নতুন দিল্লীঃ দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ভাৰতীয় সেনাবাহিনীৰ কৰ্ণেল ছোফিয়া কুৰেশীক ‘বিশিষ্ট সেৱা পদক’ (VSM) প্ৰদান কৰাৰ কথা ঘোষণা হয় (Colonel Sofia Qureshi Vishisht Seva Medal)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁৰ দীঘলীয়া আৰু বৈশিষ্ট্যপূৰ্ণ সেৱা তথা বিশেষকৈ ‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত দেখুওৱা কৰ্তব্যৰ স্বীকৃতি স্বৰূপে এই সন্মানৰ বাবে অনুমোদন জনায়।
২৫ জানুৱাৰীত ৰাষ্ট্ৰপতিয়ে অনুমোদন কৰা বাৰ্ষিক বীৰত্ব আৰু বৈশিষ্ট্যপূৰ্ণ সেৱা বঁটাসমূহৰ অংশ হিচাপে এই সন্মান ঘোষণা কৰা হয়।
এই বছৰৰ গণৰাজ্য দিৱসত ৰাষ্ট্ৰপতিয়ে সশস্ত্ৰ বাহিনীৰ কৰ্মচাৰীসকলৰ বাবে মুঠ ৭০টা বীৰত্ব বঁটা অনুমোদন কৰিছে, যাৰ ভিতৰত ছয়টা মৰণোত্তৰ সন্মান অন্তৰ্ভুক্ত। এইসমূহৰ ভিতৰত আছে—এটা অশোক চক্ৰ, তিনিটা কীৰ্তি চক্ৰ আৰু ১৩টা শৌৰ্য চক্ৰ। ইয়াৰ উপৰিও ৩০১টা সামৰিক অলংকাৰ অনুমোদন কৰা হৈছে, যাৰ ভিতৰত ৩০টা পৰম বিশিষ্ট সেৱা পদক, ১৩৫টা বিশিষ্ট সেৱা পদক আৰু আন বিভিন্ন সেৱা সন্মান অন্তৰ্ভুক্ত।
পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সীমান্তৰ সিপাৰে সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা ‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত কৰ্ণেল কুৰেশীয়ে সামৰিক অভিযানৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ ক্ষেত্ৰত মুখপাত্ৰ হিচাপে দায়িত্ব পালন কৰিছিল। সহজ কথাত তেওঁ জনসাধাৰণ আৰু সামৰিক বাহিনীৰ মাজত সমন্বয় গঢ়ি তুলিছিল। আন্তঃৰাষ্ট্ৰীয় পৰিসৰত এই অভিযান সম্পৰ্কত বিভিন্ন উৰাবাতৰি বিয়পাৰ সময়ত, অভিযানটোৰ উদ্দেশ্য আৰু ফলাফল সম্পৰ্কে চৰকাৰী সংবাদ আগবঢ়োৱাৰ দায়িত্ব তেওঁৰ হাততেই ন্যস্ত কৰা হৈছিল।
ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ ব্যোমিকা সিঙৰ সৈতে একেলগে কৰ্ণেল কুৰেশীয়ে সংবাদ মাধ্যমৰ আগত উপস্থিত হৈ অভিযান সম্পৰ্কে সত্য তথ্য উপস্থাপন কৰিছিল আৰু ভুল তথ্যৰ বিৰুদ্ধে দৃঢ় স্থিতি লৈছিল। সংবেদনশীল কূটনৈতিক সময়ছোৱাত তেওঁৰ শান্ত আৰু দৃঢ় যোগাযোগে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ অৱস্থান শক্তিশালী কৰিছিল।
‘অপাৰেশ্যন সিন্দুৰ’ৰ জৰিয়তে কৰ্ণেল কুৰেশীয়ে বিশ্বজুৰি মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। এগৰাকী মহিলা সেনা বিষয়াই আন্তঃৰাষ্ট্ৰীয় পৰিসৰত কৌশলগত সামৰিক যোগাযোগৰ নেতৃত্ব বহন কৰাটো বাস্তৱিকতে বিৰল দৃষ্টান্ত।
কৰ্ণেল ছোফিয়া কুৰেশীৰ কেৰিয়াৰৰ বিষয়ে কিছু তথ্য:
প্ৰথম মহিলা কমাণ্ডাৰ:
ভাৰতৰ আতিথ্যত অনুষ্ঠিত বহুজাতিক সামৰিক সন্মিলন ‘এক্সাৰচাইজ ফ’ৰ্চ ১৮’ত ভাৰতীয় দলে নেতৃত্ব দিয়া প্ৰথম মহিলা সেনা বিষয়া হৈছে ছোফিয়া কুৰেশীক। এই সন্মিলনত ১৮খন দেশে অংশগ্ৰহণ কৰিছিল।
জন্ম আৰু শিক্ষা:
১৯৮১ চনত গুজৰাটৰ ভাদোদৰাত জন্ম গ্ৰহণ কৰা ছোফিয়া কুৰেশীয়ে জৈৱ-ৰসায়ন (Biochemistry) বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। তেওঁ ১৯৯৯ চনত ভাৰতীয় কুৰেশীয়ে সেনাবাহিনীত যোগদান কৰে।
আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতা:
কুৰেশীয়ে ২০০৬ চনত কংগোত সংযুক্ত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানত সামৰিক পৰ্যবেক্ষক হিচাপে সেৱা আগবঢ়াইছিল।
অন্যান্য স্বীকৃতি:
পঞ্জাব সীমান্তত ‘অপাৰেশ্যন পৰাক্ৰম’ৰ সময়ত তেওঁৰ ভূমিকাৰ বাবে জেনেৰেল অফিচাৰ কমাণ্ডিং-ইন-চিফৰ পৰা প্ৰশংসা পত্ৰ লাভ কৰে। উত্তৰ-পূব ভাৰতত বান সাহায্য প্ৰদান অভিযানতো তেওঁৰ অৱদান আনুষ্ঠানিকভাৱে স্বীকৃত হৈছে।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, এই বছৰত ৰাষ্ট্ৰপতিয়ে কীৰ্তি চক্ৰ, শৌৰ্য চক্ৰ, সেনা মেডেল, পৰম বিশিষ্ট সেৱা পদক, অতি বিশিষ্ট সেৱা পদক আৰু যুদ্ধ সেৱা পদক আদি মিলাই মুঠ ৭০টা বীৰত্ব বঁটা আৰু ৩০১টা সামৰিক অলংকাৰ অনুমোদন কৰিছে।
লগতে পঢ়কঃ Shubhanshu Shukla Ashok Chakra: কেপ্টেইন শুভাংশু শুক্লাক অশোক চক্ৰ প্ৰদান

