Ex–Indian Air Force Officer Arrested for Espionage in Tezpurদায়িত্বত আছিল দেশমাতৃৰ সুৰক্ষাৰ। কাম কৰিছিল পাকিস্তানী চোৰাংচোৱাৰ। জালত পৰিল আৰক্ষীৰ।

তেজপুৰ: হয়, নিজৰ দেশমাতৃক সুৰক্ষাৰ বাবে নিয়োজিত হৈ পাকিস্তানী চোৰাংচোৱা হিচাপে কাম কৰা ভাৰতীয় বায়ুসেনাৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া পৰিল আৰক্ষীৰ জালত। নাম কুকেন্দ্ৰ শৰ্মা। ঘৰ তেজপুৰত। ভাৰতীয় বায়ুসেনাৰ এগৰাকী ৱাৰেণ্ট বিষয়া হিচাপে কৰ্মৰত অৱস্থাত ভাৰতৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানক দেশৰ প্ৰতিৰক্ষাৰ বহু তথ্য যোগান ধৰাৰ অভিযোগত শনিবাৰে শোণিতপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অৱসৰপ্ৰাপ্ত বিষয়া তেজপুৰৰ কুলেন্দ্ৰ শৰ্মাক(Ex–Indian Air Force Officer Arrested)।

শোণিতপুৰ আৰক্ষীয়ে সংবাদ মাধ্যমক অৱগত কৰা অনুসৰি কুলেন্দ্র শৰ্মাই পাকিস্তানী চোৰাংচোৱাক যোগান ধৰিছিল ভাৰতৰ বহু তথ্য। সামাজিক মাধ্যমৰ জৰিয়তে কুকেন্দ্ৰ শৰ্মাই প্ৰতিৰক্ষা বিভাগৰ তথ্য যোগান ধৰিছিল। এই বিষয়ে অসম আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত শুক্ৰবাৰে গ্ৰেপ্তাৰ কৰে ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীক।

দেশমাতৃক বিশ্বাসঘাতকতা কৰা কুলেন্দ্ৰ শৰ্মাক প্ৰথমে আটক কৰি বাসগৃহৰ পৰা মোবাইল, লেপটপ আদি জব্দ কৰাৰ পাছত লেপটপ আৰু মোবাইলৰ পৰা বহু অপত্তিজনক তথ্য লাভ কৰা বুলিও উল্লেখ কৰে শোণিতপুৰ আৰক্ষীয়ে। অৱশ্যে কেতিয়াৰ পৰা এই কুলেন্দ্ৰ শৰ্মাই পাকিস্তানী এজেন্টক তথ্য যোগান ধৰি আহিছিল এই বিষয়ে কোনো তথ্য লাভ কৰা নাই বুলি জনায় আৰক্ষীয়ে। কুলেন্দ্ৰ শৰ্মাৰ মোবাইল আৰু লেপটপৰ বহু তথ্য ডিলেট কৰি দিয়াৰ ফলত সমগ্ৰ তথ্য উদ্ঘাটনত অসুবিধাৰ সন্মুখীন হোৱাৰ কথাও উল্লেখ কৰি পৰৱৰ্তী সময়ত মোবাইল আৰু লেপটপ ফৰেঞ্চিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ কথাও জনায় শোণিতপুৰ আৰক্ষীয়ে।

২০০২ চনতে ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ গ্ৰহণ কৰা কুলেন্দ্ৰ শৰ্মাক শনিবাৰে আদালতত হাজিৰ কৰে শোণিতপুৰ আৰক্ষীয়ে।উল্লেখযোগ্য যে যোৱা ৫ ডিচেম্বৰতো তেজপুৰৰ এগৰাকী মহিলাক আৰক্ষীয়ে পাকিস্তানৰ সৈতে যোগসূত্ৰ থকা আৰু বৈদেশিক মুদ্ৰা সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।মহিলা গৰাকীয়ে পাকিস্তানৰ এজন নাগৰিকৰ লগত ২০২৫ বৰ্ষৰে ফেব্ৰুৱাৰী মাহত বিবাহপাশত আৱদ্ধ হৈছিল।আৰক্ষীয়ে মহিলা গৰাকীৰ লগতে আন তিনিজন লোককো গ্ৰেপ্তাৰ কৰিছিল।

লগতে পঢ়ক: জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অভিযোগনামা সন্দৰ্ভত মন্তব্য আঙুৰলতা ডেকাৰ


Advertisement