰদান কৰিছিল। তেওঁ লগতে কয়, “আৰক্ষীয়ে অতি তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি বাহিনী মোতায়েন কৰাৰ লগতে তদন্ত চলায়, কিন্তু কোনো বিস্ফোৰক সামগ্ৰী উদ্ধাৰ নহ’ল। গতিকে এয়া এক উৰাবাতৰি (Hoax) যেনহে লাগিছে।”

অধিবক্তাসকলৰ কাম-কাজত বিশেষ ব্যাঘাত নজন্মিলেও, বাধ্যতামূলক তালাচীৰ বাবে মোক্কেলসকলে বিলম্বৰ সন্মুখীন হ’বলগীয়া হয়। অনাধিকাৰী প্ৰৱেশ ৰোধ কৰিবলৈ আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সিঙে প্ৰতি মাহে অনুশীলন (Drill) চলোৱাৰ পোষকতা কৰে।

বৰ্তমানলৈকে এই সন্দৰ্ভত কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই আৰু ই-মেইলটোৰ প্ৰকৃত উৎসৰ সন্ধানত তদন্ত অব্যাহত আছে।

হিমাচল প্ৰদেশ

বৃহস্পতিবাৰে পুৱা হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়লৈ ই-মেইলযোগে এক বোমাৰ ভাবুকি আহে। ইয়াৰ পিছতে আৰক্ষী সক্ৰিয় হৈ পৰে আৰু বোমা নিষ্কাশনকাৰী দলে আদালত চৌহদত তন্ন তন্নকৈ তালাচী চলায়। অৱশ্যে আদালতৰ কাম-কাজ স্বাভাৱিকভাৱেই অব্যাহত থাকে।

প্ৰেৰিত ই-মেইলটোত আৰডিএক্স (RDX) ব্যৱহাৰ কৰি আদালত ভৱনটো উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছিল।

উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক প্ৰধান ভূপেশ শৰ্মাই সমগ্ৰ ভৱনটোত তালাচী চলাবলৈ নিৰ্দেশ দিয়ে। এই অভিযানত জিলা আৰক্ষীৰ লগতে চিআইডি (CID) বিষয়া আৰু কৰ্মচাৰীসকলো নিয়োজিত হয়। বৰ্তমানলৈকে কোনো সন্দেহজনক বস্তু উদ্ধাৰ হোৱা নাই যদিও আদালত চৌহদ পৰীক্ষা কৰি সুৰক্ষিত কৰাৰ প্ৰক্ৰিয়া (Sanitization) অব্যাহত আছে।

শিমলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ গান্ধীয়ে জনোৱা মতে, সতৰ্কবাণী পোৱাৰ লগে লগে এটা বোমা নিষ্কাশনকাৰী দল, ডগ স্কোয়াড আৰু স্থানীয় আৰক্ষীৰ দলসমূহে সমগ্ৰ স্থানটো পুংখানুপুংখভাৱে পৰীক্ষা কৰে। তেওঁ লগতে কয়, “আমি সকলো সন্দেহজনক ব্যক্তিৰ ওপৰত চকু ৰাখিছোঁ আৰু ই-মেইল প্ৰেৰকৰ উৎস বিচাৰি উলিওৱাৰ চেষ্টা চলাই আছোঁ।”

আদালতৰ বিচাৰপীঠসমূহে চৌহদ খালী নকৰাকৈয়ে কাম-কাজ চলাই গৈছিল যদিও নিৰাপত্তা সংস্থাসমূহ হাই এলাৰ্টত আছিল।

উল্লেখনীয় যে, হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ বাবে এয়া চতুৰ্থটো ভুৱা বোমাৰ ভাবুকি (Hoax)। ইয়াৰ পূৰ্বে ১৭ জুন ২০২৪, এপ্ৰিল ২০২৫ আৰু ৯ জুন ২০২৫ তাৰিখেও অনুৰূপ ভাবুকি আহিছিল, যিবোৰ ভিত্তিহীন বুলি প্ৰমাণিত হৈছিল। একেধৰণৰ ই-মেইলৰ জৰিয়তে দুবাৰকৈ মুখ্য সচিবৰ কাৰ্যালয় আৰু কেইবাখনো জিলাৰ উপায়ুক্তৰ কাৰ্যালয়কো লক্ষ্য কৰি লোৱা হৈছিল।

ধাৰাবাহিকভাৱে চলি থকা এই ভাবুকিপূৰ্ণ ঘটনাসমূহৰ মাজতে আৰক্ষীৰ তদন্ত অব্যাহত আছে।


Advertisement