Duck with Ash Gourd Traditional Assamese RecipeDuck with Ash Gourd: হাঁহৰ সৈতে জহা কোমোৰাৰ ব্যঞ্জন

Duck with Ash Gourd (হাঁহৰ সৈতে জহা কোমোৰা) অসমৰ পৰম্পৰাগত ৰন্ধনৰ এটা জনপ্ৰিয় ব্যঞ্জন। এই ব্যঞ্জনত হাঁহৰ মাংসৰ স্বাদ আৰু জহা কোমোৰাৰ কোমলতা একেলগে মিলি এক বিশেষ সোৱাদ দিয়ে।-Assamese Duck Recipe

উপকৰণসমূহ (Duck with Ash Gourd Ingredients)

  • হাহঁৰ মাংস
  • জহা কোমোৰা
  • আদা
  • নহৰু
  • জলকীয়া
  • জালুক
  • পিয়াঁজ
  • তেজপাত

ৰন্ধন প্ৰণালী

প্ৰথমে হাহঁৰ মাংসখিনি সৰু সৰু টুকুৰা কৰি ললোঁ ৷পিয়াঁজ অলপো মিহি মিহিকৈ কুটি ললোঁ ৷আদা নহৰু গোটা জিৰা শুকানজলকীয়া জালুক মিহিকৈ পিচি ললোঁ ৷জহা কোমোৰা অলপ কাটি ললোঁ ৷- Traditional Assamese Food

এতিয়া এখন কেৰাহীত তেল গৰম কৰি প্ৰথমে দুটা তেজপাত দিলো ৷তাৰ পাছত পিয়াঁজ খিনি দি ৰঙচুৱাকৈ ভাজি ললো ৷তাৰ পাছত পিচি লোৱা মছলাখিনি দি লৰাই থাকিলো ৷ মচলাৰ ভালকৈ ভাজা হোৱাত মাংস খিনি দি ঢাকি কম জুইত আধাভাজা কৰি ললোঁ ৷

এতিয়া তাত কোমোৰাখিনি দি পুনৰ সিজিবলৈ ঢাকন মাৰি দিলোঁ ৷ আৰু অলপ সিজাৰ পাছত অকণমান গৰমপানী দি উতলিবলৈ দিলোঁ ।

উতলি পানী শুকাই যোৱাত নমাই থলোঁ ৷ তৈয়াৰ হৈ গল মোৰ হাঁহ কোমোৰাৰ জুতি লগা ব্যঞ্জনখন💐

পৰিবেশিকা – জ্যোতিকা বৰা


Advertisement