ৰহাঃ ১৮৩৬ চনতে স্থাপিত নগাঁও জিলাৰ হাতীচোং মৌজাৰ কুজীডাঁহত অৱস্থিত ঐতিহ্যমণ্ডিত হাতীচোং মজলীয়া বিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী সভা আৰু সাংস্কৃতিক অনুষ্ঠান সোমবাৰে অনুষ্ঠিত হয় (Hatichong Middle English School Annual Function)।
এই অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে কুজীডাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ধৰ্মেশ্বৰী বৰাই। তদুপৰি জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰীসকলে শিল্পীজনৰ মায়াবিনী গীতটো পৰিবেশন কৰে।
ইয়াৰ পিছতে অনুষ্ঠিত হয় বঁটা বিতৰণী সভা আৰু সাংস্কৃতিক অনুষ্ঠান। সভাখন ঔমপ্ৰিয়া দেৱীৰ বৰগীত পৰিৱেশনৰে আৰম্ভ হয়। বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক পল্লৱজ্যোতি বৰাই আঁত ধৰা সভাখনত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মুনীন্দ্ৰ হাজৰিকাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক পৰাণকৃষ্ণ ভূঞা বৰাই।
সভাত অংশগ্ৰহণ কৰি বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা লেখক-সাংবাদিক চন্দনজ্যোতি বৰাই ছাত্ৰ-ছাত্ৰী সকলক সাহসী মানুহ হ’বলৈ আহ্বান জনায়। তেওঁ মহামানৱ মহাত্মা গান্ধীৰ মন্তব্যৰ উদ্ধৃতি দি কয় যে, প্ৰতিজন মানুহেই নিজৰ বিৰুদ্ধেও যুঁজ দিব লাগে। অৰ্থাৎ নিজৰ ভিতৰত থকা বেয়া অভ্যাস, এলাহ আদিৰ বিৰুদ্ধে যুঁজ দিব লাগে।” সাংবাদিক বৰাই লক্ষ্য নিৰ্বাচনৰে পৰিশ্ৰমৰ দ্বাৰা কৃতকাৰ্যতা অৰ্জন কৰিবলৈ আহ্বান জনায়।

অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমৰ জনপ্ৰিয় মিমিক্ৰি শিল্পী তথা শিক্ষা বিষয়া হিমাংশু বৰ্মণে জনতাৰ শিল্পী জুবিন গাৰ্গৰ বহু কেইটা গীত পৰিবেশন কৰাৰ উপৰিও জুবিন গাৰ্গ আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মিমিক্ৰি প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে।
উল্লেখযোগ্য যে বিদ্যালয়ৰ বাৰ্ষিক বঁটা সমূহৰ ভিতৰত শৈক্ষিক বঁটা সমূহ প্ৰদান কৰিছে জ্যেষ্ঠ মীন বিষয়া অঞ্জনজ্যোতি বৰাই। তেওঁ ককাক তথা বিশিষ্ট সমাজকৰ্মী জয়নাথ বৰাৰ সোঁৱৰণত এই বঁটা সমূহ বিতৰণ কৰিছে। অন্যহাতেদি খেল-ধেমালি বঁটা সমূহ প্ৰদান কৰিছে সমাজকৰ্মী দীপেন দাসে । তেওঁ প্ৰয়াত পত্নী ৰীনা দাসৰ সোঁৱৰণত বঁটা সমূহ প্ৰদান কৰিছে।
সভাৰ মাজতে অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীত বেদলিনা বৰাৰ দলে নৃত্য প্ৰদৰ্শন, বিদ্যালয়ৰ ছাত্ৰী সকলে সমবেত সংগীত পৰিবেশন, হৰিপ্ৰিয়া দেৱীৰ দলৰ নৃত্য, স্নেহা হাজৰিকাৰ দশাৱতাৰ নৃত্য প্ৰদৰ্শন, স্নিগ্ধা বৰাৰ আবৃত্তি, গাৰ্গী মেধিৰ আবৃত্তি, লতা ইংতিৰ আবৃত্তি, মিনাক্ষী খৰাই দলৰ মাটি আখৰা, স্নিগ্ধা বৰাৰ দলৰ আধুনিক নৃত্য, বেদান্ত বৰাৰ গীত পৰিবেশন, ৰবিৰাম ইংতি, বাস্তৱ ব্যাস মহন্তৰ গীত পৰিবেশন, ববিতা দাসৰ দলৰ আধুনিক নৃত্য, প্ৰজ্বলিতা হাজৰিকাৰ আবৃত্তি, ঔমপ্ৰিয়া দেৱীৰ দলৰ বিহু, হিমাংকু দাসৰ নৃত্য, নীপ কুমাৰ নাথৰ গীত পৰিবেশন, অভিলাষা কাশ্যপ বৰাৰ নৃত্য প্ৰদৰ্শন, ৰজনী ৰংফাপীৰ দলৰ নৃত্য প্ৰদৰ্শনে সকলোকে মুগ্ধ কৰে।
অনুষ্ঠানত হাতীচোং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা প্ৰণতি শইকীয়া বৰা আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ধৰ্মেশ্বৰী বৰা, সমাজকৰ্মী দীপেন দাসে ভাষণ প্ৰদান কৰে। সভাত কুজীডাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰঞ্জন বৰা, বিদ্যালয়ৰ সহকাৰী শিক্ষক সমীৰ হাজৰিকা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ৰমণী বৰা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰুণু বৰা, হিৰণ্য ভূঞা, দীগেন চন্দ্ৰ বৰা, গাঁও পঞ্চায়তৰ সভানেত্ৰী জ্যোতিস্না দাস, সমাজসেৱিকা সৰস্বতী বৰা, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী ক্ৰমে ৰন্টু দাস, দীপালী শইকীয়া, জুৰিপ্ৰভা ডেকা, মৃদু পংখী বৰা, চন্দা কুমাৰী, শিল্পী শিখা গায়ন, দৃষ্টি হাজৰিকা আদিয়ে অংশগ্ৰহণ কৰে।
লগতে পঢ়কঃ নগাঁও প্ৰিন্ট মিডিয়া এছ’চিয়েছনৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা
