এণ্টাৰটেইণ্টমেণ্ট ডেস্ক: আমাজন প্ৰাইম ভিডিঅৰ জনপ্ৰিয় ৱেৱ চিৰিজ দ্যা ফেমেলী মেনৰ ৩য় খণ্ড অৰ্থাৎ দ্যা ফেমেলী মেন ৩ (The Family man session 3) সুদীৰ্ঘ চাৰিবছৰৰ পিচত পুনৰ দৰ্শকে উপভোগ কৰিবলৈ সক্ষম হৈছে । যোৱা ২১ নৱেম্বৰত আমাজন প্ৰাইম ভিডিঅত উপলব্ধ হৈছে এই ৱেব চিৰিজখন ।
প্ৰখ্যাত অভিনেতা মনোজ বাজপেয়ীয়ে শ্ৰীকান্ত তিৱাৰী নামৰ এজন কেন্দ্ৰীয় চোৰাংচোৱা বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে । এই ৱেব চিৰিজখনৰ অন্য চৰিত্ৰ সমূহত আছে প্ৰিয়ামনি, সাৰিব হাসমী,নিৰমত কৌৰ,বেদান্ত সিনহা,বিপিন শৰ্মা,গুল পানাগ,যুগল হংসৰাজ,আদিত্য শ্ৰীবাস্তব,অশ্লেষা ঠাকুৰ,শ্ৰেয়া ধনওন্তৰী,জয়দীপ আহলাওয়াত আদি।
উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী সমস্যা,উত্তৰ পূৰ্বাঞ্চলত নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ,বহিঃৰাষ্ট্ৰৰ ষড়যন্ত্ৰ,অস্ত্ৰ ব্যৱসায়ীৰ কূটকৌশল আদি বিষয় ফেমেলী মেন ৩ (The Family man session 3) ৱেব চিৰিজখনত উপস্থাপন কৰা হৈছে । ৱেব চিৰিজ খনত ৰুকমা নামৰ এজন ড্ৰাগছ মাফিয়াৰ চৰিত্ৰত জয়দীপ আহলাওয়াতে দুৰ্দান্ত অভিনয় কৰিছে ।

এই ৱেৱ চিৰিজখনৰে দুটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ দুগৰাকী যুৱতীয়ে । ইয়াৰে এটা চৰিত্ৰ হৈছে নিমা আৰু আনটো চৰিত্ৰ হৈছে উলুপী নামৰ এগৰাকী বিদ্ৰোহী যুৱতী। ‘নিমা’ৰ চৰিত্ৰত অনবদ্য অভিনয় কৰিছে ক্যাৰোল আন্দ্ৰেয়া কেভিচুচাই (Carol Andrea Kevichusa ) নামৰ উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী যুৱতীয়ে।ৱেব চিৰিজ খনত নিমা হৈছে জয়দীপ আহলাওয়াত অৰ্থাৎ ৰুকমাৰ প্ৰেয়সী । আৰক্ষীৰ গুলীত নিমাৰ মৃত্যু ঘটে ।
২০০১ চনৰ ১৮ ফেব্ৰুৱাৰীত নগালেণ্ডৰ কহিমাত জন্মগ্ৰহণ কৰা আন্দ্ৰেয়া মূলতঃ এগৰাকী মডেল হিচাপে পৰিচিত।২০২২ চনত আয়ুস্মান খুৰানাই অভিনয় কৰা আৰু অনুভৱ সিনহাই পৰিচালনা কৰা ‘অনেক’ নামৰ চলচ্চিত্ৰ খনত অভিনয় কৰি জনপ্ৰিয় হৈছিল । বোলছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ ফ্লিম ফেয়াৰ এৱাৰ্ড ফৰ বেষ্ট ফিমেল ডিবাট (Flimfare award for best Femal Debut) সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। সেই চলচ্চিত্ৰখনত আন্দ্ৰেয়াই আইড নামৰ এগৰাকী উদীয়মান বক্সাৰৰ চৰিত্ৰত অভিনয় কৰিছিল।
২০১৬ চনত ১৫ বছৰ বয়সতে মডেলিং জগতৰ লগত জড়িত হৈ পৰিছিল আন্দ্ৰেয়া। তেওঁ সব্যসাচী মুখাৰ্জীৰ দৰে প্ৰখ্যাত ফেচন ডিজাইনাৰৰ লগতো কাম কৰিছিল । উত্তৰ পূৰ্বাঞ্চলৰ নাগালেণ্ডৰ পৰা বলিউডৰ এই সোণালী যাত্ৰা নিঃসন্দেহে প্ৰশংসনীয় ।

ইপিনে একেখন ৱেৱ চিৰিজৰে উলুপীৰ চৰিত্ৰত অভিনয় কৰিছে অসমৰ পুনম গুৰুঙে । উলুপী এগৰাকী বিদ্ৰোহী যুৱতীৰ চৰিত্ৰ । পুনমে ইতিপূৰ্বে ২০২২ চনত মুক্তি প্ৰাপ্ত কেনি বসুমতাৰী পৰিচালিত লোকেল উৎপাত নামৰ চলচ্চিত্ৰখনত অভিনয় কৰিছিল । তদুপৰি তেওঁ অভিনয় কৰা আন এখন চলচ্চিত্ৰ হৈছে চাচপেণ্ডেড ইন্সপেক্টৰ।নগালেণ্ডত জন্মগ্ৰহণ কৰা পুনম গুৰুং বৰ্তমান শিলিগুৰিৰ বাসিন্দা।
লগতে পঢ়ক : জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অভিযোগনামা সন্দৰ্ভত মন্তব্য আঙুৰলতা ডেকাৰ

