Ellora Science Forum Demands Impact Study Before Elevated Corridor in Kazirangaএলিভেটেড কৰিডৰ প্ৰসংগত ইলোৰা বিজ্ঞান মঞ্চৰ আহ্বান

নিউজ ডেস্কঃ প্রভাৱ অধ্যয়ন নকৰাকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানেৰে উৰণীয়া সেতুৰ ( এলিভেটেড কৰিডৰ) নির্মাণকাৰ্য স্থগিত ৰখাৰ আহ্বান জনাইছে ইলোৰা বিজ্ঞান মঞ্চই (Elevated Corridor Kaziranga)।

মঞ্চই উল্লেখ কৰে যে অতি সম্প্রতি চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰেৰে উৰণীয়া সেতু নির্মাণ কৰিব বুলি ঘোষণা কৰিছে (Ellora Science Forum)। উদ্যানৰ ৯টা এনিমেল কৰিড’ৰেৰে ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হৈ উদ্যানৰ পৰা কাৰ্বি পাহাৰ আৰু কাৰ্বি পাহাৰৰ পৰা উদ্যানলৈ বন্য জন্তুৰ নিয়মীয়া আহ-যাহত যান-বাহনৰ খুন্দাত হোৱা বন্য জীৱ-জন্তুৰ মৃত্যুৰ ঘটনা ৰুধিবলৈ এই উৰণীয়া সেঁতু নিৰ্মাণ কৰা হ’ব বুলি কোৱা হৈছে যদিও ৰাইজৰ মনত কেইটামান প্রশ্ন উদ্ৰেক হৈছে। সেইসমূহ হৈছেঃ

(ক) ৰাষ্ট্ৰীয় বন্যপ্রাণী পৰিষদৰ নিয়ম অনুযায়ী যিকোনো বৃহৎ নির্মাণৰ পূর্বে পৰিবেশৰ ওপৰত সেই নির্মাণে পেলাব পৰা প্রভাৱ অধ্যয়ন কৰাটো বাধ্যতামূলক (Environmental Impact Study)। কাজিৰঙা বাষ্ট্রীয় উদ্যান এক বিশাল আয়তনৰ ৰাষ্ট্ৰীয় উদ্যান হোৱাৰ লগতে ই বিশ্ব ঐতিহ্যক্ষেত্রৰ অভিধাও লাভ কৰিছে। এনে এখন উদ্যানৰ ওপৰেৰে নির্মাণ কৰিব খোজা উৰণীয়া সেঁতুৰ ক্ষেত্রত প্রভাৱ অধ্যয়ন ব্যবস্থা আমি জনাত গ্ৰহণ কৰা হোৱা নাই। সেয়ে নিৰ্মাণৰ পূৰ্বে এই অধ্যয়ন হʼব লাগে।

(খ) ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ কাৰ্বি পাহাৰৰ আৰু উদ্যানৰ মাজত বন্য জীৱ-জন্তুৰ অহা-যোৱা দুই ধৰণৰ (Animal Corridor Assam)। দৈনিক আৰু ঋতুকালীন (বাৰিষা)। যিহেতু সেতু নির্মাণ দীঘলীয়া সময় ধৰি চলিব (নিৰ্ধাৰিত সময় চাৰিৰ পৰা পাঁচবছৰ) আৰু নির্মাণ কালত এনিমেল ক’ৰিড’ৰ-সমূহ কার্যতঃ বন্ধ হৈ পৰিব, এই সময়ছোৱাত বন্য জীৱ-জন্তৰ অহা-যোৱাৰ বিষয়টোত কি ব্যবস্থা গ্রহণ কৰা হ’ব?

(গ) যদি বাৰিষাৰ সময়ত সেঁতুৰ নির্মাণ কার্য বন্ধও থাকে, নির্মাণথলীত নলা-গাত আদিৰ দৰে প্রতিবন্ধকসমূহ বন্য জীৱ-জন্তুৰ মৃত্যুৰ কাৰণ হৈ নপৰিবনে?

(ঘ) কাৰ্বি পাহাৰলৈ অহা-যোৱা বন্ধ হ’লে বন্য জন্তুসমূহ ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশতেই আবদ্ধ থাকি মানুহৰ বসতিলৈ গতি কৰিব। তেতিয়া বন্য জীৱ্-জন্তু আৰু মানুহৰ সংঘাত বৃদ্ধি হʼব (Kaziranga Wildlife Conservation)। এই সংঘাত নিৰাময়ৰ কি ব্যবস্থা থাকিব?

(ঙ) কার্বি পাহাৰ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ জন্মদাত্ৰী। দূৰ অতীতৰ পৰা পাহাৰৰ পৰা নামনিলৈ বৈ অহা বাৰমহীয়া জুৰিবোৰে কাজিৰঙাৰ অভ্যন্তৰৰ পৰিৱেশতন্ত্র গঠন কৰিছে। জানিব পৰা মতে উৰণীয়া সেঁতু পোনাই নিয়াৰ স্বাৰ্থত পাহাৰ কটা হ’ব। ইয়াৰ ফলত জুৰি-নিজৰাসমূহ বাধাগ্রস্ত নহ’বনে? অথবা বাধাগ্রস্ত নহ’লেও খন্দা-কোৰাৰ ফলত বোৱতী সুঁতিৰে বালি-বোকা উদ্যানৰ ভিতৰলৈ গৈ জলাশয়সমূহ ক্ষতিগ্ৰস্ত নকৰিবনে? ঘাঁহনি পৰিৱেশতন্ত্র (Grassland Ecosystem)ৰ ওপৰত বেয়া প্রভাৱ নপৰিবনে? তেনেক্ষেত্রত হাতী, গঁড়, ম’হ, পহু আদি তৃণভোজী জন্তুসমূহৰ খাদ্য সংকট নঘটিবনে?

ওপৰোক্ত সন্দেহসমূহ বা অনুমানসমূহৰ যথাযথ উত্তৰ বিচৰা হৈছেনে? সেয়েহে, ইলোৰা বিজ্ঞান মঞ্চই এখন স্মাৰক পত্ৰ যোগে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী আৰু অন্যান্য কৰ্তৃপক্ষলৈ অনুৰোধ জনায় যাতে নির্মাণ কাৰ্যত অগ্ৰসৰ হোৱাৰ পূৰ্বে অর্হতাসম্পন্ন কর্তৃপক্ষৰ জৰিয়তে গভীৰভাৱে অধ্যয়ন কৰা হয়।

লগতে পঢ়কঃ দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী


Advertisement