নাৰীৰ ওপৰত বেয়া নজৰ নিদিব, এটা বুটাম টিপি দিলেই পৰিব জালত
নাৰী সুৰক্ষাৰ প্ৰশংসনীয় পদক্ষেপ।
মহিলা, কিশোৰীক অশালীন ব্যৱহাৰ কৰিলে টিপিব লাগে এটা মাত্ৰ বুটাম।
কি এই বুটাম?
গুৱাহাটী: এটা বিশেষ বাকচ আৰু এটা বিশেষ বুটাম। বাকচৰ ওপৰত থকা এই বুটাম মন গলেই টিপিব নোৱাৰিব। বিশেষ কিছু কাৰণতহে টিপিব পাৰিব বুটামটোত। এটা মাত্ৰ বুটামে এতিয়াৰ পৰা সুৰক্ষা দিব মহিলা, কিশোৰীক। এটা বুটামে কিদৰে সুৰক্ষা দিব শুনি নিশ্চয় আচৰিত হৈছে আপুনি। হয় এয়াই সত্য। এটা বুটামে এটা এখন চহৰত নিশ্চিত বিপদৰ পৰা সুৰক্ষা দিব মহিলা, কিশোৰীক(Guwahati Women Safety Button)।
নাৰী সুৰক্ষাৰ বাবে অভিনৱ পদক্ষেপ গ্ৰহণ কৰা হৈছে স্মাৰ্ট চিটি গুৱাহাটী মহানগৰীত। স্মাৰ্ট চিটিৰ অংশ হিচাপে গুৱাহাটী মহানগৰীত নাৰী সুৰক্ষাৰ লগতে চুৰি ডকাইতিৰ দৰে অপৰাধ নিয়ন্ত্ৰণৰ লক্ষ্যৰে গ্ৰহণ কৰা হৈছে বিশেষ পদক্ষেপ। গুৱাহাটী মহানগৰীৰ ২০ টাকৈ স্থানত সংস্থাপন কৰা হৈছে এটা বিশেষ বাকচ। বাকছৰ ওপৰতে আছে এটা বিশেষ বুটাম। এই বুটাম টিপি দিয়াৰ লগে লগেই সেই স্থানত উপস্থিত হ’ব আৰক্ষীৰ দল। আৰক্ষী উপস্থিত হৈয়েই বিপদৰ সন্মুখীন হোৱা মহিলা অথৱা কিশোৰীগৰাকীক সুৰক্ষা দিয়াৰ লগতে অশালনীন ব্যৱহাৰ কৰা দুৰ্বৃত্তক কৰায়ত্ব কৰি ব্যৱস্থা গ্ৰহণ কৰিব।
(Women Safety in Guwahati)
গুৱাহাটী মহানগৰৰ ২০ টাকৈ স্থানত জৰুৰী কল বক্স হিচাপে সংস্থাপন কৰিছে এই বিশেষ বাকচ। বিশেষকৈ গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়, কটন বিশ্ববিদ্যালয়, দিছপুৰ কলেজৰ সমীপৰ লগতে মুঠ ২০ টাকৈ স্থানত প্ৰথম পৰ্য্যায়ত সংস্থাপন কৰা হৈছে এই বিশেষ বাকচ। এই বাকচেই এতিয়াৰ পৰা মহিলাৰ সুৰক্ষাৰ দিশটো অধিক সুনিশ্চিত কৰিব বুলি ধাৰণা কৰিছে মহানগৰীৰ বাসিন্দাসকলে।
(Emergency Call Box Assam)
চলিত বৰ্ষৰ শেষৰভাগত অৰ্থাৎ ২৮ ডিচেম্বৰৰ পৰা এই কল বক্সসমূহ সক্ৰিয় হৈ থাকিব ২৪ ঘণ্টাই। মহিলা, কিশোৰীৰ সুৰক্ষাৰ লগতে অপৰাধ নিয়ন্ত্ৰণৰ বাবে জৰুৰী কল বাকচ সংস্থাপন কৰা কাৰ্য্যক প্ৰশংসা কৰিছে বিভিন্নজনে।
(Smart City Guwahati Project)
লগতে পঢ়ক: নগাঁও জিলাত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া ৰহাটকৰ

