চন্দনজ্যোতি বৰা: বন্যহস্তীৰ বাবে নগাঁও জিলাৰ কামপুৰ-যমুনামুখৰ ওচৰৰ চাংজুৰাই, পটিয়াপাম আৰু কিছু নিলগৰ হাৱাইপুৰ আদি অঞ্চল যেন অভিশপ্ত হৈ পৰিছে । কিয়নো ৯ বছৰৰ ভিতৰত প্ৰায় ৩৫ কিলোমিটাৰ দূৰত্বৰ ভিতৰত ৰেলৰ খুন্দাত ১৫ টাকৈ বনৰীয়া হাতীৰ মৃত্যু হৈছে (Assam elephant death) । উল্লেখযোগ্য যে ২০১৬ চনৰ ১৭ ডিচেম্বৰত কামপুৰ-যমুনামুখৰ মাজৰ পটিয়াপামত এজনী গৰ্ভৱতী হাতীকে ধৰি তিনিটা হাতীৰ ৰেলৰ খুন্দাত মৃত্যু হৈছিল । দ্ৰুত গতিত অহা ৰেলৰ ইঞ্জিনে খুন্দিওৱাৰ ফলত দুটা হাতীৰ থিতাতে মৃত্যু হৈছিল আৰু এটা হাতী পৰৱৰ্তী সময়ত মৃত্যু হৈছিল । একেদৰে ২০১৮ বৰ্ষৰ ১০ ফেব্ৰুৱাৰীত দক্ষিণ নগাঁও বন সংমণ্ডলৰ অন্তৰ্গত হাৱাইপুৰ-লামচাখান ষ্টেচনৰ মাজত গুৱাহাটী শিলচৰ অভিমুখী ১৫৬১১ নম্বৰ পেচেঞ্জাৰ ৰেলৰ খুন্দাত ৫ টাকৈ হাতীৰ মৃত্যু হৈছিল ।
আজি পুনৰ অনুৰূপ ঘটনা সংঘটিত হয় । আজি পুনৰ কামপুৰৰ পাৰ্শ্ববৰ্তী চাংজুৰাই গাঁৱত যমুনাপুৰ-কামপুৰ চেকচনত ২০৫০৭ নম্বৰৰ ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত ৭ টা হাতীৰ মৃত্যু হয়(Kampur train accident) । ইয়াৰে এজনী হাতী গৰ্ভৱতী আছিল । ২০১৬ চনত বন্যহস্তীৰ মৃত্যু হোৱা স্থান আৰু বৰ্তমান বন্যহস্তীৰ মৃত্যু হোৱা স্থানৰ মাজৰ ব্যৱধান মাত্ৰ ৫ কিলোমিটাৰ । অৱশ্যে হাৱাইপুৰ বৰ্তমান দুৰ্ঘটনা হোৱা স্থানতকৈ ৩৫ কিলোমিটাৰ নিলগত। ইপিনে২০২১ চনৰ ১২ মে’ত নগাঁও জিলাৰে তপতজুৰিৰ বামুণী পাহাৰত ১৮ টা বন্যহস্তীৰ বিদ্যুৎস্পৃষ্টহৈ মৃত্যু হৈছিল ।

ৱাইল্ড লাইফ ইন্সটিটিউট অৱ ইণ্ডিয়া এণ্ড প্ৰজেক্ট এলিফেন্ট ২০০০ চনৰ পৰা ২০২৩ চনলৈকে ১২০৯ টা হাতীৰ অসমত মৃত্যু হৈছে । এই সময় ছোৱাৰ ভিতৰত হাতী-মানুহৰ সংঘাতত ১৪৬৮ জন মানুহৰ মৃত্যু হৈছে আৰু আঘাত প্ৰাপ্ত হৈছে ৩৩৭ জন । মৃত্যু হোৱা হাতী সমূহৰ ভিতৰত বিদ্যুৎস্পৃষ্ট হৈ ২০৯ টা, দুৰ্ঘটনাজনিত কাৰণত ১২৭ টা, নলাত পৰি ৯৭ টা, ৰেলৰ সংঘৰ্ষত ৬৭ টা, বিষাক্ত দ্ৰৱ্য সেৱনৰ ফলত ৬২ টা, চিকাৰীৰ হাতত নিহত হয় ৫৫ টা, গাড়ীৰ খুণ্ডাত ৪ টা আৰু প্ৰতিশোধমূলক কাৰণত ৫ টা হাতীৰ মৃত্যু হৈছে । ২০০০ চনৰ ২০২৩ চনলৈকে ২৩ বছৰত ৬২৬ টা হাতীৰ অপ্ৰাকৃতিক তথা মানৱসৃষ্ট কাৰণত মৃত্যু হৈছে।
২০২৫ বৰ্ষত ডিচেম্বৰ মাহলৈকে ৪৯ টা বনৰীয়া হাতীৰ মৃত্যু হোৱা বুলি বনবিভাগৰ তথ্যত প্ৰকাশ। এই ৪৯ টা হাতীৰ ভিতৰত শনিবাৰে( ২০ ডিচেম্বৰ)ত কামপুৰৰ চাংজৰী গাঁৱত ৰেলৰ খুণ্ডাত নিহত ৮ টা হাতীও আছে । বনবিভাগৰ সূত্ৰ মতে অক্টোবৰ আৰু নৱেম্বৰ মাহৰ ভিতৰত ১১ টা হাতীৰ অপ্ৰাকৃতিক ভাবে মৃত্যু হৈছে । ইয়াৰ ভিতৰত বিদ্যুৎস্পৃষ্টহৈ মৃত্যু হোৱা হাতীৰ সংখ্যাও আছে ।

