নগাঁও: নিৰ্বাচন আয়োগৰ দ্বাৰা বিধানসভা নিৰ্বাচন, ২০২৬ৰ বাবে অসমৰ বিশেষ পৰ্যবেক্ষক হিচাপে নিযুক্তি লাভ কৰা অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া মঞ্জিত সিঙে আজি নগাঁও জিলাত উপস্থিত হৈ সামগ্ৰিক নিৰ্বাচনী প্ৰস্তুতিৰ বিস্তৃত পৰ্যালোচনা চলায় (Special Election Observer Nagaon)। জিলাখনত উপস্থিত হোৱাৰ পিছতে বিশেষ নিৰ্বাচনী পৰ্যবেক্ষকগৰাকীয়ে পোনপটীয়াভাৱে জিলা আয়ুক্তৰ কক্ষত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।
এই বৈঠকত জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাস আৰু নিৰ্বাচনী বিষয়া শেখৰণ ফুকনৰ সৈতে জিলাখনৰ নিৰ্বাচনী ৰূপৰেখাৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰে। বিশেষকৈ নিৰ্বাচন পৰিচালনাৰ বাবে প্ৰয়োজনীয় বিষয়া-কৰ্মচাৰী নিয়োগৰ স্থিতি, পৰিবহণ ব্যৱস্থাৰ পৰিকল্পনা আৰু অন্যান্য প্ৰাৰম্ভিক প্ৰস্তুতিসমূহৰ বৰ্তমানৰ অৱস্থা পৰ্যবেক্ষকগৰাকীয়ে সূক্ষ্মভাৱে মূল্যায়ন কৰে।
বৈঠকৰ পিছতে বিশেষ নিৰ্বাচনী পৰ্যবেক্ষক মঞ্জিত সিঙে চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰংৰোম পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত তেওঁ ষ্ট্ৰং ৰুমৰ নিৰাপত্তা ব্যৱস্থা, বিভিন্ন বিতৰণ কোষসমূহৰ কাৰ্যপ্ৰণালী আৰু নিৰ্বাচন প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে গ্ৰহণ কৰা প্ৰতিটো কাৰিকৰী দিশ নিৰীক্ষণ কৰে।
শেষত তেওঁ কিৰণবালা গোস্বামী বালিকা বিদ্যাপীঠ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰে আৰু ইয়াত থকা সা-সুবিধাসমূহৰ বুজ লয়। তেওঁ মুক্ত, নিকা তথা স্বচ্ছ নিৰ্বাচন নিশ্চিত কৰাৰ স্বাৰ্থত নিৰ্বাচন আয়োগৰ নীতি-নিৰ্দেশনা কঠোৰভাৱে পালন কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। জিলা আয়ুক্তগৰাকীয়ে এই ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে তেওঁক অৱগত কৰে।
লগতে পঢ়কঃ নগাঁৱত ৭ নিৰ্বাচনী পৰ্যবেক্ষকৰ উপস্থিতিত দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন

