Free HLA Typing Camp in NagaonFree HLA Typing Camp: থেলাছেমিয়া ৰোগীৰ বাবে বিনামূলীয়া চিকিৎসাৰ বৃহৎ পদক্ষেপ

নগাঁও: মুম্বাই স্থিতকোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয় আৰু চিকিৎসা গৱেষণা প্ৰতিষ্ঠান,তথা DKMS India, ভাৰত চৰকাৰৰ স্বাস্থ্য সেৱা মন্ত্ৰণালয় আৰু Parent’s Association Thalassemic Unit TRUST, Mumbai ৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসন, জিলা চিকিৎসা সমিতি আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত দেওবাৰে নগাঁও চিকিৎসা মহাবিদ্যালয়ত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে থেলাছেমিয়া ৰোগীৰ বাবে এটি বিনামূলীয়া Human Leukocyte Antigen চমুকৈ HLA Typing চিনাক্তকৰণ শিবিৰ সফলতাৰে অনুষ্ঠিত হয়(Free HLA Typing Camp)।

এই শিবিৰৰ জৰিয়তে ১৫ বছৰৰ তলৰ থেলাছেমিয়া, চিকেল চেল ৰোগ আৰু এপ্লাষ্টিক এনিমিয়াত আক্ৰান্ত শিশুসকলক বিনামূলীয়া চিকিৎসা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে(Thalassemia Treatment Assam)।

কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয় আৰু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ Bone Marrow Transplant Unit ৰ দ্বাৰা পৰিচালিত এই শিবিৰৰ মূল উদ্দেশ্য হিচাপে, ৰোগী আৰু তেওঁলোকৰ নিকটতম পৰিয়ালৰ সদস্যসকলৰ মাজত সম্ভাৱ্য কোষৰ মিল বা HLA Typing পৰীক্ষা কৰা। কাৰণ পৰিয়ালৰ ভিতৰত কোনো সদস্যৰ সৈতে কোষৰ মিল থাকিলে হাড়ৰ মজ্জা প্ৰতিস্থাপন বা BMT ৰ জৰিয়তে এই জটিল ৰোগসমূহৰ পৰা স্থায়ী মুক্তি লাভ কৰাটো সম্ভৱ হৈ পৰে(Bone Marrow Transplant India)।

সাধাৰণতে দাতাৰ মিল নথকাৰ বাবে বহুতো শিশুৱে আজীৱন লোকৰ তেজৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিবলগীয়া হয়, যিয়ে পৰিয়ালসমূহলৈ চৰম আৰ্থিক সংকট নমাই আনে। সেই দুৰ্ভাগ্যজনক পৰিস্থিতি দূৰ কৰিবলৈকে আজিৰ এই শিবিৰত ৰোগী আৰু পৰিয়ালৰ বাবে সকলো পৰীক্ষা সম্পূৰ্ণ বিনামূলীয়াকৈ কৰা হয়(Free Medical Camp Nagaon)।

ইয়াৰোপৰি যদি কোনো শিশুৰ পৰিয়ালৰ সদস্যৰ সৈতে নমুনাৰ মিল পোৱা যায়, তেন্তে তেওঁলোকৰ পৰৱৰ্তী উন্নত চিকিৎসাও চিকিৎসালয়খনৰ BMT Unit ত বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব।

উল্লেখযোগ্য যে, কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয় আৰু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ উক্ত ইউনিটটোৱে ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয় আৰু অন্যান্য সহযোগী সংস্থাৰ সৈতে মিলি সমগ্ৰ দেশতে ইতিমধ্যে ৬০ তকৈও অধিক এনে শিবিৰ সম্পন্ন কৰি ১০ হাজাৰৰো অধিক শিশুক সুস্থ কৰি তুলিছে(Kokilaben Ambani Hospital)।

দেওবাৰে অনিষ্ঠিত নগাঁৱৰ শিবিৰত মুঠ ৫৪ গৰাকী ৰোগীক পৰীক্ষা কৰা হয় আৰু পৰীক্ষাগাৰৰ বাবে মুঠ ১০৮ টা নমুনা সংগ্ৰহ কৰি এক সফল আৰম্ভণি কৰা হয়।

উল্লেখযোগ্য যে, নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ প্ৰচেষ্টাত জিলাখনত পুন প্ৰথমবাৰৰ বাবে বিনামূলীয়া থেলামেচিয়া ৰোগীৰ বাবে বৃহৎ HLA Typing শিবিৰ অনুষ্ঠিত।

নগাৱৰ এই শিবিৰত, মুম্বাইৰ পৰা অহা কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয় আৰু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ শিশু হাৰমেট’লজী, অংক’লজী আৰু বিএমটি বিভাগীয় মুৰব্বী, ড° শান্তনু সেন, মুম্বাইৰ চিকিৎসক ড° নিৰালি সংঘৱী,গুৱাহাটীৰ চিকিৎসক ড° কবিতা মজুমদাৰ, অতিৰিক্ত জিলা আয়ুক্ত(স্বাস্থ্য) সুদীপ নাথ, সহকাৰী আয়ুক্ত, শিখা নাথ, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তপন কুমাৰ শইকীয়া, নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিষ্ণু ৰাম দাস প্ৰমুখ্যে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক আৰু কৰ্মচাৰীসকল উপস্থিত থাকে।

লগতে পঢ়ক: জামনগৰত কেন্সাৰ কেয়াৰ ইণ্ডিয়াৰ দুদিনীয়া আলোচনা চক্ৰ


Advertisement