CM Himanta Biswa Sarma Says Good Journalists Will Be Rewarded After Electionsনিৰ্বাচনৰ পিছত ভাল সাংবাদিক, বেয়া সাংবাদিক চিনাক্ত কৰিব মুখ্যমন্ত্ৰীয়ে

গুৱাহাটীঃ নিৰ্বাচনৰ পিছত ভাল সাংবাদিকক পুৰস্কৃত কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma journalists remark)। শৰ্মাই শণিবাৰে সাংবাদিকৰ আগত কয়, “যি সকলে সঁচাকৈয়ে ভাল সাংবাদিকতা কৰি আছে তেওঁলোককো চাব লাগিব। কিন্তু এইবোৰ সিদ্ধান্ত মই ল’ব নোৱাৰো। এটা প্ৰক্ৰিয়াৰ মাজৰে সাংবাদিককে চিনাকি কৰি দিম যে ভাল সাংবাদিক কেইজনক আমাক চিনাকি কৰি দিয়ক (Assam CM media statement)। যাতে তেওঁলোকক আমি সহায় কৰিব পাৰো।” মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়, ” নিৰ্বাচনৰ পিছত সাংবাদিকৰ নামত বদনাম কৰি থকা সকলকো চাব লাগিব। সঁচাকৈয়ে ভাল সাংবাদিকতা কৰা সকলকো চাব লাগিব।” ডঃ শৰ্মাই কয়, ” একাংশই চৰকাৰী চাকৰি কৰি সাংবাদিকতা, জীৱন বীমাৰ এজেণ্টৰ দায়িত্ব পালন কৰি থাকে। আন একাংশই চৰকাৰী চাকৰি কৰাৰ পিচত প’ৰ্টেল খুলি সাংবাদিককে গালি পাৰি থাকে। মই এইবোৰ চাই থাকো। কিন্তু মোৰ ধৈৰ্য অধিক (Journalism controversy Assam)।

৯১টা সমষ্টিত সামৰণি মহিলা উদ্যমিতা আঁচনিৰ কাৰ্যসূচী

বৰক্ষেত্ৰী সমষ্টিৰ ৩০ হাজাৰ ৮০০ মহিলাক উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলো।ইয়াকে ধৰি একান্নবৈটা সমষ্টিত এই কাৰ্যসূচীৰ সামৰণি পৰিল। ৯ ফেব্ৰুৱাৰীৰ আগত অসমৰ বাকীকেইটা সমষ্টিতো পুঁজি বিতৰণৰ কাৰ্যসূচীৰ সামৰণি পৰিব।

শেহতীয়াকৈঢ যোগদান কৰা প্ৰাক্তন আছু নেতাই লাভ নকৰে টিকত

শংকৰজ্যোতি বৰুৱাক কৈছো আপোনালোকে যোগদান কৰিছে স্বাগতম জনাইছো। কিন্তু এইবাৰেই প্ৰাৰ্থিত্ব লাভ নকৰে। আপোনালোকে দলৰ বাবে কাম কৰক। কেইবাজনো ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতাই বিজেপিত যোগদান কৰিছে। সকলোকে কৈছো শেষ সময়ত যোগদান কৰিছে টিকটৰ আশাত কৰিব নালাগে (Assam politics news)।
প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত মিত্ৰ দলসমূহৰ লগত বুজাবুজি হৈ গৈছে।

১০৬ টা সমষ্টিতে বিজেপি জিকিব

“১০৬ টা সমষ্টিতে বিজেপি জিকিব।” সাংবাদিকৰ আগত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, “কিন্তু মানুহেও জিকাব লাগিব। যদি মানুহে জিকাম বুলি ভাবে ১০৬টালৈকে জিকাব পাৰে। তাৰ ওপৰত নোৱাৰে।” মিত্ৰতাৰ প্ৰসংগত তেওঁ কয়, “পূৰ্বতে যেনেদৰে আছিল তেনেদৰেই হ’ব। কোনোবা আসনত আমি উঠিম। কোনোবা আসনত অগপ জিকিব। অলপ ইফাল সিফাল হ’ব। সংখ্যা এটা দুটা বাঢ়িব পাৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে- ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু জয়ন্তমল্ল বৰুৱাই অগপৰ লগত কথা পাতি আছে। প্ৰাথমিক পৰ্যায়ৰ বুজাবুজি হৈ গৈছে।”

লগতে পঢ়কঃমিঞাসকল কষ্ট পায়েই থাকিব: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা


Advertisement