নেশ্যনেল ডেস্ক: প্ৰকৃতিৰ ভূ-স্বৰ্গখ্যাত কাশ্মীৰ উপত্যকাত শুকুৰবাৰেও অব্যাহত আছে প্ৰচণ্ড শীতৰ প্ৰভাৱ । বিশ্বখ্যাত স্কি ৰিজ’ৰ্ট গুলমাৰ্গ এইকেইদিন উপত্যকাটোৰ আটাইতকৈ অধিক ঠাণ্ডা স্থান হিচাপে চিহ্নিত হৈছে, য’ত তাপমাত্ৰা নামি মাইনাছ ৭ ডিগ্ৰী চেলচিয়াছ চুইছেগৈ(Gulmarg Freezes Minus 7)। এই তথ্য প্ৰকাশ কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (IMD) ৰ শ্ৰীনগৰ কেন্দ্ৰই।
IMD ৰ মতে, যদিও উপত্যকাটোৰ কেইবাটাও স্থানত নিশাৰ তাপমাত্ৰা সাধাৰণতকৈ অলপ বেছি আছিল, তথাপিও উচ্চ আপেক্ষিক আর্দ্ৰতাৰ বাবে পুৱাৰ সময়ছোৱাত প্ৰচণ্ড শীত অনুভৱ কৰা গৈছে (Kashmir cold wave)। বিশেষকৈ উপত্যকাটোৰ নামনিৰ অঞ্চলসমূহত পুৱাৰ শীত আৰু বৰফে জনজীৱন ব্যাহত কৰি তুলিছে।
ইফালে শ্ৰীনগৰ চহৰত সৰ্বনিম্ন তাপমাত্ৰা ০.১ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছে, যি ঋতুগত গড়তকৈ প্ৰায় ২.৫ ডিগ্ৰী অধিক। যোৱাটো দিনৰ সৰ্বোচ্চ তাপমাত্ৰা ৯.৪ ডিগ্ৰী চেলচিয়াছ আছিল যদিও ছাঁ পৰি থকা অঞ্চলসমূহত বৰফ জমা হৈ থকাৰ খবৰ পোৱা গৈছে (IMD Srinagar forecast)।
আনহাতে উপত্যকাটোৰ আন কেইবাটাও অঞ্চলত তাপমাত্ৰা উল্লেখযোগ্যভাৱে তললৈ নমা বুলি জানিব পৰা গৈছে। পাহালগামত মাইনাছ ৬.২ ডিগ্ৰী, কাজিগুণ্ডত মাইনাছ ১.২ ডিগ্ৰী, কুপৱাৰাত ০.৮ ডিগ্ৰী আৰু কোকৰ্ণাগত মাইনাছ ০.৫ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছে (Jammu Kashmir weather)।
জম্মু বিভাগৰ পাহাৰীয়া অঞ্চলসমূহতো শীতৰ প্ৰভাৱ ভালেখিনিঅনুভৱ কৰা গৈছে । ভদেৰৱাহত সৰ্বনিম্ন তাপমাত্ৰা মাইনাছ ২.৮ ডিগ্ৰী, বাটোতেত ২.৮ ডিগ্ৰী হোৱাৰ বিপৰীতে জম্মু চহৰত ৬ ডিগ্ৰী আৰু কাট্ৰাত ৬.৫ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছে।
IMD ৰ তথ্য অনুসাৰে যোৱা ২৪ ঘণ্টাত উপত্যকাটোৰ কোনো কোনো অঞ্চলত পাতলীয়া বৰষুণ অথবা তুষাৰপাত পৰিছিল। গুলমাৰ্গত প্ৰায় ৫ মিলিমিটাৰ বৰফ/বৰষুণ পৰা পৰিলক্ষিত হয় । লগতে শ্ৰীনগৰ, বানিহাল, কাজিগুণ্ড, কুপৱাৰা আদিতো পাতলীয়া বৰষুণ ৰেকৰ্ড কৰা হৈছে (Western Disturbance Kashmir)।
IMD ই লগতে স্পষ্ট কৰি দিয়া অনুসৰি, ২০ জানুৱাৰীলৈ জম্মু-কাশ্মীৰত কোনো বৃহৎ ৱেষ্টাৰ্ন ডিষ্টাৰ্বেন্সৰ সম্ভাৱনা নাই। তথাপিও এই সময়ছোৱাত কেইটামান দুৰ্বল ৱেষ্টাৰ্ন ডিষ্টাৰ্বেন্স পাৰ হৈ যাব পাৰে, যাৰ ফলত উপত্যকাটোৰ ওপৰৰ অঞ্চলত আংশিক ডাৱৰ আৰু বিচ্ছিন্ন পাতলীয়া তুষাৰপাত হ’ব পাৰে।
এই শুকান বতৰৰ বাবে শীতকালীন বৰষুণ কম হোৱাৰ বিষয়টো এতিয়া চিন্তাৰ কাৰণ হৈ পৰিছে । IMD ৰ তথ্য অনুসাৰে ১ অক্টোবৰ পৰা ৩১ ডিচেম্বৰ ২০২৫ লৈ জম্মু-কাশ্মীৰত স্বাভাৱিকতকৈ মুঠ ৩৯ শতাংশ কম বৰষুণ ৰেকৰ্ড কৰা হৈছে ।এই সময়ছোৱাত যিমান বৰষুণ হ’ব লাগিছিল, তাৰ তুলনাত উপত্যকাটোত মাত্ৰ ৭৭.৫ মিলিমিটাৰ বৰষুণ হোৱাহে পৰিলক্ষিত হয়।
কমকৈ হোৱা বৰষুণৰ এই প্ৰভাৱ উপত্যকাটোত অধিক স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছে । শ্ৰীনগৰত ৫১ শতাংশ কম বৰষুণ হৈছে । বাৰামুল্লা আৰু বুডগাম জিলাতো বৰষুণ যথেষ্ট কম দেখা গৈছে। শোপিয়ান জিলাখনে আটাইতকৈ বেচিকৈ প্ৰভাবিত হৈছে, য’ত প্ৰায় ৭৮ শতাংশ কম বৰষুণ ৰেকৰ্ড কৰা হৈছে। ইয়াৰ উপৰিও লাডাখৰ কাৰ্গিল আৰু লেহ জিলাতো বৰষুণ অত্যন্ত কম হোৱা পৰিলক্ষিত হৈছে।
জম্মুৰ কথা ক’বলৈ গ’লে, এই উপত্যকাটোৰ কেইখনমান জিলাত বৰষুণৰ অৱস্থা আন ঠাইতকৈ অলপ ভাল দেখা গৈছে । পুঞ্চ জিলাত স্বাভাৱিকতকৈ প্ৰায় ২৬ শতাংশ অধিক বৰষুণ হৈছে। ৰাজৌৰিত বৰষুণ প্ৰায় স্বাভাৱিকেই আছিল। ইয়াৰ উপৰিও ডোডা আৰু ৰিয়াসি জিলাতো তুলনামূলকভাৱে উন্নত পৰিমাণৰ বৰষুণ হোৱা বুলি তথ্যত প্ৰকাশ পাইছে।
লগতে পঢ়ক: LVM3-M6 Mission Success: ইছৰোৱে উৎক্ষেপণ কৰিলে BlueBird Block-2, মহাকাশ সংযোগত নতুন যুগ

