CM Himanta Biswa Sarma Explodes Over Alleged Gaurav Gogoi Pakistan Linkপাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ পৰিয়ালৰ আছে গভীৰ সম্পৰ্ক: মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ

গুৱাহাটীঃ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত পুনৰ সৰৱ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত এইবাৰ বিস্ফোৰণ ঘটালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Gaurav Gogoi Pakistan Link)।

নতুন বছৰৰ প্ৰথম দিনটোতেই সাংবাদিকৰ সৈতে হোৱা নতুন দিনৰ আলাপ অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক পাইজান আখ্যা দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “গৌৰৱ গগৈৰ পৰিয়াল পাকিস্তানৰ সৈতে গভীৰ সম্পৰ্ক আছে। ইয়াৰ তথ্য খুব কম সময়তেই আপোনালোকৰ হাতত দি দিম। ইয়াৰ কাৰণে আপোনালোক আৰু বেছি ৰ’ব নালাগে (Assam political controversy)।”

সামাজিক মাধ্যমত গৌৰৱ গগৈক একাংশই পাইজান আখ্যা দিয়া সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “সামাজিক মাধ্যমত কি লিখিছে মই নাজানো। কিন্তু গৌৰৱ গগৈৰ গতি বিধি লক্ষ্য কৰিলে এনে লাগে যে, গৌৰৱ গগৈ পাইজান হৈয়েই (Himanta Biswa Sarma statement)।”

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে। দিল্লীত আয়োজিত এক সংবাদ মেলত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, “নতুন বছৰত মুখ্যমন্ত্ৰীয়ে পাতল কথাবিলাক এৰি গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোচনা কৰিব লাগে (Gaurav Gogoi reaction)।”

বছৰৰ প্ৰথমটো দিনত সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যই ব্যাপক চৰ্চা লাভ কৰিছে ৰাজ্যৰ ৰাজনীতিত।

লগতে পঢ়কঃ Zubeen Garg death justice: জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰক্ৰিয়াৰ বাবে বিশেষ পদক্ষেপ অসম চৰকাৰৰ


Advertisement