গুৱাহাটীঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ বিষয়টোৰ সম্পৰ্কত জানুৱাৰী মাহত তথ্যপাতি ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰীয়ে (Gaurav Gogoi Pakistan Connection)। শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে (Himanta Biswa Sarma Statement)। উল্লেখযোগ্য যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ তথা তেওঁৰ পত্নীৰ পাকিস্তানৰ লগত সংযোগ থকাৰ প্ৰসংগত তদন্তৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট (SIT) গঠন কৰি দিছিল (Assam SIT Investigation) । বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহতে এই সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে তথ্য ৰাজহুৱা কৰাৰ কথা আছিল। শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে সংবাদ মেলত কয় ,” ছেপ্টেম্বৰ মাহতে তথ্য ৰাজহুৱা কৰাৰ কথা আছিল যদিও জনতাৰ শিল্পী জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুৰ পৰিপ্ৰেক্ষিতত তথ্য ৰাজহুৱা কৰিব পৰা নহল। এতিয়া জানুৱাৰী মাহৰ ভিতৰতে এই সম্পৰ্কীয় সকলো তথ্য পাতি সাংবাদিকক দিয়া হব আৰু গোচৰটো ভাৰত চৰকাৰলৈ হস্তান্তৰ কৰা হব। তেওঁ কয়, ” ১৫ জানুৱাৰীৰ পৰা ১৮ জানুৱাৰী বা ২৪ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীৰ ভিতৰত তথ্য দিয়া হব। এইটো এক ডাঙৰ ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰ অসমৰ ৰাইজে জানিবই লাগিব। আমাৰ হাতত থকা তথ্য আৰম্ভহে এন আই এ ওচৰত গোচৰ যোৱাৰ পিচত অধিক ভয়ংকৰ তথ্য ওলাব (Congress Pakistan Link Allegation)।”
গৌৰৱ গগৈৰ পৰিয়ালৰ তিনিজনেই বিদেশীঃ
সংবাদমেলত মুখ্যমন্ত্ৰীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈক কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয়, “এনেকুৱা কৰবাত নেতা দেখা পাইছে নেকি যাৰ পৰিয়ালৰ তিনিজনেই বিদেশী। ৰাষ্ট্ৰীয় পতাকা ঘৰত উত্তোলন কৰা দিনা তেওঁ অকলেই উত্তোলন কৰিব। কংগ্ৰেছ এটা অদ্ভুত পাৰ্টি।”
কংগ্ৰেছ কাৰো বন্ধু নহয়ঃ মুখ্যমন্ত্ৰী
ৰাজ্য চৰকাৰে চৰকাৰী ভূমি বেদখল কৰা সকলক উচ্ছেদ কৰাৰ প্ৰসংগ টানি আনি মুখ্যমন্ত্ৰীয়ে কয় ,”উচ্ছেদিতৰ খবৰ লবলৈ গৌৰৱ গগৈ কোনো দিন যোৱা নাই। মিঞা মুছলমান সকলে দুৰ্ভাগ্যলৈ আহিছে যে যাক ভোট দিম তেওৱো আমাক নাচায়। কংগ্ৰেছৰ কথা হ’ল আমাক ভোট লাগে আৰু টকা লাগে। চাহবাগিচাত ৭৫ বছৰ ধৰি মাটিৰ পট্টা নিদিলে। ভোট ললে। অসমীয়া মানুহৰ ভোট ললে অসমীয়া মানুহক প্ৰৱঞ্চনা কৰিলে। এইবাৰ যোৰহাটৰ মানুহৰ ভোট ললে কিন্তু সাংসদ।পুজিৰ।কাম নকৰিলে। বাকচত পৰামৰ্শ ললে আৰু পৰামৰ্শবোৰ পেলাই থলে। কংগ্ৰেছ কাৰো বন্ধু নহয়। মিঞা মুছলমানৰো নহয় অসমীয়াৰো।নহয়। হিন্দী ভাষীৰো নহয় বঙালীৰো নহয়। চাহবাগিচাৰো নহয়। তেওঁলোক নিজৰ কাৰণে (Assam Politics News)।”
নাম উল্লেখ নকৰাকৈ সাংসদ ৰকিবুল হুছেইনক সমালোচনাঃ
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে সংবাদমেলত নাম উল্লেখ নকৰাকৈ এসময়ৰ বন্ধু তথা বৰ্তমানৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক সমালোচনা কৰে। তেওঁ কয় , ” কংগ্ৰেছত কোনোবাই প্ৰাৰ্থিত্ব দিম বুলি চাৰিকোটি-তিনিকোটি টকা লৈ লৈছে। কোনোবাই এনেদৰে প্ৰাৰ্থীৰ পৰা ধনলৈ ৰাজকীয় বিয়া পাতিছে। এইবাৰ প্ৰাৰ্থিত্বকলৈ মাৰপিট হব। ধুবুৰীতটো মানুহ থাকিব নোৱাৰা হব। ধুবুৰীত আটাইকেইটা বিধান সভা সমষ্টিত আৰক্ষী দিব লাগিব।”
ৰাজ্যসভাৰ তিনিওখন আসনতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিজেপি মিত্ৰজোটেঃ
ৰাজ্যসভাৰ তিনিওখন আসনতে বিজেপি মিত্ৰজোটে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগত কয়, “বিজেপি, অগপকে ধৰি মিত্ৰজোটে ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে তিনিজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। দুখনত আমি জিকিম। এখনত হাৰিব ও পাৰো জিকিবও পাৰো। বিগত সময়ত অজিত ভূঞাক এজন ভাল ব্যক্তি বুলি ভাবি আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিলো।কিন্তু তেওঁ ৰাজ্যসভাৰ সাংসদ পুঁজিৰ ক্ষেত্ৰত কি কৰিলে।সকলোৱে জানে।”
