Tension During Burhachapori Eviction Drive in AssamBurhachapori Eviction: বুঢ়াচাপৰিত উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতি

শোণিতপুৰঃ ইংৰাজী নৱ বৰ্ষৰ প্ৰথম দিনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পুনৰ উচ্ছেদ চলাৰ কথা ঘোষণা কৰাৰ পাছতেই ৰাজ্যত পুনৰ আৰম্ভ হৈছে উচ্ছেদ অভিযান (Burhachapori Eviction)।

প্ৰথমেই হোজাই জিলাৰ যমুনা মৌডংগা বনাঞ্চলৰ ভূমিত প্ৰশাসন তথা বন বিভাগে উচ্ছেদ অভিযান চলোৱাৰ পাছত বুঢ়াচাপৰিত আৰম্ভ হৈছে উচ্ছেদ অভিযান। সোমবাৰে পুৱাৰে পৰা শোণিতপুৰ জিলা প্ৰশাসন আৰু নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিভাগৰ যৌথ উদ্যোগত আৰম্ভ কৰে উচ্ছেদ অভিযান (Assam Eviction Drive)।

শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি অভয়াৰণ্যৰ ঠেলামাৰা ৰাজহ চক্ৰ আৰু তেজপুৰ ৰাজহচক্ৰৰ ৮৩০ হেক্টৰ চৰকাৰী জৰীপ বিহীন সংৰক্ষিত বনানিকৰণ তথা বনাঞ্চলৰ ভূমিত উচ্ছেদ অভিযান আৰম্ভ কৰে শোণিতপুৰ জিলা প্ৰশাসনে (Assam Forest Department)।

পূৰ্বতে চৰ এলেকা বুলি একাংশই দাবী কৰি অহা আৰিমাৰি চৰ, গণেশটাপু চৰ, লাঠিমাৰি চৰকে ধৰি কেইবাটাও চৰ বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান আৰম্ভ কৰিছে বন বিভাগে। এলেকাসমুহ বন্য জীৱ-জীন্তুৰ বিচৰণভূমি তথা বনাঞ্চলৰ ভূমি বুলি দাবী কৰি উচ্ছেদ অভিযান আৰম্ভ কৰিছে বন বিভাগ তথা প্ৰশাসনে (Sonitpur Administration)।

শোণিতপুৰ জিল প্ৰশাসন তথা বন বিভাগে জানিবলৈ দিয়া অনুসৰি উক্ত এলেকাসমুহত থকা বেদখলকাৰীক বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ ২৪ তাৰিখে উচ্ছেদৰ বাবে দিয়া হৈছিল জাননী।

১৫ দিনৰ সময়সীমা নিৰ্দ্ধাৰণ কৰি দিয়াৰ পাছত ১২ ডিচেম্বৰ তাৰিখে হোৱা শুনানিৰ অন্তত এই ভূমি সংৰক্ষিত বনানিকৰণ তথা বনাঞ্চলৰ ভূমি হিচাপে প্ৰমাণিত হোৱাত প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও জানিবলৈ দিয়ে কৰ্তৃপক্ষই ।

৮৩০ হেক্টৰ চৰকাৰী জৰীপ বিহীন ভূমিৰ চাৰিওফালে বুঢ়াচাপৰি অভয়াৰণ্য ,ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু কোচমৰা সংৰক্ষিত বনাঞ্চলে আৱৰি থকা বুলিও জানিব পৰা গৈছে (Burhachapori Wildlife Sanctuary)।

এই ভূমি চৰকাৰে ক্ষতিপূৰণ মূলক সংৰক্ষিত বনানিকৰণ বনাঞ্চল ঘোষণা কৰা বুলিও জানিব পৰা গৈছে। ইপিনে উচ্ছেদক লৈ একাংশই কিছু উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি কৰে

লগতে পঢ়কঃ Hojai Eviction Drive: মধ্য অসমত পুনৰ উচ্ছেদ প্ৰশাসনৰ


Advertisement