গুৱাহাটীঃ অহা ১৪ ফেব্ৰুৱাৰী, শনিবাৰে এদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণকালত তেওঁ ৰাজ্যত কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ উদ্বোধন কৰিব। বুধবাৰে অনুষ্ঠিত এক সংবাদ মেলত এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমে ডিব্ৰুগড়ৰ চাবুৱা বিমানবন্দৰত অৱতৰণ কৰিব আৰু তাৰ পিছতে মৰাণলৈ গৈ ‘এডভান্সড ইমাৰ্জেন্সী লেণ্ডিং ফেচিলিটি’ (AELF)ৰ উদ্বোধন কৰিব (Highway Landing Facility Assam)।
মৰাণত নিৰ্মিত এই এডভান্সড ইমাৰ্জেন্সী লেণ্ডিং ফেচিলিটি উত্তৰ-পূবৰ প্ৰথম হাইৱে-ভিত্তিক লেণ্ডিং সুবিধা। ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ (বা এনএইচ-২)ৰ প্ৰায় ৪.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশত নিৰ্মিত এই ব্যৱস্থা যুদ্ধকালীন বা দুৰ্যোগজনিত পৰিস্থিতিত সামৰিক বিমান অৱতৰণৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব। চীন সীমান্তৰ পাশ্বৱৰ্তী এলেকাত সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰতো এই প্ৰকল্প অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত
মুখ্যমন্ত্ৰীৰ মতে, উদ্বোধনৰ পিছতে ভাৰতীয় বায়ুসেনাৰ ১৬ খন যুঁজাৰু বিমান—য’ত ৰাফেল, সুখই আৰু তেজাছ আদি অন্তৰ্ভুক্ত—মৰাণৰ এই সুবিধাত অৱতৰণ আৰু উৰণ সম্পন্ন কৰিব। তাৰ পিছত প্ৰধানমন্ত্ৰীও একে স্থানৰ পৰাই বিমানযোগে গুৱাহাটীলৈ ৰাওনা হ’ব।
গুৱাহাটীত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মিত গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী নতুন দলঙখন উদ্বোধন কৰিব। স্থাপত্যকলাৰ এক অনন্য নিদৰ্শন হিচাপে চিহ্নিত এই দলঙে দুয়ো পাৰৰ যাতায়াত ব্যৱস্থা অধিক সহজ কৰি তুলিব বুলি আশা কৰা হৈছে। তদুপৰি, লাচিত ঘাটৰ পৰা তেওঁ ভাৰ্চুৱেল মাধ্যমত আই আই এম গুৱাহাটীৰ অস্থায়ী চৌহদৰ উদ্বোধনো কৰিব।
ইয়াৰোপৰি, আমিনগাঁৱত নিৰ্মিত এক ‘হাইপাৰ স্কেল ডাটা চেণ্টাৰ’ উদ্বোধন কৰাৰ লগতে ৰাজ্যবাসীক প্ৰায় ১০০খন ইভি আৰু চি এন জি বাছ উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে।
দিনজোৰা কাৰ্যসূচীৰ অন্তত, তেওঁ খানাপাৰাৰ ভেটেৰিনাৰী খেলপথাৰত অনুষ্ঠিত বিজেপিৰ বুথ সন্মিলনীত অংশগ্ৰহণ কৰি বিজেপি কৰ্মীসকলক সম্বোধন কৰিব। এই সন্মিলনীত লক্ষাধিক বুথ পৰ্যায়ৰ কৰ্মী উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। সন্ধিয়াৰ ভাগত প্ৰধানমন্ত্ৰী পুনৰ নতুন দিল্লীলৈ উভতি যাব।
লগতে পঢ়কঃ এটা মাহত দুবাৰকৈ অসম ভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