উল্লেখযোগ্য যে ১৯৯০ চনৰ পৰা ২০১৮ চনৰ ভিতৰত ৰেল দুৰ্ঘটনাত ১১৫ টা আৰু ইয়াত পৰবৰ্তী ২০২৩ চনলৈকে ৩৩ টা হাতীৰ ৰেল দুৰ্ঘটনাত মৃত্যু হৈছে । উত্তৰ-পূৱ সীমান্ত ৰেল বিভাগৰ অন্তৰ্গত এলেকাত ২০১৪ চনৰ পৰা ২০২২ চনৰ ভিতৰত ৬৫ টা হাতীৰ মৃত্যু হৈছে।
অন্যহাতেদি এই সময়ছোৱাত হাতী-মানুহৰ সংঘাতৰ ফলত মৃত্যু হোৱা লোক সকলৰ ভিতৰত শোণিতপুৰত ১১০ জন, আহত হৈছে ৯২ জন (Human elephant conflict Assam) । গোৱালপাৰাত ১৭৫ জন, ওদালগুৰিত ১৬৮ জন আৰু আহত হৈছে ৩৪ জন । শোণিতপুৰ পূৱ সংমণ্ডলত ১৫৬ জন লোকৰ মৃত্যু হৈছে আৰু ২১ জন আহত হৈছে। গোলাঘাটত ১১০ জনৰ মৃত্যু হৈছে আৰু ৯২ জন আহত হৈছে ।
এই সময়ছোৱাত ৫২৭ জন গাও ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰে গোৱালপাৰাত ৮০ খন । শোণিতপুৰ পশ্চিম সংমণ্ডলত ৫১ খন। ওদালগুৰিত ৩৯ খন । তাৎপৰ্যপূৰ্ণ যে বিগত সময়ছোৱাত নগাঁও, শোণিতপুৰ জিলাত বন্যহস্তীৰ মৃত্যু বৃদ্ধি পাইছে । তাৎপৰ্যপূৰ্ণ যে কুঁৱলীৰ বাবেই আজি চাংজুৰাইত ৰেলৰ খুন্দাত বন্যহস্তীৰ মৃত্যু হোৱা বুলি অবগত কৰি উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসংযোগ বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিয়ে যে, পাইলটে হাতীৰ জাকটো দেখা পোৱাৰ লগে লগে জৰুৰীকালীন ব্ৰেক প্ৰয়োগ কৰিছিল যদিও হাতীকেইটাই দুৰ্ভাগ্যক্ৰমে প্ৰাণ হেৰুৱাই (NFR railway elephant accident)। দুৰ্ঘটনাস্থলটো কোনো নিৰ্দিষ্ট হাতী কৰিডৰ নহয় বুলি ৰেল বিভাগে স্পষ্ট কৰিছে । ঘন কুঁৱলী আৰু ৰাতিৰ অন্ধকাৰে দৃশ্যমানতা কমাই দুৰ্ঘটনাটোৰ কাৰণ হৈছে বুলি ধাৰণা কৰা হৈছে । অন্যহাতেদি ৰেলৰ খুন্দাত হাতীৰ মৃত্যু ৰোধ কৰাৰ উদ্দেশ্যে ভৱিষ্যতে কামপুৰৰ এই স্থানত আই ডি এচ সংস্থাপনৰ পৰিকল্পনা কৰাৰ কথাও জানিবলৈ দিয়ে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ জনসংযোগ বিষয়াগৰাকীয়ে। আই ডি এচ সংযোগৰ ফলত হাতী থকা স্থানৰ ৫০ মিটাৰ পূৰ্বেই ইংগিত প্ৰদান কৰিব ।
বন বিভাগে ঘটনা সংঘটিত হোৱাৰ পূৰ্বেই অবগত কৰিছিল ৰেল বিভাগৰ দায়িত্বপ্ৰাপ্ত কৰ্মীকঃ
কামপুৰৰ চাংজুৰাইত সংঘটিত দুৰ্ঘটনাৰ এক ঘন্টাৰ পূৰ্বেই সেই স্থানৰে বন্যহস্তী পাৰ হোৱাৰ সম্ভাৱনাৰ কথা বনবিভাগে ৰেল বিভাগৰ দায়িত্বপ্ৰাপ্ত কৰ্মচাৰীক অবগত কৰিছিল। ‘দ্যা নিউজ চৰ্ছ-ক’ এই সম্পৰ্কত কামপুৰৰ বনাঞ্চলিক বিষয়া শ্বামিম আখতাৰে কয় যে- আমি বনবিভাগে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ এঘণ্টাৰ পুৰ্বে ১-৩০ বজাত কামপুৰ ৰেল ষ্টেচনৰ কৰ্মচাৰীক সেই স্থানৰে বন্যহস্তী পাৰ হ’ব পৰাৰ সম্ভাবনীয়তাৰ বিষয়ে অৱগত কৰিছিলো । যাতে সেই স্থানেৰে ৰেল পাৰ হোৱাৰ সময়ত ৰেলৰ গতি কম কৰে । আমি জনোৱাৰ পিচত অৱশ্যে এখন ৰেল সেই স্থানেৰে ধীৰ গতিত পাৰ হৈছিল । কিন্তু দু্ৰ্ঘটনাটোত সংঘটিত কৰা ২০৫০৭ নম্বৰৰ ৰাজধানী এক্সপ্ৰেছখনে সেই স্থানেৰে তীব্ৰ গতিত যায় । ৰেলখনক আমাৰ তহলদাৰী বনকৰ্মীয়ে টৰ্চ জ্বলাই ইংগিত দিছিল যদিও সেয়াই কাম নিদিলে ।
তেওঁ কয় যে- বন্যহস্তী পাৰ হোৱা সেই স্থান স্বীকৃত এলিফেন্ট কৰিডৰ নহয় যদিও মাজে সময়ে বন্য হস্তী পাৰ হয় (Elephant corridor Assam) । সাধাৰণতে ডিচেম্বৰ- জানুৱাৰী মাহত সেই স্থানৰে হাতী অহা যোৱা বেছিকৈ কৰে । গ্ৰামাঞ্চলত ধানখেতি কাটি শেষ হোৱাৰ পাছত পথাৰত থকা নৰা খাবলৈ আহে হাতীৰ জাক । ইতিমধ্যে ঘটনাস্থলীৰ আশে পাশে দুটা হাতীৰ জাকৰ চলনৰ সংকেত আমি পাইছিলো । সেয়েহে আমাৰ দলে জাকটোক নিৰিক্ষণ কৰি আছিল । তেওঁ কয় যে – আমি ১২ ঘণ্টাৰ বাবে ৰেলখনৰ লক পাইলট দুজনক সোধপোচৰ বাবে আটক কৰিছিলো যদিও ব্যক্তিগত জিম্মাত আমি তেওলোকক জামিনত যাব দিও । ইতিমধ্যে আমি ৰেলৰ ল’ক’ ইঞ্জিনটো জন্দ কৰি ৰেল বিভাগক গতাই দিছো । আমাৰ তদন্ত অব্যাহত আছে ।
সমন্বয়ৰ অভাব বন বিভাগ আৰু ৰেল বিভাগৰঃ পৰিবেশ কৰ্মী বিনোদ দুলু বৰা
ৰেল বিভাগ আৰু বন বিভাগৰ সমন্বয়ৰ অভাবৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আক্ষেপ কৰে ‘হাতীবন্ধু’ সংগঠনৰ কৰ্মকৰ্তা বিনোদ দুলু বৰাই । তেওঁ শোকাৱহ ঘটনাক লৈ দুখ প্ৰকাশ কৰাৰ লগতে ৰেল বিভাগক জগৰীয়া কৰে । তেওঁ কয় যে- ঘটনাস্থলীত উপস্থিত হৈ আমি পৰিবেশ নিৰিক্ষণ কৰাৰ পিচত উপলব্ধি হৈছে দুয়োটা বিভাগৰ মাজত সমন্বয়ৰ অভাব। অঞ্চলটোৰে পুৰ্বৰে পৰাই হাতী অহা যোৱা কৰে । ৰেল বিভাগে ইয়াক হাতীৰ কৰিডৰ নহয় বুলি কৈ দায় সাৰিব বিচাৰিছে । তাৰোপৰি বন বিভাগে এই অঞ্চলৰে হাতীৰ অহা যোৱা কৰে বুলি ৰেল বিভাগক অৱগত কৰি আহিছে । এনে পৰিপেক্ষিতত ৰেল বিভাগে সেই স্থানত কেমেৰা অথবা বৰ্তমানৰ উন্নত প্ৰযুক্তিৰ যিকোনো সাংকেটিক সামগ্ৰী স্থাপন কৰি ৰেলৰ পাইলটক সচেতন কৰিব লাগিছিল । কিন্তু তেনে নকৰাৰ ফলতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় ।
লগতে পঢ়ক: ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত ৭ টাকৈ বন্যহস্তীৰ কৰুণ মৃত্যু – Rajdhani Express elephant accident Assam
লগতে পঢ়ক: Rajdhani Express Elephant Accident Assam: কামপুৰৰ ৰেলৰ খুন্দাত নিহত সাতটা হাতীৰ এটা আছিল গৰ্ভৱতী

